31.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমবৰক্ষেত্ৰীৰ আম্ৰাট্টাৰীত দেৱদামোদৰৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ তিথি উদযাপন ৷

বৰক্ষেত্ৰীৰ আম্ৰাট্টাৰীত দেৱদামোদৰৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ তিথি উদযাপন ৷

বৰক্ষেত্ৰীৰ আম্ৰাট্টাৰীত দেৱদামোদৰৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ তিথি উদযাপন ৷

সমাজখন সুশৃংখলিত কৰি ৰাখিবলৈ আমি আধ্যাত্মিকভাৱে মহিয়ান হ’ব লাগিবঃ নাৰায়ন ডেকা

মুকালমুৱাৰ পৰা সুৰজিত পাঠক – ২৭ ফেব্ৰুৱাৰী
মহাপুৰুষ দেৱদামোদৰৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ তিথি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আম্ৰাট্টাৰী গাঁৱত উদযাপন কৰা হয় ৷ বৰক্ষেত্ৰী দেৱদামোদৰ সত্ৰৰ উদ্যোগত আৰু আম্ৰাট্টাৰী-কমলপুৰ দেৱদামোদৰ শাখা সত্ৰৰ সহযোগত আম্ৰাট্টাৰী ৰাজহুৱা নামঘৰ প্ৰাংগণত কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা দেৱদামোদৰৰ ৫৩৮ সংখ্যক জন্মোৎসৱ উপল্যক্ষে আজি পুৱা হোমযজ্ঞ আৰু ধৰ্মালোচনা সভা অনুষ্ঠিত হয় ৷ পুৰোহিত গণেশ শৰ্মা আৰু পল্লৱ শৰ্মাৰ মন্ত্ৰোচ্ছাৰণেৰে দুই শতাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত হোমযজ্ঞ সম্পন্ন হয় ৷ দিনৰ ১২.৩০ বজাৰ পৰা বৰক্ষেত্ৰী দেৱদামোদৰ সত্ৰৰ উপদেষ্টা নগেন মেধিৰ সভাপতিত্বত আম্ৰাট্টাৰী ৰংগমঞ্চত অনুষ্ঠিত হয় ধৰ্মালোচনা সভা ৷ বৰক্ষেত্ৰী দেৱদামোদৰ সত্ৰৰ সাধাৰণ সম্পাদক ৰমণী নাথে আঁত ধৰা ধৰ্মালোচনা সভা আৰম্ভনিৰ পূৰ্বেই গুৰুবন্দনা পৰিৱেশন কৰা হয় ৷ ধৰ্মালোচনা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি দেৱদামোদৰৰ জীৱন-দৰ্শন সম্পৰ্কত ভাষণ প্ৰদান কৰে সদৌ অসম দেৱদামোদৰ সংঘৰ প্ৰাক্তন সম্পাদক কনকেশ্বৰ গোস্বামীয়ে ৷ গোস্বামীয়ে ভাষণ প্ৰসংগত দেৱদামোদৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যৰে “অসমৰ প্ৰতিটো দামোদৰপন্থী পৰিয়ালক সদৌ অসম দেৱদামোদৰ সংঘই গীতাবলী, প্ৰসংগমালা, গুৰুলীলা আৰু গুৰুজনাৰ ফটো প্ৰদান কৰিব বুলি ঘোষণা কৰে ৷ সভাত মিনতি বৈশ্যই দামোদৰদেৱৰ গীত পৰিৱেশন কৰি সভাখন গাম্ভীৰ্যপূৰ্ণ কৰি তোলে ৷ নলবাৰীৰ সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দ্বীপজ্যোতি বৰপূজাৰীয়ে সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসমৰ ৮০ শতাংশ মানুহেই দামোদৰীপন্থী যদিও গুৰুজনাৰ জীৱন আৰু দৰ্শন বহু মানুহেই নজনাত উদ্বেগ প্ৰকাশ কৰে ৷ দ্বীপজ্যোতি বৰপূজাৰীয়ে ভাষণ প্ৰসংগত “কৰ্মৰ জড়িয়তে মানুহে ধৰ্ম লাভ কৰে বুলি মন্তব্য কৰি কয় যে “ধৰ্ম নকৰা মানুহৰ মাজত ভেদা-ভেদ বৃদ্ধি পায়” ৷ পিতৃ- মাতৃ আৰু গুৰু ভক্তিৰে আগুৱাই গ’লে জীৱন ধন্য হয় বুলিও মন্তব্য কৰে দ্বীপজ্যোতি বৰপূজাৰীয়ে ৷ সভাত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ন ডেকাই ভাষণ প্ৰদান কৰি কয় যে- গুৰুজনাৰ আদৰ্শ, সৃষ্টিৰাজী আৰু দৰ্শন সম্পৰ্কত আমি অধ্যায়ন কৰি নতুন প্ৰজন্মক উদ্ভাসিত কৰিব লাগিব ৷ সমাজখন সুশৃংখলিত কৰি ৰাখিবলৈ আমি আধ্যাত্মিকভাৱে মহীয়ান হ’ব লাগিব বুলিও কয় নাৰায়ন ডেকাই ৷ সভাত সদৌ অসম দেৱদামোদৰ সংঘৰ সহযোগী প্ৰকাশন সচিব বাণীকান্ত মেধীয়ে ভাষণ প্ৰসংগত “ল’ৰা- ছোৱালীক সৰু কালৰে পৰা শাস্ত্ৰ জ্ঞান দিব লাগে আৰু ধৰ্মত মনোনিৱেশ কৰাব লাগে বুলিও মন্তব্য কৰে ৷ সভাত বৰক্ষেত্ৰী দেৱদামোদৰ সত্ৰৰ কাৰ্যকৰী সভাপতি বিপুল গোস্বামী, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰাজু ডেকা, বৰক্ষেত্ৰী দেৱদামোদৰ সত্ৰৰ সহকাৰী সম্পাদক ক্ৰমে তৰণী বৰ্মন, সুবোধ ডেকাকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সভাত সত্ৰৰ নিষ্ঠাবান কৰ্মীৰ প্ৰয়াত পত্নীসকলক বিশেষভাবে সম্বৰ্ধনা জনায় ৷ সভাপতিৰ ভাষণত নগেন মেধিয়ে “পুনৰাই মানৱ জীৱন ল’বলৈ আমি ঈশ্বৰক সাধনা কৰিব লাগে বুলি মন্তব্য কৰে ৷ ব্ৰজেন্দ্ৰনাথ শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতেই সভা সম্পন্ন হয় ৷ কাৰ্যসূচী অনুসৰি কালি পুৱা দেৱদামোদৰ সত্ৰৰ ধৰ্মধ্বজ্জা উত্তোলন কৰে সত্ৰৰ কাৰ্যকৰী সভাপতি বিপুল গোস্বামীয়ে ৷ পুৱা ৯ বজাত গুৰুচৰিত লৈ গাঁওখনত উলিওৱা হয় ধৰ্মীয় শোভাযাত্ৰা ৷ আবেলি ৪ বজাত দামোদৰীয়া দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে নলবাৰী সত্ৰৰ জ্যোস্নাৰাণী গোস্বামীয়ে ৷ দিহানাম প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে বৰতলা গাঁৱৰ ক্ৰমে ৰিতুমণি ডেকা আৰু শংকৰদেৱ নামতি দলে ৷ তৃতীয় পুৰস্কাৰ লাভ কৰে আম্ৰাট্টাৰী গাঁৱৰ নৱৰূপ নামতি দলে ৷

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
30 %
1kmh
6 %
Thu
32 °
Fri
42 °
Sat
45 °
Sun
45 °
Mon
44 °

Most Popular