40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমকাৰ্বি কল্যানমুলক স্বায়ত্ত্বশাসিত পৰিষদ গঠন নকৰিলে বিজেপিৰ পক্ষত ভোট বৰ্জনৰ ঘোষণা

কাৰ্বি কল্যানমুলক স্বায়ত্ত্বশাসিত পৰিষদ গঠন নকৰিলে বিজেপিৰ পক্ষত ভোট বৰ্জনৰ ঘোষণা

কাৰ্বি কল্যানমুলক স্বায়ত্ত্বশাসিত পৰিষদ গঠন নকৰিলে বিজেপিৰ পক্ষত ভোট বৰ্জনৰ ঘোষণা

বালিপৰাৰ পৰা অনন্ত তাঁতীৰ প্ৰতিবেদন- সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বহু প্ৰত্যাশিত কাৰ্বি কল্যানমুলক স্বায়ত্ত্বশাসিত পৰিষদ গঠন নকৰিলে বিজেপিৰ পক্ষত ভোট বৰ্জনৰ হুঁশিয়াৰী প্ৰদান কৰিছে কাৰ্বি জাতীয় দল-সংগঠনসমূহে। আজি বিশ্বনাথ জিলাৰ দিলীচাংত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে কাৰ্বি সংগঠনসমূহে। সংবাদমেলত সংগঠনসমূহে কয় যে কাৰ্বি ৰাইজৰ বহু দিনীয়া দাবী অনুসৰি প্ৰস্তাৱিত কাৰ্বি কল্যানমুলক স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণভাৱে স্থবিৰ হৈ পৰিছে। ৰাজ্য চৰকাৰৰ কেবিনেট অনুমোদন লাভ কৰাৰ পাছতো এতিয়ালৈকে পৰিষদখন গঠন নোহোৱাত কাৰ্বি সমাজত গভীৰ অসন্তোষৰ সৃষ্টি হৈছে। তেওঁলোকে অভিযোগ কৰে যে কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত ত্ৰিপাক্ষিক শান্তি চুক্তি অনুসৰি এই পৰিষদ গঠন হ’ব লাগিছিল। কিন্তু সেই চুক্তিৰ ৩.৬ নম্বৰ দফা এতিয়ালৈকে কাৰ্যকৰী নকৰাত চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে কাৰ্বি সংগঠনসমূহে। সংবাদমেলত কয় যে ২০২৫ চনত বিধানসভাত প্ৰস্তাৱিত বিধেয়কখনৰ ওপৰত এতিয়ালৈকে চৰকাৰে কোনো কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকৰ অভিযোগ মতে, চৰকাৰে কেৱল কেবিনেট অনুমোদনৰ নামতে এই প্ৰক্ৰিয়াক স্থবিৰ কৰি ৰাখিছে। ইয়াৰ ফলত কামৰূপ মেট্ৰ’, নগাঁও, মৰিগাঁও, বিশ্বনাথসহ কেইবাখনো জিলাত বসবাস কৰা সহজ-সৰল কাৰ্বি ৰাইজ পৰিষদৰ অধীনত পাবলগীয়া বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আছে বুলি সংগঠনসমূহে উল্লেখ কৰে।চৰকাৰৰ এই বঞ্চনা আৰু মিথ্যাচাৰৰ বিৰুদ্ধে ইতিমধ্যে কাৰ্বি দল-সংগঠনসমূহ সৰব হৈ উঠিছে। তেওঁলোকে স্পষ্ট কৰি কয় যে সাধাৰণ নিৰ্বাচনৰ পূৰ্বে যদি কাৰ্বি কল্যানমুলক স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰা নহয়, তেন্তে বিজেপিৰ পক্ষত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কাৰ্বি সমাজ বাধ্য হ’ব। এই ঘোষণা আজি বিশ্বনাথ জিলাৰ দিলীচাংত অনুষ্ঠিত সংবাদমেল যোগে কাৰ্বি জাতীয় দল-সংগঠনসমূহে প্ৰকাশ কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular