29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeআমাৰ সাংবাদিককেতিয়া মুকলি হ'ব ধুবুৰী -গৌৰীপুৰৰ একমাত্ৰ সহযোগী পথৰ উৰনীয়া সেতু

কেতিয়া মুকলি হ’ব ধুবুৰী -গৌৰীপুৰৰ একমাত্ৰ সহযোগী পথৰ উৰনীয়া সেতু

কেতিয়া মুকলি হ’ব ধুবুৰী -গৌৰীপুৰৰ একমাত্ৰ সহযোগী পথৰ উৰনীয়া সেতু

গৌৰীপুৰ পৰা শেখৰ দাসৰ প্ৰতিবেদন :- ধুবুৰী জিলাৰ গৌৰীপুৰ বেপাৰী পট্ৰীৰ পৰা প্ৰায় পাগলা বাবাৰ মন্দিৰ লৈকে একমাত্ৰ উৰনীয়া সেতুৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ডেৰ মাহ পূৰ্বে মুকলি কৰাৰ কথা আছিল যদিও এতিয়ালৈকে উৰুনীয়া-সেতু খন মুকলি নোহোৱাৰ ফলত একাধিক ৰাইজ বিপদৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে বুলি অভিযোগ উঠিছে । অভিযোগ মতে , ধুবুৰীৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত যাবলগীয়া এক মাত্ৰ ৰাস্তা হৈছে ধুবুৰীৰ পৰা গৌৰীপুৰ বেপাৰী পট্ৰী হৈ যাব লগা হয় । ঠিক তেনেকুৱা স্থানত উক্ত উৰণীয়া সেতুৰ সন্মুখত ৰেল যাতায়াতৰ বাবে ৰেল ক্ৰছিঙৰ গেট বন্ধ কৰি দিয়াৰ পিছত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত যোৱা ৰোগীকে ধৰি সকলৰ এম্বুলেন্সৰ উপৰিও স্কুলত যোৱা ছাত্ৰ -ছাত্ৰীৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ আৰু সাধাৰণ জনতাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে বুলি অভিযোগ উঠিছে। প্ৰাপ্ত অভিযোগ মতে , তীব্ৰ যানজঁটত আবদ্ধ হোৱাৰ সময়তে ধুবুৰী জিলাৰ সদৰৰ পৰা উলিয়াই গুৱাহাটী ধৰি বিভিন্ন প্ৰান্তত যোৱা যেনে ৰুপচী বিমান বন্দৰৰ যাত্ৰীকে ধৰি বিভিন্ন ঠাইত যাবলগীয়া প্ৰয়োজনীয় কামৰ বাবে যাত্ৰী সকলে ৰেল গেট বন্ধ কৰি দিয়াৰ লগে লগে জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈ থাকে বুলি অভিযোগত প্ৰকাশ । আনহাতে, উক্ত উৰণীয়া সেতু আনুষ্ঠানিক ভাৱে ডেৰ মাহ পূৰ্বে মুকলি কৰাৰ কথা আছিল যদিও সময় মতে উৰনীয়া সেতুৰ নিৰ্মাণ কাৰ্য সম্পৰ্ণ হোৱাৰ পিছতো সেতু খনৰ শুভাৰম্ভ নকৰাৰ বাবেই স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । ইপিনে , ধুবুৰী জিলাৰ আয়ুক্তৰ লগতে বিভাগীয় মন্ত্ৰী – আমোলা বিষয়াক গৌৰীপুৰৰ মাজত থকা উৰুনীয়া সেতু খন মুকলি কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular