39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমজাগীৰোডত পট্টা বিতৰণ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ,৫৬০ গৰাকী লোক আৰু ২৮৪ টা অনুষ্ঠানক...

জাগীৰোডত পট্টা বিতৰণ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ,৫৬০ গৰাকী লোক আৰু ২৮৪ টা অনুষ্ঠানক প্ৰদান ডিজিটেল পট্টা

জাগীৰোডত পট্টা বিতৰণ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ 

৫৬০ গৰাকী লোক আৰু ২৮৪ টা অনুষ্ঠানক প্ৰদান ডিজিটেল পট্টা

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২৭ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী  ড° হিমন্ত বিশ্ব শৰ্মাই ধেমাজিত মিছন বসুন্ধৰা ৩.O আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ পিছতে ৰাজ্যৰ আন আন জিলাসমূহত আৰম্ভ হয় পট্টা বিতৰণ কাৰ্যসূচী। সমান্তৰালকৈ জাগীৰোড সমষ্টিত আজি এই পট্টা আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। জাগীৰোড সমষ্টিৰ ৫৬০ গৰাকী ব্যক্তিক ভূমি পট্টা প্ৰদান কৰাৰ লগতে ২৮৪ টা ৰাজহুৱা স্থানলৈ প্ৰদান কৰা হয় ডিজিটেল পট্টা। খিলঞ্জীয়া লোক আৰু অনুষ্ঠানৰ ভূমি অধিকাৰ সুৰক্ষিত আৰু সুনিশ্চিত কৰাৰ উদ্দেশ্যে লোৱা এই পদক্ষেপৰ বাবে সকলোৱে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হয়। জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত সহস্ৰাধিক লোকৰ উপস্থিতিত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত মিছন বসুন্ধৰা ৩.O ৰ জড়িয়তে  খিলঞ্জীয়া ভূমিহীন লোক আৰু ৰাজহুৱা অনুষ্ঠান সমূহক এই পট্টা বিতৰণ কৰা হয় ৷ অনুষ্ঠানত জাগীৰোড সমজিলাৰ আয়ুক্ত হৃদয় কুমাৰ দাস, মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগকে ধৰি চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular