মহাভাৰতক যদি কেৱল ধৰ্মীয় মহাকাব্য বুলি গণ্য কৰা হয়, তেন্তে কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তৰ্নিহিত ৰাজনৈতিক গভীৰতা অদৃশ্য হৈ যায়। বাস্তৱত, ই আছিল শক্তি, বৈধতা, নৈতিকতা আৰু ৰাষ্ট্ৰ-অধিকাৰৰ এক জটিল সংঘাত। এই সংঘাতত শ্ৰীকৃষ্ণ আছিল কেন্দ্ৰীয় কৌশলবিদ অস্ত্ৰবিহীন অথচ সিদ্ধান্ত-নিয়ন্ত্ৰক। তেওঁৰ ভূমিকাক আধ্যাত্মিক উপদেশৰ সীমাত আবদ্ধ কৰিলে ভুল হ’ব; ই এক উচ্চস্তৰৰ কূটনীতি, মনস্তাত্ত্বিক অপাৰেশন আৰু বাস্তৱবাদী ৰাষ্ট্ৰচিন্তাৰ সুনিপুণ সংমিশ্ৰণ।যুদ্ধৰ পূৰ্বে কৃষ্ণে পাণ্ডৱসকলৰ পক্ষত দূত হৈ কৌৰৱসভালৈ গৈ “পাঁচখন গাঁও”ৰ দাবী উত্থাপন কৰে। কৌশলগত দৃষ্টিত ই আছিল সংঘাত-নিয়ন্ত্ৰণৰ শেষ প্ৰস্তাৱ, কিন্তু গভীৰতৰত ই আছিল নৈতিক উচ্চভূমি দখলৰ পদক্ষেপ। যেতিয়া দুৰ্যোধন এই ন্যূনতম দাবীও অস্বীকাৰ কৰে, তেতিয়া যুদ্ধৰ নৈতিক দায় কৌৰৱ পক্ষৰ ওপৰত সুস্পষ্ট হয়। শ্ৰীকৃষ্ণই যুদ্ধ আৰম্ভ হোৱাৰ আগতেই জনমত, ইতিহাস আৰু ন্যায়ৰ বিচাৰত পাণ্ডৱপক্ষক বৈধতা প্ৰদান কৰে। আধুনিক ৰাজনীতিৰ ভাষাত ক’বলৈ গ’লে—ই আছিল ‘লিজিটিমেচি মেনেজমেণ্ট’।
যুদ্ধৰ পূৰ্বে শ্ৰীকৃষ্ণ নিজৰ নাৰায়ণী সেনা কৌৰৱ পক্ষক দি আৰু নিজে নিৰস্ত্ৰভাৱে পাণ্ডৱপক্ষত থকাৰ সিদ্ধান্ত লয়। বাহিনীৰ সংখ্যাগত শক্তিৰ বিপৰীতে নেতৃত্বৰ কৌশলগত শক্তিক অগ্ৰাধিকাৰ দিয়াৰ এই পদক্ষেপে যুদ্ধৰ সমীকৰণ সলনি কৰে। তেওঁ দেখুৱাই দিয়ে যুদ্ধ কেৱল অস্ত্ৰৰ সংঘাত নহয়; ই সিদ্ধান্ত, দিশ-নির্দেশ আৰু মানসিক দৃঢ়তাৰ সংঘাত। ‘ফোর্স মাল্টিপ্লায়াৰ’ৰ আধুনিক সামৰিক তত্ত্বৰ সৈতে ইয়াৰ সাদৃশ্য স্পষ্ট।
ৰণক্ষেত্ৰত বিভ্ৰান্ত অৰ্জুনক উদ্দেশ্য কৰি শ্ৰীকৃষ্ণই আগবঢ়োৱা উপদেশসমূহেই হৈছে শ্ৰীদ্ভাগৱদ্ গীতা। এই উপদেশ কেৱল ধৰ্মীয় শিক্ষাই নহয়; ইয়াত ৰাজনৈতিক শিক্ষাও অন্তনিহীত হৈ আছে। ব্যক্তিগত মোহ আৰু আত্মীয়তাৰ ওপৰত ৰাষ্ট্ৰীয় কৰ্তব্যৰ প্ৰাধান্য এই দৰ্শনেই অৰ্জুনক পুনৰ সংগ্ৰামলৈ প্ৰস্তুত কৰে। শ্ৰীকৃষ্ণই বুজাই দিয়ে যে নেতাৰ সিদ্ধান্ত ব্যক্তিগত অনুভূতিৰ ওপৰত নহয়, বৃহত্তৰ ন্যায় আৰু সামাজিক স্থিতিশীলতাৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। ই আছিল এক উৎকৃষ্ট ‘মোৰেল কনসলিডেচন’।
কুৰুক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে শ্ৰীকৃষ্ণ। কিছুমান ক্ষেত্ৰত যুদ্ধৰ প্ৰচলিত নিয়ম ভংগ কৰিবলৈ উৎসাহিত কৰিছিল। ভীষ্মৰ বিৰুদ্ধে শিখণ্ডীৰ ব্যৱহাৰ, দ্ৰোণৰ মনোবল ভাঙিবলৈ তথ্য-চালনা, কৰ্ণৰ দুৰ্বল মুহূৰ্তত আঘাত এইবোৰ পদক্ষেপে দেখুৱাই যে শ্ৰীকৃষ্ণ আদৰ্শবাদী নহয় বুলিও কবলৈ মন যায়,ভগবান শ্ৰীকৃষ্ণক বাস্তৱবাদী বুলি কলৈ কনলৈ ধাৰনা এটা আহে। তেওঁৰ মূল যুক্তি আছিল অধৰ্মৰ বিৰুদ্ধে যুঁজত ন্যায় ৰক্ষাৰ বাবে কৌশলগত নমনীয়তা অনিবার্য। ই ন্যায়-সংৰক্ষণৰ প্ৰাগমেটিক পন্থা।
যুদ্ধৰ অন্তত শ্ৰীকৃষ্ণৰ লক্ষ্য কেৱল বিজয় নাছিল।তেওৰ লক্ষ্য আছিল যুধিষ্ঠিৰৰ ৰাজ্যাভিষেকৰ জৰিয়তে তেওঁ স্থিতিশীল আৰু ন্যায়ভিত্তিক শাসন প্ৰতিষ্ঠা কৰা। ই স্পষ্ট কৰে যে তেওঁৰ ৰাজনীতি ক্ষমতা দখলৰ নহয়; ই ন্যায় ভিত্তিক শাসনৰ প্ৰকল্প। বিজয়ৰ পাছত প্ৰতিশোধ নহয়, পুনর্গঠন এই আছিল তেওঁৰ দৃষ্টিভংগী।
সমসাময়িক প্ৰাসঙ্গিকতা
আধুনিক ৰাজনীতিত শক্তি, নৈতিকতা আৰু কৌশলৰ সমন্বয় প্ৰায়েই দেখা নাযায়। কুৰুক্ষেত্ৰত ভগবান শ্ৰীকৃষ্ণই দেখুৱাই দিয়ে যে আদৰ্শবাদী লক্ষ্য পূৰণ কৰিবলৈ বাস্তৱবাদী কৌশলৰ প্ৰয়োগ অনিবার্য। বৈধতা সংগ্ৰহ, মনোবল সুদৃঢ়কৰণ, শক্তিৰ সঠিক ব্যৱস্থাপনা আৰু যুদ্ধোত্তৰ পুনর্গঠন ।এই চাৰিটা স্তম্ভ আজিও সমানে প্ৰাসঙ্গিক।
শ্ৰীকৃষ্ণৰ ৰাজনীতি সৰল নহয়; ই জটিল, বিতৰ্কিত আৰু গভীৰ। কিন্তু এই জটিলতাই তেওঁক এক অনন্য কৌশলবিদ ৰূপে প্ৰতিষ্ঠা কৰে। কুৰুক্ষেত্ৰৰ ধূলিৰ মাজত তেওঁ যে পাঠ এৰি গ’ল, সেয়া আজিও স্পষ্ট ধৰ্ম ৰক্ষা কৰিবলৈ কেৱল শুদ্ধ উদ্দেশ্য যথেষ্ট নহয়; বিচক্ষণ নেতৃত্ব, কৌশলগত দৃঢ়তা আৰু সময়োচিত সিদ্ধান্তই ইতিহাস নিৰ্ণয় কৰে। লেখক-কমল ৰায়
কায্যবাহী সম্পাদক,দুৰ্নীতিৰ দৰ্পণ মো:৭৪২৯৯৮৪৫০২
কুৰুক্ষেত্ৰ যুদ্ধত: ভগবান শ্ৰীকৃষ্ণৰ ৰাজনৈতিক বিচক্ষনতা
Lucknow
haze
39
°
C
39
°
39
°
19 %
5.7kmh
3 %
Sat
44
°
Sun
45
°
Mon
42
°
Tue
43
°
Wed
44
°

