40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমপুঠিমাৰী নৈত গা ধুৱলৈ গৈ নিখোজ হোৱা তিনিগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ ,...

পুঠিমাৰী নৈত গা ধুৱলৈ গৈ নিখোজ হোৱা তিনিগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ , হাজোত শোকাকুল পৰিবেশ

পুঠিমাৰী নৈত গা ধুৱলৈ গৈ নিখোজ হোৱা তিনিগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ , হাজোত শোকাকুল পৰিবেশ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, হাজো,৫ মাৰ্চ: কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোত ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে কালি সংঘটিত হৈছে এক হৃদয় বিদাৰক শোকাৱহ ঘটনা।এনে ঘটনাৰ পিছতে সমগ্র হাজোত যেন অভিশপ্ত হৈ পৰিল হোলী উৎসৱ।ইফালে কালিৰ ঘটি যোৱা ঘটনাটোৱে সমগ্র তীৰ্থনগৰী হাজোবাসীক শোকস্তব্দ কৰি তুলিছে।কালি দিনৰ ভাগত ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে সাত বন্ধুৱে মিলি ভোজ-ভাত খাবলৈ গৈছিল হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত নয়নপুৰস্থিত পুঠিমাৰী নৈৰ ঘাটলৈ। জানিব পৰা মতে, কালি দিনৰ ভাগত ৰন্ধন কাৰ্য সমাপন হোৱাৰ পিছত নৈত গা ধূবলৈ নামিছিল তিনি গৰাকী বন্ধুৱে। পুঠিমাৰী নৈত নমাৰ পিছতে হঠাৎ সন্ধানহীন হৈ পৰে ক্ৰমে নয়নপুৰৰ জয়প্ৰকাশ কলিতা (২৮),পাখামেলাৰ বিশাল দাস (২৩) আৰু শান্তিপুৰৰ সন্দীপ কলিতা (২২) নামৰ তিনিগৰাকী যুৱক।এনে শোকাবহ ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে পুঠিমাৰী নৈৰ পাৰত অগণন লোকৰ সমাগম হয়।ইফালে তিনি যুৱকৰ সন্ধান বিচাৰি পুঠিমাৰী নৈৰ বুকুত হাজো থানাৰ আৰক্ষী, ৰামদিয়া আৰক্ষীৰ সহযোগত এছ ডি আৰ এফে নিশালৈকে অভিযান চলাই। এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলটোৱে পুঠিমাৰী নৈৰ বুকুত দীৰ্ঘ সময় ধৰি চলোৱা অভিযান পিছত নিখোজ হোৱা তিনিওগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে। পিছত উদ্ধাৰকৃত মৃতদেহ তিনিওটা হাজো আৰক্ষীয়ে থানালৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে পুঠিমাৰী নৈৰ বুকুত নিখোজ যুৱক নয়নপুৰৰ উমেশ কলিতাৰ পুত্ৰ জয়প্ৰকাশ কলিতা খুবেই অমায়িক আৰু সুস্থ চিন্তাধাৰাৰ এগৰাকী যুৱক আছিল।পাণ্ডূ মহাবিদ্যালয়ত বিজ্ঞান শাখাত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰাই মি:কামৰূপ, নৰ্থ ইস্ট তথা বিভিন্ন পৰ্য্যায়ত নিজৰ শাৰীৰিক পাৰদৰ্শিতা দেখুৱাই সফলতা অৰ্জন কৰিছিল। হাজো পাখামেলাৰ জগদীশ দাসৰ পুত্ৰ বিশাল দাস শৰীৰ চৰ্চাবিদ ৰূপে পৰিচিত আছিল। আনহাতে নিখোজ হোৱা আনগৰাকী যুৱক হৈছে হাজো শান্তিপুৰ নিবাসী প্ৰাণেশ্বৰ কলিতাৰ পুত্ৰ সন্দীপ কলিতা। তিনিগৰাকীকৈ নিখোজ যুৱকৰ মৃতদেহ নিশা উদ্ধাৰৰ পিছত হাজোত বিৰাজমান হৈছে শোকাকুল পৰিবেশ। আজি মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ নিজ নিজ পৰিয়ালৰ লোকে চমজি লৈ স্থানীয় ভাবে সৎকাৰ কৰাৰ সময়ত এক শোকাকুল পৰিবেশ বিৰাজমান হৈ পৰে।আনহাতে তিনিওগৰাকী যুৱকৰ শোকাবহ মৃত্যুত হাজোৰ বিভিন্ন অনুষ্ঠান, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular