39.4 C
New Delhi
Monday, June 15, 2026
spot_img
Homeআঞ্চলিকহাজোৰ নৱনিৰ্মিত চাৰিলেণ্ডযুক্ত পথত ভয়াবহ পথ দুৰ্ঘটনা: গুৰুতৰ ভাবে আহত এজন--

হাজোৰ নৱনিৰ্মিত চাৰিলেণ্ডযুক্ত পথত ভয়াবহ পথ দুৰ্ঘটনা: গুৰুতৰ ভাবে আহত এজন–

হাজোৰ নৱনিৰ্মিত চাৰিলেণ্ডযুক্ত পথত ভয়াবহ পথ দুৰ্ঘটনা: গুৰুতৰ ভাবে আহত এজন–

ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ হাজো,২৪ফেব্ৰুৱাৰী: কামৰূপৰ জিলাৰ হাজোৰ অভয়পুৰৰ নিকটৱৰ্তী নৱনিৰ্মিত চাৰিলেণ্ডযুক্ত পথত আজি এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

আজি বিয়লিৰ ভাগত সংঘটিত এই পথ দুৰ্ঘটনাত চাইকেল আৰোহী এগৰাকী লোকক এখন গ্ৰেণ্ড আইটেন গাড়ীয়ে খুণ্ডিওৱাৰ ফলত গুৰুতৰ ভাবে আহত হৈছে লোকজন।আহত লোক লোকজন  অভয়পুৰৰ প্ৰফুল্ল দাস(৭৭)বুলি জানিব পৰা গৈছে।ইফালে আহত লোকজনক ততালিকে হাজোৰ বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও লোক জনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।আনহাতে ঘটনাস্থলীত হাজো আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা এছ ০১ ইএল ২৪০৬ গ্ৰেণ্ড আইটেন বাহন খন থানালৈ আনে।

RELATED ARTICLES
Lucknow
clear sky
39.7 ° C
39.7 °
39.7 °
19 %
4.2kmh
0 %
Mon
41 °
Tue
42 °
Wed
43 °
Thu
45 °
Fri
45 °

Most Popular