30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমমানকাচৰৰ ৭ জন শ্ৰমিকক বিদেশী সন্দেহত বাংগালুৰুত আটক।বিধায়ক আমিনুল ইছলামৰ তৎপৰতাত মুকলি।

মানকাচৰৰ ৭ জন শ্ৰমিকক বিদেশী সন্দেহত বাংগালুৰুত আটক।বিধায়ক আমিনুল ইছলামৰ তৎপৰতাত মুকলি।

মানকাচৰৰ ৭ জন শ্ৰমিকক বিদেশী সন্দেহত বাংগালুৰুত আটক।বিধায়ক আমিনুল ইছলামৰ তৎপৰতাত মুকলি।

মানকাচৰ, ২৭ ফেব্ৰুৱাৰী:-

মানকাচৰৰ বিভিন্ন ঠাইৰ পৰা বাংগালুৰুত কাম কৰিবলৈ যোৱা ৭ জন কৈ শ্ৰমিকক বাংগালুৰুত বিদেশী সন্দেহত আটক কৰে। উক্ত খবৰটো মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামক অৱগত কৰাৰ লগে লগেই দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক সিংহ ৰাম মিলিৰ লগত যোগাযোগ কৰি বাংগালুৰু আৰক্ষীৰ লগত যোগাযোগ কৰি বৈধ নথিপত্ৰ যোগান ধৰি উক্ত ৭ জন শ্ৰমিকক মুকলি কৰে বিধায়ক আমিনুল ইছলামে।
উক্ত খবৰটো বিধায়ক আমিনুল ইছলামে নিশা প্ৰায় ৩ বজাত নিজৰ সামাজিক যোগাযোগ মাধ্যম ফেচবুকৰ জৰিয়তে সমগ্ৰ ঘটনা বিৱৰি কয়।
উল্লেখ্য যে মানকাচৰ সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কাম কৰিবলৈ গ’লে বিদেশীৰ সন্দেহত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হয়।
বাংগালুৰু আৰক্ষীয়ে আটক কৰা মানকাচৰৰ শ্ৰমিক কেইজন হ’ল আমিৰ হুছেইন, জুলফিকাৰ আহমেদ, মনোৱাৰ হুছেইন, মমিৰুল ইছলাম, মিনাৰ হুছেইন, মহম্মদ আমিনুৰ ইছলাম আৰু সাহৰ আলী বুলি জানিব পৰা গৈছে।
সংখ্যালঘু ৰাইজৰ প্ৰতি চৰকাৰে এনেধৰণৰ হাৰাশাস্তি কৰা ঘটনাক মানকাচৰৰ বিধায়ক আমিনুল ইছলামে তীব্ৰ সমালোচনা কৰে।

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular