39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeৰাষ্ট্ৰীয়গুৱাহাটীত চিআৰপিএফৰ ৮৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

গুৱাহাটীত চিআৰপিএফৰ ৮৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

গুৱাহাটীত চিআৰপিএফৰ ৮৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

চি আৰ পি এফে ইয়াৰ ৮৬ বছৰীয়া ইতিহাসত সমৰ্পন আৰু সাহসৰ এক উদাহৰণ দাঙি ধৰিছে আৰু তেওঁলোকৰ অবিহনে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ কথা কল্পনাই কৰিব নোৱাৰি

চি আৰ পি এফৰ সাহসিকতাৰ জৰিয়তে দেশৰ তিনিটা আভ্যন্তৰীণ নিৰাপত্তা হট স্পটক উন্নয়নৰ বিকশিত স্থানলৈ ৰূপান্তৰিত কৰা হৈছে

মাত্ৰ দুটা বেটেলিয়নৰ  পৰা আৰম্ভ কৰি ২৪৮টা বেটেলিয়ন আৰু ৩২৫,০০০ কৰ্মী ৰে বিশ্বৰ সৰ্ববৃহৎ চি এপি এফ হিচাপে পৰিগণিত হৈছে চি আৰ পি এফ

যুদ্ধত জয়ী হোৱাই হওক, সংসদ আৰু ৰাম জন্মভূমিৰ ওপৰত আক্ৰমণ প্ৰতিহত কৰাই হওক, অমৰনাথ যাত্ৰা আৰু মহাকুম্ভৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰাই হওক, চি আৰ পি এফে শত্ৰুক পৰাস্ত কৰাৰ নিশ্চয়তা প্ৰদান কৰে

দেশৰ বিভিন্ন প্ৰান্তত চি আৰ পি এফ দিৱসৰ পেৰেড আয়োজনৰ বাবে মোদী চৰকাৰৰ সিদ্ধান্তৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এই পেৰেড

চি আৰ পি এফে মাওবাদী সমস্যা নিৰ্মূল কৰাৰ দিশত অগ্ৰসৰ হৈছে আৰু ৩১ মাৰ্চৰ পূৰ্বে দেশক মাওবাদৰ পৰা মুক্ত কৰিব

অপাৰেশ্যন ব্লেক ফৰেষ্টত চি আৰ পি এফ জোৱানসকলৰ সাহস, বীৰত্ব আৰু সংকল্পই মাওবাদীৰ বিৰুদ্ধে যুঁজৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব

কেন্দ্ৰীয় গৃহ অমিত শ্বাহে আজি অসমৰ গুৱাহাটীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ ৮৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। 

এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, চিআৰপিএফৰ সঞ্চালক প্ৰধানৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত কয় যে ৮৬ বছৰ ধৰি চিআৰপিএফে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন, বীৰত্ব, ধৈৰ্য্য, সাহস আৰু আত্মবলিদানৰ জৰিয়তে দেশৰ আভ্যন্তৰীণ সুৰক্ষাক সুদৃঢ় কৰি আহিছে।  চিআৰপিএফ অবিহনে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কথা কল্পনাই কৰিব নোৱাৰি। তেওঁ কয় যে প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে অৰ্থাৎ ৮৬ বছৰত চিআৰপিএফে কৰ্তব্যৰ প্ৰতি থকা নিষ্ঠাৰ বাবে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ এক শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ ফলাফলো লাভ কৰি আহিছে। শ্ৰী শ্বাহে কয় যে দেশখনক সুৰক্ষিত কৰি ৰখাৰ বাবে চিআৰপিএফৰ ২,২৭০ জোৱানে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিছে আৰু সমগ্ৰ দেশবাসীয়ে তেওঁলোকক ধন্যবাদ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে কৰ্তব্যৰ প্ৰতি এই নিষ্ঠা আৰু ত্যাগৰ বাবেই চিআৰপিএফৰ জোৱানসকলে বহুবাৰ দেশক ৰক্ষা কৰিছে।

১১-১২ বছৰ পূৰ্বে দেশত জম্মু আৰু কাশ্মীৰ, মাওবাদ প্ৰভাৱিত অঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দৰে তিনিটা প্ৰধান হটস্পট আছিল, যি দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল। আজি তিনিওটা স্থানত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সফলতা লাভ কৰা হৈছে।  তিনিওটা হটস্পটত বোমা বিস্ফোৰণ, গুলীবৰ্ষণ, বন্ধ, অৱৰোধ আৰু ধ্বংসাত্মক কাৰ্যকলাপ এটা সময়ত প্ৰধান ঘটনা আছিল, কিন্তু এতিয়া এই তিনিওটা ক্ষেত্ৰ বিকাশৰ ইঞ্জিন হৈ পৰিছে, যি সমগ্ৰ দেশৰ বিকাশক আগুৱাই লৈ গৈছে।  চিআৰপিএফৰ এই শ্বহীদসকলৰ ত্যাগ অবিহনে এই তিনিওটা হটস্পটক বিকাশৰ পথত আগুৱাই নিয়াটো অসম্ভৱ হ’লহেঁতেন।

 আজিৰ চিআৰপিএফ দিৱসৰ পেৰেড অন্য এক দিশৰ পৰাও গুৰুত্বপূৰ্ণ। তেওঁ কয় যে চিআৰপিএফৰ ৮৬ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ উত্তৰ-পূৰ্বাঞ্চলত বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে, যিটো আমাৰ সকলোৰে বাবে আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বিষয়। তেওঁ কয় যে ২০১৯ চনত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) বাৰ্ষিক পেৰেড দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু আজি চিআৰপিএফৰ পেৰেড দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰান্ত উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হৈছে।  ১৪ গৰাকী চিআৰপিএফ জোৱানক সাহসিকতাৰ বাবে আৰক্ষী পদক, ৫গৰাকী জোৱানক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আৰু ৫গৰাকী চিআৰপিএফ বেটেলিয়ানৰ জোৱানক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে পদক প্ৰদান কৰা হৈছে। 

১৯৩৯ চনত চিআৰপিএফৰ যাত্ৰা মাত্ৰ ২টা বেটেলিয়নেৰে আৰম্ভ হৈছিল আৰু আজি ২৪৮টা বেটেলিয়নেৰে আৰু ৩.২৫লাখ কৰ্মীৰে চিআৰপিএফ বিশ্বৰ সৰ্ববৃহৎ চিএপিএফ হিচাপে পৰিগণিত হৈছে। সমগ্ৰ দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত চিআৰপিএফৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী শ্বাহে কয় যে ১৯৬৫ চনৰ ৯ এপ্ৰিলত কচ্ছৰ ৰণত চিআৰপিএফৰ জোৱানসকলে পাকিস্তানী সৈন্যৰ বিৰুদ্ধে ছর্দাৰ পোষ্টত অপৰিসীম বীৰত্ব প্রদর্শন কৰিছিল আৰু সেয়েহে ৯ এপ্ৰিলৰ দিনটো প্রতি বছৰে ‘শৌৰ্য দিৱস’ হিচাপে পালন কৰা হয়।

 কলকাতাত মাওবাদীৰ আক্ৰমণত ৭৮জন আৰক্ষী জোৱানৰ মৃত্যু হৈছিল, তেতিয়াও চিআৰপিএফৰ জোৱানসকলে সাহসেৰে এই সংগ্ৰাম অব্যাহত ৰাখিছিল। সংসদ ভৱন আৰু ২০০৫ চনত শ্ৰীৰাম জন্মভূমিত সন্ত্ৰাসবাদীৰ আক্ৰমণ চিআৰপিএফে প্ৰতিহত কৰিছিল। চিআৰপিএফৰ জোৱানসকলে তেওঁলোকৰ কৰ্তব্য পালন কৰাত কেতিয়াও গাফিলতি কৰা নাই। ৩৭০নং অনুচ্ছেদ প্ৰত্যাহাৰৰ পিছত জম্মু-কাশ্মীৰত এটাও গুলী চালনা কৰা হোৱা নাছিল আৰু এই কথা নিশ্চিত কৰাত চিআৰপিএফৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।  জম্মু-কাশ্মীৰত শিলাবৰ্ষণৰ ঘটনা শূন্যলৈ হ্ৰাস পাইছে, ৰাজ্যখনলৈ উদ্যোগসমূহ আহি আছে আৰু চিআৰপিএফ, বিএছএফ আৰু বিশেষকৈ জম্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ অৱদানৰ বাবে এতিয়া উন্নয়ন সম্ভৱ হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলত শান্তি স্থাপনত চিআৰপিএফৰ  ভূমিকা গুৰুত্বপূৰ্ণ।

 দেশৰ ১২খন ৰাজ্য আৰু অগণন জিলাত মাওবাদীয়ে বিস্তাৰ লাভ কৰিছিল আৰু যেতিয়া ভাৰত চৰকাৰে এই ভাবুকি উৎখাত কৰাৰ সংকল্প লয় তেতিয়া চিআৰপিএফ আৰু কোব্ৰা বাহিনীৰ জোৱানসকলে এই প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইমান বৃহৎ, জটিল আৰু কঠিন কাম মাত্ৰ তিনিটা বছৰত সম্পূৰ্ণ কৰা হৈছে আৰু চিআৰপিএফৰ জোৱানসকলৰ বাবে আমি আত্মবিশ্বাসৰ সৈতে ক’ব পাৰো যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশখন সম্পূৰ্ণৰূপে মাওবাদমুক্ত হ’ব।  অপাৰেশ্যন ব্লেক ফৰেষ্টৰ অধীনত চিআৰপিএফৰ জোৱানসকলে অতিশয় প্ৰত্যাহ্বানমূলক ভৌগোলিক পৰিস্থিতিত, ৪৫ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা সহ্য কৰি ২১ দিন ধৰি অভিযান চলাইছিল আৰু মাওবাদীৰ ঘাটি ধ্বংস কৰিছিল। চিআৰপিএফৰ জোৱানসকলে অসাধাৰণ সাহস প্ৰদৰ্শন কৰি ৪৫ ডিগ্ৰী চেলছিয়াছৰ তাপমাত্ৰাত উত্তপ্ত শিলৰ পাহাৰত ২১ দিন ধৰি অভিযান চলাই এক ইঞ্চিও পিছ হুঁহকি অহা নাছিল আৰু শেষত মাওবাদীৰ কৌশলগত ঘাটি ধ্বংস কৰিবলৈ সক্ষম হৈছিল। চিআৰপিএফ আৰু কোব্ৰা ফ’ৰ্চে মাওবাদীৰ সন্ত্ৰাসবাদ(red terror)ৰ পৰা দেশক মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular