29.4 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeআমাৰ সাংবাদিকধুবুৰীৰ ঢোৰাৰঘাটত "কল্পতৰু ধুবুৰী"  আৰু "জীয়া এণ্টাৰ প্ৰাইজ"ৰ উদ্যোগত ৭০০ গছপুলি ৰোপনেৰে...

ধুবুৰীৰ ঢোৰাৰঘাটত “কল্পতৰু ধুবুৰী”  আৰু “জীয়া এণ্টাৰ প্ৰাইজ”ৰ উদ্যোগত ৭০০ গছপুলি ৰোপনেৰে শ্ৰী শ্ৰী ৰবি শংকৰ জিৰ ৭০ তম জন্ম দিৱস উদযাপন

দুৰ্নীতি দৰ্পণ, ধুবুৰী, ১৩ মে ২৬ঃ আজি ৰাতিপুৱা কিনকিনিয়া বৰষুণক নেওচি “কল্পতৰু ধুবৰী” আৰু “জীয়া এন্টাৰ প্ৰাইজ” এই দুই বেচৰকাৰী সংগঠনৰ উদ্যোগত যোগগুৰু শ্ৰী শ্ৰী ৰবিশংকৰ দেৱৰ ৭০ তম জন্ম দিৱস ধুবুৰী জিলাৰ ঢ়োৰাৰঘাট অঞ্চলত অতি উলহ-মালহৰে জন্ম জয়ন্তী উদযাপন কৰে। উল্লেখ্য যে “কল্পতৰু ধুবুৰী” সংগঠনৰ সভাপতি সূচীব্ৰত সিংহ চৌধুৰীৰ নেত্ৰীত্বত আৰু জিয়া ফাউণ্ডেচৰ সহযোগত আজিৰ দিনটোত শ্ৰী শ্ৰী ৰবিশংকৰ দেৱৰ ৭০ তম জন্ম দিৱস উপলক্ষে এই দুটা সংগঠনে মিলি ধুবৰী জিলাৰ ৭০ খন ভিন্ন ভিন্ন গাওঁত খালি ঠাই দেখি প্ৰতিখন গাওঁত কমেও দহটা কৈ মেহগণি গছৰ পুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু সেইমতে আজিৰ দিনটোৰ ৰাতিপুৱাৰ ভাগত ধুবুৰীৰ বিভিন্ন স্থানত অৰ্থাৎ ৭০ খন গাওঁত কম পক্ষেও দহ টাকৈ গছপুলি প্ৰেৰণ কৰি ৰোপণ কৰে। আৰু এই গছপুলি বিলাকৰ উপযুক্ত বেৰ দিয়াৰ ব্যৱস্থাও কৰা হয় ।
আৰু আজি ৰাতিপুৱা নেৰা নেপেৰা বৰষুণৰ মাজতো উক্ত অনুষ্ঠানত মানুহৰ সমাগম লেখত লবলগীয়া বুলি উল্লেখ কৰে “কল্পতৰু ধুবুৰীৰ” সভাপতি সূচীব্ৰত সিংহ চৌধুৰী দেবে। আৰু চৌধুৰীয়ে জনোৱা মতে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে ব্রহ্মচাৰী শ্ৰী অচ্যুত দেৱ,অবিভক্ত গোৱালপাৰা জিলা ধুবুৰী জিলা আক্ৰাছুৰ সভাপতি দামোদৰ ৰায়, সীমান্ত চেতনা মঞ্চৰ কেন্দ্ৰীয় সম্পাদক যোগান চন্দ্ৰ ৰায়, বিশিষ্ট সমাজ সেৱক তিলক চন্দ্ৰ ৰায়, ধৰ্মশালা ব্লক সভাপতি শ্ৰী প্ৰদীপ কুমাৰ ৰায়, গাইখোৱা পঞ্চায়ৰ সদস্য শ্বিপুল চন্দ্ৰ ৰায়। তাৰ উপৰিও উক্ত অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তিয়ে যোগদান কৰে বুলি জানিব পৰা গৈছে। এই গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যৰ্সূচীত অংশ লব পাই গাওঁ বাসীৰ পৰা আৰম্ভ কৰি সকলোৱে খুব আনন্দৰ লগতে সুখ প্ৰকাশ কৰে। তাৰ লগতে পৰিবেশ নিয়ন্ত্ৰণৰ ওপৰত লোৱা এনে পদক্ষেপক সকলোৱে আন্তৰিকতাৰে আদৰি লয় আৰু এই কামৰ লগত যুক্ত সকলো সদস্যকে দ্বিগুন উৎসাহেৰে আগবাঢ়ি যাবলৈ আগ্ৰহ প্ৰকাশ কৰে “কল্পতৰু ধুবুৰীৰ” সভাপতিয়ে।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular