29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeআমাৰ সাংবাদিকলক্ষীপুৰৰ জলেশ্বৰ সমষ্টিৰ অন্তগৰ্ত পামেৰবালাত অৰুণোদয় আঁচনিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি: বুথ...

লক্ষীপুৰৰ জলেশ্বৰ সমষ্টিৰ অন্তগৰ্ত পামেৰবালাত অৰুণোদয় আঁচনিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি: বুথ সভাপতিৰ বিৰুদ্ধে অনা অভিযোগ অস্বীকাৰ

লক্ষীপুৰৰ জলেশ্বৰ সমষ্টিৰ অন্তগৰ্ত পামেৰবালাত অৰুণোদয় আঁচনিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি: বুথ সভাপতিৰ বিৰুদ্ধে অনা অভিযোগ অস্বীকাৰ

দুৰ্নীতিৰ দৰ্পন: গোৱালপাৰা ষ্টাফ ৰিপ’ৰ্টাৰ,২৩ মাৰ্চ: গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ অন্তৰ্গত পামেৰবালাত অৰুণোদয় আঁচনিক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পামেৰবালা বুথ কমিটিৰ সভাপতি আবু ছালাম (ছালু)ৰ বিৰুদ্ধে একাংশ দৰিদ্ৰ বিধৱা মহিলাই অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰি দিয়াৰ বিনিময়ত এহাজাৰৰ পৰা দুহাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিবাদকাৰী মহিলাসকলৰ অভিযোগ অনুসৰি, ধন আদায় দিয়াৰ পাছতো তেওঁলোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই। ইয়াৰ বিপৰীতে একাংশ ধনী পৰিয়ালৰ লোকেহে এই আঁচনিৰ সুবিধা লাভ কৰা বুলি তেওঁলোকে দাবী কৰিছে। এই অনিয়মৰ বিৰুদ্ধে আৰু বুথ সভাপতিজনৰ শাস্তিৰ দাবীত স্থানীয় একাংশ লোকে এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে। আনহাতে, তেওঁৰ বিৰুদ্ধে উত্থাপিত এই সমস্ত অভিযোগ ভিত্তিহীন আৰু মিছা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বুথ সভাপতি আবু ছালামে। তেওঁ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে: কালি তেওঁৰ বিৰুদ্ধে সম্প্ৰচাৰিত বাতৰিটো সম্পূৰ্ণৰূপে অসত্য। ​যিসকল মহিলাই অভিযোগ উত্থাপন কৰিছে, তেওঁলোকৰ আবেদনসমূহ প্ৰক্ৰিয়াকৰণৰ বাবে তেওঁ যথোচিত পদক্ষেপ গ্ৰহণ কৰিছিল। আবেদনসমূহ গ্ৰহণ নকৰাৰ বাবেহে আঁচনিৰ সুবিধা পোৱা নাই আৰু ইয়াৰ সম্পূৰ্ণ তথ্য তথা প্ৰমাণ তেওঁৰ হাতত মজুত আছে। ​পামেৰবালাৰ এই ঘটনা এতিয়া অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে। প্ৰকৃততে ইয়াত ধনৰ লেনদেন হৈছিল নে ইয়াৰ অন্তৰালত অন্য কিবা ৰাজনৈতিক সমীকৰণ আছে, সেয়া তদন্তৰ বিষয়।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular