35.9 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeআঞ্চলিকমাজুলী মহাবিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন , ‘জীৱনত সফলতাৰ বাবে ক্লেশ...

মাজুলী মহাবিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন , ‘জীৱনত সফলতাৰ বাবে ক্লেশ সহ‍্য কৰিবই লাগিব’— ডঃ দেৱজিৎ শইকীয়া

মাজুলী মহাবিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন , ‘জীৱনত সফলতাৰ বাবে ক্লেশ সহ‍্য কৰিবই লাগিব’— ডঃ দেৱজিৎ শইকীয়া

বিকাশ শইকীয়া, মাজুলী: ৫ মাৰ্চঃ মাজুলী মহাবিদ্যালয়ৰ ৪৯ সংখ‍্যক মহাবিদ‍্যালয় সপ্তাহৰ বাৰ্ষিক বঁটা বিতৰণী সভাখন আজি সম্পন্ন হয়। পুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ পৰিচালক নাৰায়ণ শইকীয়া, কৰ্মচাৰী অতুল বৰা, ভৱেন শইকীয়া, প্ৰশান্ত পায়েং, মংগলা পায়েং, ৰত্ন বৰা, নৈশ চকীদাৰ মাণিক ৰেগন আৰু অনাময় কৰ্মী দীপক দাসৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলে মহাবিদ্যালয় চৌহদত পৰিৱেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। বিয়লি ১ বজাৰ পৰা মহাবিদ‍্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহৰ ৰুদ্ৰকান্ত ঝা সোঁৱৰণী মঞ্চত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে কিছুদিনৰ পূৰ্বে পৰলোকপ্ৰাপ্তি ঘটা মহাবিদ‍্যালয়খনৰ ইংৰাজী বিভাগৰ প্ৰতিষ্ঠাকালৰ অধ‍্যাপক ৰুদ্ৰকান্ত ঝাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ‍্য তৰ্পণ কৰে ক্ৰমে প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া আৰু শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়াই। মহাবিদ‍্যালয়ৰ শিক্ষাৰ্থীসকলে ডঃ দেৱজিৎ শইকীয়া ৰচিত আৰু অনিল বৰা সুৰাৰোপিত মহাবিদ‍্যালয়ৰ গীতটি পৰিৱেশন কৰাৰ পাছতেই একতা সভাৰ সাধাৰণ সম্পাদক মানৱজ‍্যোতি পায়েঙে সকলোকে আদৰণি জনায়। উদ্দেশ‍্য ব‍্যাখ‍্যা কৰে ছাত্ৰ একতা সভাৰ সভানেত্ৰী কাকুলী পগাগে। শিক্ষাৰ্থী কৌশিক চুতীয়া আৰু মমী দলেয়ে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। সভাখনিত উদ্বোধনী বক্তব‍্য আগবঢ়ায় মহাবিদ‍্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ জ‍্যেষ্ঠ অধ‍্যাপক ডঃ ৰাজেন চন্দ্ৰ বৰাই। সভাপতিৰ মন্তব‍্যত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “জীৱনত সফলতাৰ বাবে ক্লেশ সহ‍্য কৰিবই লাগিব। জীৱনৰ কঠিন প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সাহস ছাত্ৰকালতে গোটাব লাগিব। প্ৰতিযোগিতাত অনুত্তীৰ্ণ হোৱাৰ অভিজ্ঞতাই মানুহক ধৈৰ্যশীল হোৱাৰ শিক্ষা দিয়ে।” মহাবিদ্যালয় সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণে তেওঁলোকৰ সৰ্বাংগীণ উন্নয়নত সহায়ক হ’ব বুলিও তেওঁ মত পোষণ কৰে। সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ সহকাৰী শিক্ষক ডিম্বেশ্বৰ ভূঞাই কয়, “আমি যন্ত্ৰ দাস হ’ব নালাগে, যন্ত্ৰকহে আমাৰ দাস হিচাপে ব‍্যৱহাৰ কৰিব লাগে। উপস্থিত শিক্ষকসকলৰ মন্তব্যত প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়াই সভাত মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অভ‍্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক বসন্ত বৰা, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, সম্পাদক ডঃ অনুপ কুমাৰ দলে, জ্যেষ্ঠ অধ্যাপিকা গীতাৰাণী গোস্বামী, ডঃ ৰূপজ্যোতি বৰা, প্ৰণীতা ৰাজখোৱা, ডঃ দুলাল হাজৰিকা প্ৰমুখ্যে শিক্ষকসকলৰ লগতে তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাখনিত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বাৰেৰহণীয়া গীত-নৃত্যৰ পৰিৱেশনেৰে জীপাল কৰি তোলে।মহাবিদ্যালয় সপ্তাহত অনুষ্ঠিত প্ৰতিযোগিতাত ৰাজনীতি বিজ্ঞান বিভাগে শ্ৰেষ্ঠ বিভাগ, বৰ্ণিতা ভূঞাই শ্ৰেষ্ঠ গায়ক, নৱজ‍্যোতি পায়েঙে শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ, সোণজনী গামে শ্ৰেষ্ঠা খেলুৱৈ, জয়সিং ক্ৰ’ মিষ্টাৰ মাজুলীয়ান, কুঁকি বৰাই মিছ মাজুলীয়ান, বৈষ্ণৱী ভূঞাই শ্ৰেষ্ঠ নৃত‍্য প্ৰতিযোগী, দীপিকা শইকীয়াই শ্ৰেষ্ঠ সাহিত‍্য প্ৰতিযোগী, ভাগ‍্যপ্ৰিয়া বৰাই শ্ৰেষ্ঠ ব‍্যক্তিত্বসম্পন্ন শিক্ষাৰ্থীৰ বঁটা লাভ কৰে। সভাৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে ছাত্ৰ একতা সভাৰ সভানেত্ৰী কাকুলী পগাগে।

RELATED ARTICLES
Lucknow
overcast clouds
36 ° C
36 °
36 °
41 %
6.1kmh
100 %
Wed
35 °
Thu
36 °
Fri
34 °
Sat
35 °
Sun
35 °

Most Popular