40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমগোৰেশ্বৰ বিধানসভা সমষ্টিত এতিয়া এটাই চৰ্চা : মৃদুল প্ৰীতম ডেকা হব গোৰেশ্বৰৰ...

গোৰেশ্বৰ বিধানসভা সমষ্টিত এতিয়া এটাই চৰ্চা : মৃদুল প্ৰীতম ডেকা হব গোৰেশ্বৰৰ প্ৰথম বিধায়ক

গোৰেশ্বৰ বিধানসভা সমষ্টিত এতিয়া এটাই চৰ্চা : মৃদুল প্ৰীতম ডেকা হব গোৰেশ্বৰৰ প্ৰথম বিধায়ক ।

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ২৪ ফেব্ৰুৱাৰী :

অসমৰ নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিত আজিকালি প্ৰতিটো ৰাস্তা-কোণত একেটাই চৰ্চা চলি থকা পৰিলক্ষিত হবলৈ ধৰিছে । আগন্তুক নিৰ্বাচনত গোৰেশ্বৰৰ প্ৰকৃত বন্ধু আৰু প্ৰকৃত সমাজকৰ্মী মৃদুল প্ৰীতম ডেকা অঞ্চলটোৰ প্ৰতিনিধি হ’ব লাগে, এয়া এই নতুন সমষ্টিৰ বাসিন্দাসকলৰ সৰ্বসন্মতিক্ৰমে দাবী হৈ পৰিছে । সকলো স্তৰৰ ভোটাৰে একমত যে গোৰেশ্বৰৰ সুসন্তান মৃদুল প্ৰীতম ডেকা এই গুৰুত্বপূৰ্ণ নৱগঠিত বিধানসভাৰ প্ৰথম বিধায়ক হ’ব লাগে। উল্লেখযোগ্য যে বিধায়ক বা সাংসদৰ দৰে কোনো চৰকাৰী পদবী নোলোৱাকৈয়ে তেওঁ দীৰ্ঘদিন ধৰি নিস্বাৰ্থভাৱে গোৰেশ্বৰৰ জনসাধাৰণৰ সেৱা কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনসেৱাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ সদায় জনসাধাৰণৰ সুখ-দুখৰ অংশ হৈ আহিছে নৱগঠিত গোৰেশ্বৰ সমষ্টিত । তেওঁৰ নিৰন্তৰ ৰাজহুৱা কল্যাণমূলক কামসমূহৰ ভিতৰত আছে জুই আৰু ধুমুহাৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ পৰিয়াললৈ তাৎক্ষণিক আৰ্থিক সাহায্য, চিকিৎসালয়ত ভৰ্তি হোৱা দৰিদ্ৰ ৰোগীৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য। ইয়াৰ উপৰিও হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ এটা সৰু প্ৰচেষ্টাত, তেওঁ অঞ্চলটোত টৰ্চলাইট বিতৰণ কৰি এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল। শিক্ষা ক্ষেত্ৰলৈও তেওঁৰ অৱদান প্ৰশংসনীয়। তেওঁ মেধাৱী শিক্ষাৰ্থীসকলক টেবলেট বিতৰণ কৰি আৰু উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক সহায় প্ৰদান কৰি সমাজৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰিছিল। যাৰবাবে যুৱনেতা তথা গোৰেশ্বৰৰ সুসন্তান মৃদুল প্ৰীতম ডেকাই এনে বহু ধৰণৰ জনকল্যাণমূলক কাম কৰাৰ বাবে গোৰেশ্বৰৰ সাধাৰণ ভোটাৰসকলে দৃঢ়ভাৱে বিশ্বাস কৰে যে যিজনে ক্ষমতা অবিহনে ইমানবোৰ কাম কৰি আহিছে সেইজন মৃদুল প্ৰীতম ডেকাহে তেওঁলোকৰ প্ৰকৃত প্ৰতিনিধি আৰু বিধায়ক হোৱাৰ যোগ্য।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular