36.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeসম্পাদকীয়ঈদ উল ফিতাৰ: এক আনন্দময় উৎসৱ

ঈদ উল ফিতাৰ: এক আনন্দময় উৎসৱ

ঈদ উল ফিতাৰ: এক আনন্দময় উৎসৱ
✍️ আয়শা ছিদ্দিকা (আছৰি) , বাংলিপাৰা, বৰপেটা
ঈদ-উল-ফিতৰ হ’ল ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে একতা, ভাতৃত্ববোধ আৰু মানৱীয় প্ৰেমৰ এক অনুপম নিদৰ্শন। পবিত্ৰ ৰমজান মাহৰ এমহীয়া ‘ছিয়াম’ (ৰোজা) ৰখাৰ অন্তত আকাশত দেখা পোৱা ন-জোনটোৱে কঢ়িয়াই আনে ঈদৰ বাৰ্তা। এই উৎসৱৰ মূল কেন্দ্ৰবিন্দু হ’ল ত্যাগ আৰু ধৈৰ্যৰ জৰিয়তে লাভ কৰা আধ্যাত্মিক সন্তুষ্টি। দীঘলীয়া এমাহ ধৰি ‘ৰিপু'(ইন্দ্ৰিয়ক) নিয়ন্ত্ৰণ কৰি সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত নিজক সম্পূৰ্ণৰূপে সমৰ্পণ কৰাৰ পিছত ঈদৰ দিনটোৱে মুছলমান সকলৰ জীৱনলৈ কঢ়িয়াই আনে অনাবিল আনন্দ। ইছলামিক বৰ্ষপঞ্জীৰ নৱম মাহ অৰ্থাৎ ৰমাজান মাহৰ পিছৰ মাহ শ্বাৱাল। আৰু এই মাহৰ প্ৰথম দিনটোতে ঈদ-উল-ফিতৰ উদযাপিত হয়।ঈদ উল ফিতৰৰ দিনা পুৱা মুছলমানে সোনকালে উঠি গা-ধুই পৰিষ্কাৰ-পৰিচ্ছন্ন হয়, নতুন কাপোৰ পিন্ধে। ৰাতিপুৱা ফজৰৰ নামাজ পঢ়ি আত্মীয়-স্বজন, পৰিয়ালৰ মুৰব্বী সকলৰ কবৰসমূহ যিয়াৰত অৰ্থাৎ ভ্ৰমণ কৰি মৃত ব্যক্তিৰ আত্মাৰ মুক্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰে। এই বিশেষ দিনটোত মছজিদ বা ঈদগাহত সামূহিকৰূপত ঈদৰ নামাজ আদায় কৰে , য’ত সমাজৰ সকলো শ্ৰেণীৰ লোকে একেলগে থিয় হৈ শান্তি আৰু সমৃদ্ধিৰ বাবে সমূহীয়াকৈ প্ৰাৰ্থনা কৰে। ইছলামিক নিয়ম অনুসৰি ঈদৰ নামাজ আদায়কৰাৰ আগতে ‘ফিতৰা’ বা দানৰ নিৰ্ধাৰিত পৰিমাণৰ টকা বা সামগ্ৰী দুখীয়াক ভগাই দিব লগে। এই ফিতৰাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, যাৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা লোকসকলেও সমাজৰ আনসকলৰ সৈতে সমানে আনন্দ উপভোগ কৰাৰ সুযোগ পায়। এই দানশীলতাই সমাজত সাম্য আৰু মৰমৰ পৰিৱেশ গঢ়ি তোলে। সমাজৰ পৰা ধনী-দুখীয়াৰ যি এক শ্ৰেণীবৈষম্যৰ সূত্ৰপাত হয় ইয়াক উফৰই পেলাবলৈ ইছলামত পাঁচ স্তম্ভত কলিমা, নামাজ, ৰোজা, হজ্জৰ লগত জাকাতক বাধ্যতামূলক কৰিছে। জাকাত হ’ল নিজৰ সম্পদৰ পৰা কিছু পৰিমান দুখীয়াক দান কৰা।আৰু এইটো দুখীয়াৰ হক( প্ৰাপ্য, অধিকাৰ) বুলি কোৱা হৈছে। পৰম্পৰাগতভাৱে ঈদৰ দিনা বিভিন্ন সুস্বাদু খাদ্যৰ সমাহাৰ ঘটে। ইজনে সিজনক আলিংগন কৰি ঈদৰ মুবাৰাকবাদ ( শুভেচ্ছা) জনায়। যাৰ দ্বাৰা বুজোৱা হয় উচ্চ-নীচ, ধনী-দুখীয়াৰ মাজত কোনো ভেদাভেদ নাই। স্ৰষ্টাৰ সৃষ্টি সকলো সমান। এই দিন দান-দক্ষিণা, ক্ষমা আৰু পৰস্পৰৰ মাজত সম্প্ৰীতি বৃদ্ধিৰ পৱিত্ৰ দিন। একেলগে খোৱা-বোৱা কৰি পৰিয়ালৰ মাজত সম্পৰ্ক আৰু ঘনিষ্ঠ কৰা হয়। ঈদ-উল-ফিতৰ হৈছে এক মিলনৰ উৎসৱ। ৰমাজান মাহত আধ্যাত্মিক পৰিশুদ্ধিৰ পিছত আল্লাহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন, সমাজৰ দুখীয়া-অসহায়সকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন আৰু মানৱীয় সম্পৰ্ক দৃঢ় কৰাৰ এক সুবৰ্ণ সুযোগ। আত্মত্যাগ, ত্যাগ আৰু সংযমৰ মাজেৰে প্ৰাপ্ত এই আনন্দৰ বাৰ্তাই সমগ্ৰ বিশ্বতে শান্তি, ভ্ৰাতৃত্ববোধ আৰু মানৱতাৰ শিক্ষা প্ৰদান কৰে।অসমৰ দৰে এখন বৈচিত্ৰ্যময় ঠাইত ঈদৰ এই আনন্দ মুছমলান সম্প্ৰদায়ৰ মাজতে সীমাবদ্ধ নাথাকি বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ ভেদে সকলোকে সাঙুৰি লয়। নতুন পোছাক পৰিধান কৰি আত্মীয়-স্বজনৰ ঘৰলৈ যোৱা আৰু একেলগে বহি এসাজ খোৱাৰ যি আনন্দ সেয়া অবৰ্ননীয়। প্ৰকৃততে এই উৎসৱে মানৱীয় সম্পৰ্কবোৰক আৰু অধিক শক্তিশালী কৰে। ঈদ-উল-ফিতৰে আমাক শিকাই দিয়ে যে ত্যাগৰ অবিহনে প্ৰকৃত আনন্দ উপভোগ কৰাৰ পূৰ্ণ মাদকতা পোৱা নাযায়।আৰু আনৰ দুখত সমভাগী হোৱাটো কিমান সুখৰ, আনন্দদায়ক আৰু মানৱীয় সেই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিব পৰা যায়। ৰমাজান মাহত যেনেকৈ ৰিপু নিয়ন্ত্ৰণ কৰি, মানৱীয় কাম, দান-দক্ষিণা, সেৱা আদিত গুৰুত্ব দি অমানৱীয় কামৰ পৰা নিজক সংযম কৰি , স্ৰষ্টাৰ ইবাদত নিজক মগ্ন ৰাখি আত্মশুদ্ধিৰ মনোকামনা কৰি শান্তিময় পৰিৱেশ গঢ়ি তুলিছে। তেনেকৈ আগন্তুক প্ৰতিটো দিনতো যাতে এই চেষ্টা অব্যাহত ৰাখিব পাৰে তাৰেই কামনাৰে সকলোলৈকে এই পৱিত্ৰ ক্ষণত ঈদ-উল-ফিতাৰৰ মুবাৰাক যাচিলোঁ। অশান্ত সমাজত শান্তিৰ সুবাস ছটিয়াই পৰক। তাকাব্বালালাহু মিন্না ওৱা মিনকুম “আল্লাহ্ আমাৰ আৰু তোমালোকৰ (সৎকৰ্ম) কবুল কৰক।”

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
30 %
1kmh
6 %
Thu
32 °
Fri
42 °
Sat
45 °
Sun
45 °
Mon
44 °

Most Popular