29.4 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeআঞ্চলিকমূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদ: চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিক্ষোভ সমদল

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদ: চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিক্ষোভ সমদল

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদ: চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিক্ষোভ সমদল

দুৰ্নীতিৰ দৰ্পন, মকিবুদ্দিন আহমেদ, মৰিগাওঁ সদৰ ২২ মে’ : সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো সুলভ মূল্যৰ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ কেন্দ্ৰীয় আহ্বান মৰ্মে আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই এক বিশাল বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰী ছাত্ৰ সন্থাই মূলতঃ তলত উল্লেখ কৰা দাবীসমূহ উত্থাপন কৰে:

প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য হ্ৰাস: পেট্ৰ’ল, ডিজেল, ইন্ধনজাত সামগ্ৰী আৰু জীৱনদায়িনী ঔষধৰ লগতে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ তীব্ৰ দাবী জনোৱা হয়।

চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদ: বজাৰ নিয়ন্ত্ৰণ কৰাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ সন্থাই চৰকাৰৰ এই নিষ্ক্ৰিয়তাৰ তীব্ৰ বিৰোধিতা কৰে।

হাতে হাতে বেনাৰ, প্লেকাৰ্ড আৰু প্ৰতীক গেছ চিলিণ্ডাৰ লৈ প্ৰতিবাদকাৰী সকলে চৰকাৰী নীতিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি মৰিগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। আছুৰ নেতৃত্বই সকীয়াই দিয়ে যে যদিহে শীঘ্ৰে এই জনবিৰোধী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ দিয়া নহয়, তেন্তে আগন্তুক দিনত এই আন্দোলন আৰু অধিক জংগী হৈ পৰিব।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular