30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসম৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বসুন্ধৰা ৩.০ আঁচনিৰ অধীনত ৭৭১ জন হিতাধিকাৰীক...

৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বসুন্ধৰা ৩.০ আঁচনিৰ অধীনত ৭৭১ জন হিতাধিকাৰীক ভূমি পট্টা বিতৰণ।

৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বসুন্ধৰা ৩.০ আঁচনিৰ অধীনত ৭৭১ জন হিতাধিকাৰীক ভূমি পট্টা বিতৰণ।

দুৰ্নীতিৰ দৰ্পণ,মাৰ্ঘেৰিটা, ২৭ ফেব্ৰুৱাৰীঃ
ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে আজি উত্তৰ মাৰ্ঘেৰিটা ৰংমঞ্চত বসুন্ধৰা ৩.০ আঁচনিৰ অধীনত ভূমি পট্টা বিতৰণ অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানটো মাৰ্ঘেৰিটা সম-জিলা প্ৰশাসন আৰু মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ উদ্যোগত অনুষ্ঠিত হয়। ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ মুঠ ৭৭১ জন হিতাধিকাৰী আজিৰ কাৰ্যসূচীত সামৰি লোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ধেমাজিৰ পৰা লাইভ সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি থলুৱা ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ স্বচ্ছ আৰু ডিজিটেল ব্যৱস্থাৰ জৰিয়তে এই প্ৰক্ৰিয়া আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে।
এই পদক্ষেপৰ অধীনত মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মুঠ ৭৭১ জন হিতাধিকাৰীক সামৰি লোৱা হৈছে। ইয়াৰে ৪৬০ জন হিতাধিকাৰী NIJE (অ-ব্যক্তিগত ন্যায়িক সত্তা) শ্ৰেণীৰ অন্তৰ্গত, য’ত বিদ্যালয়, ধৰ্মীয় প্ৰতিষ্ঠান আৰু সামাজিক-সাংস্কৃতিক সংগঠনসমূহ অন্তৰ্ভুক্ত। আনহাতে ৩১১ জন হিতাধিকাৰী হৈছে ব্যক্তিগত থলুৱা ভূমিহীন পৰিয়াল। পট্টা প্ৰদান আৰু বন্দোবস্তি পত্ৰৰ জৰিয়তে দীৰ্ঘদিনীয়া অধিকাৰক আইনী স্বীকৃতি প্ৰদান কৰা হয়, যাৰ ফলত হিতাধিকাৰীসকলে গৃহ নিৰ্মাণ আঁচনি, আৰ্থিক সহায় আৰু বিভিন্ন চৰকাৰী কল্যাণমূলক সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।
আদৰণি ভাষণ প্ৰদান কৰে মাৰ্ঘেৰিটাৰ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তই। হিতাধিকাৰী নিৰ্বাচনৰ সূক্ষ্ম পৰীক্ষণ প্ৰক্ৰিয়া আৰু শ্ৰেণীভিত্তিক বিৱৰণ ব্যাখ্যা দাঙি ধৰে চক্ৰ বিষয়া গৰাকীয়ে। ইয়াৰ উপৰিও উল্লেখ কৰে যে, CDSL (সম-জিলা স্তৰীয় নিৰীক্ষণ সমিতি) দ্বাৰা অনুমোদিত আৰু প’ৰ্টেলত উপলব্ধ তথ্য অনুসৰি মাৰ্ঘেৰিটা ৰাজহ চক্ৰত অগ্ৰগতি হিচাপে চাহ বাগিচাৰ লেবাৰ লাইনৰ ৭৪৯ জন, ব্যক্তিগত চৰকাৰী ভূমি শ্ৰেণীৰ ৪৬৪ জন, নন-কেডাষ্ট্ৰেল (NC) গাঁৱৰ ২০০ জন আৰু মৰাণ-মটক বিশেষ শ্ৰেণীৰ ৩৩৩ জন যোগ্য হিতাধিকাৰীক সামৰি লোৱা হৈছে। এই পৰিসংখ্যাই এই পদক্ষেপৰ অন্তৰ্ভুক্তিমূলক আৰু সুবিন্যস্ত দৃষ্টিভংগী প্ৰতিফলিত কৰে, যাতে কোনো যোগ্য থলুৱা ভূমিহীন পৰিয়াল বা প্ৰাপ্য প্ৰতিষ্ঠান বাদ নপৰে। ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই থলুৱা জনসাধাৰণৰ ভূমি অধিকাৰক অগ্ৰাধিকাৰ দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ সকলো হিতাধিকাৰীক অভিনন্দন জনাই সমষ্টিৰ সকলো থলুৱা সম্প্ৰদায়ৰ কল্যাণ আৰু উন্নয়নৰ বাবে সদায় নিৰন্তৰ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। অনুষ্ঠানৰ অন্তত সকলো হিতাধিকাৰীক অভিনন্দন জনোৱাৰ লগতে এই পদক্ষেপ সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ ৰাজহ বিষয়াসকল আৰু কৰ্মচাৰীৰ আন্তৰিক প্ৰচেষ্টাৰ শলাগ লোৱা হয়।
কাৰ্যসূচীত ৰাহুল দলে ACS, সম-জিলা আয়ুক্ত মাৰ্ঘেৰিটা, উপস্থিত থাকে। সম-জিলা প্ৰশাসন আৰু মাৰ্ঘেৰিটা ৰাজহ চক্ৰ লগতে আন জ্যেষ্ঠ বিষয়াসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিভিন্ন বিভাগৰ প্ৰতিনিধিসকল, সংবাদ মাধ্যমৰ সদস্যসকল আৰু অন্যান্য সন্মানীয় অতিথিসকলেও অনুষ্ঠানত উপস্থিত আছিল।

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular