শ্বহীদ নগেন ডেকা গাওঁ পঞ্চায়তৰ ৭৯নং বুথত চোতাল বৈঠক সম্পন্ন–
ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ হাজো,২৪ফেব্ৰুৱাৰী: হাজো-শুৱালকুছি সমষ্টিৰ শ্বহীদ নগেন ডেকা গাওঁ পঞ্চায়তৰ ৭৯নং বুথত আজি বিজেপিৰ এখন চোতাল বৈঠক অনুষ্ঠিত হৈ যায়। এই চোতাল বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰকাশ চন্দ্ৰ দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ উন্নয়ন সাধনে জনসাধাৰণ বাৰুকৈয়ে উপকৃত হোৱা বুলি উল্লেখ কৰে।
কেবাশতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা চোতাল বৈঠকত অংশগ্ৰহণ কৰি প্ৰকাশ চন্দ্ৰ দাসে পুনৰ কয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বত বিজেপি চৰকাৰৰ দিনত গাৱে ভূয়ে সৰ্বদিশতে সৰ্বাংগীন উন্নয়ন চৌদিশে প্ৰতিফলিত হৈছে বুলি উল্লেখ কৰে।৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্যা ৰেৱতী ডেকা মজুমদাৰৰ নেতৃত্বত অনুষ্ঠিত চোতাল বৈঠকত বিজেপিৰ কাৰ্য্যকৰ্তা হেমন্ত বেজবৰুৱা,দিপাঞ্জলী ডেকা দাসকে ধৰি বিজেপিৰ হাজো মণ্ডলৰ দলীয় একাংশ কাৰ্য্যকৰ্তা উপস্থিত থাকে।

