41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমজাগীৰোড সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বুবুল দাসৰ মনোনয়ন পত্ৰ দাখিল

জাগীৰোড সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বুবুল দাসৰ মনোনয়ন পত্ৰ দাখিল

জাগীৰোড সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বুবুল দাসৰ মনোনয়ন পত্ৰ দাখিল
দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২৩ মাৰ্চ :- ষষ্ঠদশ অসম বিধানসভা ‘২৬ ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী তথা অন্যান্য ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলে নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখ্য যে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। এই অন্তিম দিনটোত ৫২ নং (অঃজাঃ) জাগীৰোড বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী একালৰ মন্ত্ৰী বুবুল দাসে সহস্ৰাধিক দলীয় সমৰ্থকক লৈ এক বিশাল শোভাযাত্ৰাৰে মনোনয়ন পত্ৰ দাখিল কৰে মৰিগাঁও আয়ুক্ত কাৰ্যালয় তথা জিলাৰ মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ত। মনোনয়ন পৰ্বৰ প্ৰাকক্ষণত সত্য, ন্যায় আৰু অহিংসাৰ পথত থাকি অসমত গৌৰৱ গগৈৰ নেতৃত্বত এখন স্বচ্ছ, নিকা আৰু দুৰ্নীতিমুক্ত চৰকাৰ প্ৰতিষ্ঠাৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী বুবুল দাসে। লক্ষণীয় যে অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিচিত জাগীৰোড সমষ্টিত এইবাৰ কেৱল দুগৰাকী প্ৰাৰ্থীয়েহে মনোনয়ন পত্ৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। সেয়ে এইবাৰ বুবুল দাসৰ একমাত্ৰ প্ৰতিদ্বন্দ্বি হ’ব বিজেপিৰ মনোনীত প্ৰাৰ্থী পীয়ুষ হাজৰিকা। বিগত চৰকাৰৰ এগৰাকী প্ৰতাপী মন্ত্ৰী পীয়ুষ হাজৰিকাক পৰাভূত কৰিবলৈ পূৰ্বৰ দুটা কাৰ্যকালৰ বিধায়ক আৰু এটা কাৰ্যকালৰ মন্ত্ৰী বুবুল দাসে কি ৰণকৌশল অৱলম্বন কৰে সেয়া হ’ব লক্ষণীয়।

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular