40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeআমাৰ সাংবাদিকউত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা কামাখ্যা – নিউ বঙাইগাঁও – ডাংতল...

উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা কামাখ্যা – নিউ বঙাইগাঁও – ডাংতল খণ্ডৰ  বিস্তৃত সুৰক্ষা পৰিদৰ্শন 

উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা কামাখ্যা – নিউ বঙাইগাঁও – ডাংতল খণ্ডৰ  বিস্তৃত সুৰক্ষা পৰিদৰ্শন 

মালিগাঁও, পিএন চি ২১ফেব্ৰুৱাৰী:

উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক  চেতন কুমাৰ শ্ৰীৱাস্তৱে ২০ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে ৰেলৱেৰ পৰিচালনগত সুৰক্ষা আৰু আন্তঃগাঁথনিৰ নিৰ্ভৰযোগ্যতাৰ দিশত অবিৰত প্ৰয়াসৰ এক অংশ হিচাপে কামাখ্যা – নিউ বঙাইগাঁও – ডাংতল খণ্ডৰ এক বিস্তৃত সুৰক্ষা পৰিদৰ্শন কৰে। পৰিদৰ্শনে ১৫৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক খণ্ড সামৰি লয়। পৰিদৰ্শনৰ সময়ত মুখ্য কাৰ্যালয় আৰু সংশ্লিষ্ট মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গও মহাপ্ৰৱন্ধকৰ লগত আছিল।

পৰিদৰ্শনৰ সময়ত মহাপ্ৰৱন্ধকে খণ্ডটোৰ ট্ৰেকৰ অৱস্থা, সৰু আৰু বৃহৎ সেতু, চিগনেলিং আৰু টেলিকমিউনিকেচন ব্যৱস্থা, ট্ৰেকচন ইনষ্টলেচন, লেভেল ক্ৰছিং গেট আৰু ষ্টেচন আন্তঃগাঁথনিৰ সা-সুবিধাসমূহৰ বিস্তৃত মূল্যায়ন কৰে। গুৰুত্বপূৰ্ণ সুৰক্ষা সম্পদ, কাৰ্ভ, পইণ্ট আৰু ক্ৰচিং, তথা নিৰ্মাণাধীন ৰক্ষণাবেক্ষণৰ কামকাজসমূহৰো অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰে যাতে নিৰ্ধাৰিত সুৰক্ষা মানদণ্ডৰ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিব পৰা যায়। তেওঁ ৰেলৱে বিষয়াবৰ্গ আৰু আগশাৰীৰ কৰ্মচাৰীবৰ্গৰ সৈতে মত বিনিময় কৰি পৰিচালন প্ৰস্তুতি, সুৰক্ষা সচেতনতা আৰু সতৰ্কতাৰ মূল্যায়ন কৰাৰ লগতে ষ্টেচন আৰু কৰ্মস্থলীত প্ৰয়োজনীয় সুৰক্ষা সঁজুলিৰ উপলব্ধতা আৰু স্থিতিৰ পৰ্যালোচনা কৰে।

এই পৰিদৰ্শন কাৰ্যসূচীৰ অংশ হিচাপে নলবাৰী, বৰপেটা ৰোড আৰু নিউ বঙাইগাঁও ষ্টেচনত বিস্তৃত ষ্টেচন পৰিদৰ্শন কৰা হয়। এই ষ্টেচনসমূহত যাত্ৰী সুবিধা, ষ্টেচন আধুনিকীকৰণ আৰু সামগ্ৰিক সেৱাৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দি উন্নয়নৰ কামকাজসমূহ কৰা হৈছে।

মহাপ্রবন্ধকে ট্ৰেকৰ গতিবিধি আৰু পৰিচালনগত কামকাজ সমূহৰো পৰ্যালোচনা কৰে। তেওঁ ৰেলৱে কৰ্মচাৰীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰি অঞ্চলটোত ৰেল সেৱা শক্তিশালী কৰাৰ বাবে অবিৰত সঁহাৰিৰ আশ্বাস প্ৰদান কৰে। উত্তৰ-পূৱ সীমান্ত ৰেলৱে সুৰক্ষিত, কাৰ্যক্ষম আৰু যাত্ৰী-হিতৈষী ৰেল সেৱা প্ৰদান কৰাৰ প্ৰতি দায়বদ্ধ আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ ক্ৰমবৰ্ধমান পৰিবহণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আন্তঃগাঁথনিৰ অবিৰত উন্নীতকৰণৰ প্ৰতিশ্ৰুতিৰ প্ৰতি সদায় সমৰ্পিত হৈ আহিছে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular