34.1 C
New Delhi
Saturday, August 1, 2026
spot_img
Homeঅসমগোসাইগাৱৰ ছেৰফাংগুৰীত সমূহীয়া ঈদৰ নামাজ সম্পন্ন

গোসাইগাৱৰ ছেৰফাংগুৰীত সমূহীয়া ঈদৰ নামাজ সম্পন্ন

গোসাইগাৱৰ ছেৰফাংগুৰীত সমূহীয়া ঈদৰ নামাজ সম্পন্ন

আব্দুল মালেক আহমেদ, দুৰ্নীতিৰ দৰ্পণ গোসাইগাৱ ২১ মাৰ্চ:
আজি পৱিত্ৰ ঈদ-উল-ফিটৰ।
আনন্দ, সহানুভূতি আৰু ভাতৃত্ববোধৰ পৱিত্ৰ বাৰ্তা লৈ সমগ্ৰ ৰাজ্যজুৰি উদযাপিত হৈছে এই মহান উৎসৱ।
কোকৰাঝাৰ জিলাৰ গোসাইগাৱ মহকুমাৰ অন্তৰ্গত ছেৰফাংগুৰীত অঞ্চলতো দেখা গ’ল ঈদৰ উল্লাসৰ এক মনোমোহা দৃশ্য।
গোসাইগাৱ মহকুমাৰ ভিতৰত অন্যতম ছেৰফাংগুৰী—ঈদগাহ ময়দানত অনুষ্ঠিত হয় সমূহীয়া ঈদৰ নামাজ।য’ত অংশগ্ৰহণ কৰে শহ শহ ইছলাম ধৰ্মাৱলম্বী লোক সকলে আদায় কৰে পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ।
পুৱাৰে পৰাই ঈদগাহ ময়দানত সৃষ্টি হয় এক অনন্য উখল-মাখল পৰিৱেশ। নতুন পোছাক, আতৰৰ সুবাস আৰু মুখভৰা হাঁহিৰে ভৰি পৰে সমগ্ৰ পৰিৱেশ।
সৰুৰ পৰা বৃদ্ধ সকলোৰে একেই উদ্দেশ্য—ঈদৰ নামাজ আদায় কৰা আৰু আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰা।
নামাজৰ অন্তত বিশ্ব শান্তি, সৌভ্ৰাতৃত্ব আৰু সমগ্ৰ মানৱজাতিৰ কল্যাণ কামনা কৰি কৰা হয় বিশেষ দুৱা প্ৰাৰ্থনা। একে শাৰীত থিয় হৈ ধনী-দৰিদ্ৰ, সৰু-ডাঙৰ সকলো মানুহে একতাৰ অপূৰ্ব দৃষ্টান্ত প্ৰদৰ্শন কৰে।
ঈদ-উল-ফিটৰে পুনৰ এবাৰ বুজাই দিয়ে—মানুহৰ মাজত প্ৰেম, সহানুভূতি আৰু একতাৰেই হৈছে সৰ্বশ্ৰেষ্ঠ শক্তি।

RELATED ARTICLES
Lucknow
scattered clouds
35 ° C
35 °
35 °
49 %
3.9kmh
46 %
Sat
36 °
Sun
37 °
Mon
34 °
Tue
27 °
Wed
29 °

Most Popular