আগন্তুক বিধানসভা নিৰ্বাচনত অগপ দলৰ পৰা ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী হৈ মুন আহমেদ বিচাৰিছে দলীয় টিকট
দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী ১১ মাৰ্চ ২৬ঃ ধুবুৰী জিলাৰ ধুবুৰী বিধান সভা সমষ্টিৰ আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট দলৰ অৰ্থাৎ অগপ দলৰ আশাবাদী প্ৰাৰ্থী হিচাপে ধুবুৰী সমষ্টি বাসী ৰাইজে বিচাৰিছে স্থানীয় খিলঞ্জীয়া লোক তেনে সময়তে ধুবুৰী অঞ্চলৰ বিশিষ্ট সমাজ সেৱক মুন আহমেদে ঐতিহ্য মন্ডিত ধুবুৰী সমষ্টিত নিৰ্বাচন খেলাৰ বাবে মন মেলিছে। উল্লেখ্য যে মুন আহমেদে ধুবুৰী জিলাৰ প্ৰাক্তন ছাত্ৰ নেতা লগতে সমাজ সেৱক হিচাপে সমাজৰ হিত কামৰ বাবে ওতপ্রোতভাবে জৰিত হৈ আহিছে।
ৰাজ্যৰ বিজেপি তথা ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সকলে ক্ষেত্ৰত অগ্ৰাধিকাৰ দি আহিছে। ৰেচন কাৰ্ড, অৰুণোদয়, প্ৰধানমন্ত্ৰী আবাস ঘৰ,নিযুত মইনা,
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ইত্যাদি প্ৰায় সকলো আঁচনি অসমৰ সৰ্বসাধাৰণ যোগ্য হিতাধিকাৰীক সু অগ্ৰাধিকাৰ দি আহিছে। আৰু ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ শাসিত চৰকাৰৰ মিত্ৰজোঁট দল যিহেতু অসম গণ পৰিষদ, তাৰ বাবে অসম গণ পৰিষদৰ পৰা স্থানীয় খিলঞ্জীয়া লোক বিচাৰিছে ধুবুৰী সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে।
আৰু যিহেতু
প্ৰায় ২ লাখ ৩৩ হেজাৰ ভোটাৰ সম্পন্ন ধুবুৰী বিধান সভা সমষ্টিত অগপ দলৰ বাবে বিভিন্ন অঞ্চল আৰু গাওঁ সমুহৰ পৰা যুৱ সমাজ সেৱক মুন আহমেদৰ হৈ আগবাঢ়ি আহিব ধুবুৰী সমষ্টিৰ ভোটাৰ সকলে আৰু উক্ত সমষ্টিটো বাবে যোগ্য প্ৰাৰ্থী হিচাপে মুন আহমেদৰ নাম সমষ্টিটোত বিশেষকৈ চৰ্চিত হৈ আছে বুলিও জনা হৈছে। আৰু মুন আহমেদ যিহেতু অগপ দলৰ এজন সক্ৰিয় তথা নিষ্ঠাৱান সদস্য তাৰ বাবে নিজ দলৰ পৰা উক্ত সমষ্টিটোৰ নিৰ্বাচন খেলাৰ বাবে টিকট লাভ কৰিব বুলি আশাবাদী হৈ আছে। লগতে কিছু জেষ্ঠ সমাজ সেৱকৰ মতে মুন আহমেদ যিহেতু ধুবুৰী বিধান সভা সমষ্টিত আগন্তুক বিধান সভা নিৰ্বাচনত অগপ দলৰ পৰা দলীয় টিকট প্ৰদান কৰিলে নিশ্চিতভাৱে জয়লাভ কৰিব বুলি ধুবুৰী সমষ্টি লগতে ধুবুৰীৰ বিভিন্ন মহলত চৰ্চিত হৈ আছে বুলি জানিবলৈ পোৱা গৈছে।

