জনতাৰ বিপুল হৰ্যোল্লাসৰ মাজেৰে আজি মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ তৃতীয়টো দিন , শ্রীশ্রী মা কল্যাণী থানত সেৱা আগবঢ়াই গহপুৰ সমষ্টিৰ পৰা শুভাৰম্ভ কৰা যাত্ৰাই আজি সামৰি ল’লে বিহপুৰীয়া, ৰঙানদী আৰু নাওবৈচা সমষ্টিক , অসমবাসীক আকৌ এবাৰ সেৱা কৰাৰ সুযোগ প্রদানৰ বাবে ৰাইজৰ আশীৰ্বাদ প্রার্থনা মুখ্যমন্ত্ৰীৰ
ষ্টাফ ৰিপৰ্টাৰ বাইহাটা চাৰিআলি, ০২ মার্চ: অসমবাসী ৰাইজৰ শুভাশিস, সমর্থন আৰু পৰামৰ্শ বিচাৰি ভাৰতীয় জনতা পার্টি, অসম প্রদেশে গ্রহণ কৰা ‘জন আশীৰ্বাদ যাত্ৰা’ৰ আজিৰ তৃতীয়টো দিনৰ কাৰ্যসূচীলৈও জনসাধাৰণে ব্যাপক সমর্থন আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে আজি পুৱা গহপুৰৰ ডিপৰাস্থিত ঐতিহাসিক শ্রীশ্রী মা কল্যাণী থানত সেরা আগবঢ়াই গহপুৰ সমষ্টিৰ পৰা তৃতীয় দিনৰ বাবে এই যাত্ৰাৰ শুভাৰম্ভ কৰে। আজিৰ দিনটোত এই যাত্রাই বিহপুৰীয়া, ৰঙানদী আৰু নাওবৈচা সমষ্টিকো সামৰি লয়। আজি নিশাপর্যন্ত চলা এই জন আশীর্বাদ যাত্রাত প্রতিটো সমষ্টিতে পথৰ দুয়োকাষে সমবেত অগণন জনতাই বিভিন্ন স্থানত তেওঁক আদৰণি জনাই ভাৰতীয় জনতা পাৰ্টিৰ প্রতি আস্থা আৰু বিশ্বাস প্রকাশ কৰে। যাত্রাপথত ঠায়ে ঠায়ে সমবেত ৰাইজক উদ্দেশ্যি প্রদান কৰা ভাষণত মুখ্যমন্ত্রীয়ে কয় যে এই জন আশীৰ্বাদ যাত্ৰাৰ মূল লক্ষ্য হ’ল সমাগত বিধানসভা নির্বাচনত যাতে ৰাইজে যাতে ভাৰতীয় জনতা পার্টিক আকৌ এবাৰ অসমবাসীক সেৱা কৰাৰ সুযোগ প্রদান কৰে, তাৰ বাবে ৰাইজৰ আশীৰ্বাদ প্রার্থনা কৰা। তেওঁ কয় যে বিগত পাঁচটা বছৰত এই সমষ্টিকেইটাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰা প্ৰায়বোৰ প্রতিশ্রুতিয়েই বাস্তবত ৰূপায়িত হৈছে। গহপুৰৰ ৰাইজক উদ্দেশ্যি প্রদান কৰা ভাষণত তেওঁ কয় যে গহপুৰৰ কনকলতা বিশ্ববিদ্যালয়, গহপুৰ-নুমলীগড় সংযোগী সুৰংগ পথৰ দৰে প্ৰকল্পও বাস্তৱত ৰূপায়িত হোৱাৰ দিশত আগবাঢ়িছে। তেওঁ কয় যে এই প্রকল্প দুটাৰ কাম সম্পূর্ণ হ’লে গহপুৰ অসমৰ ভিতৰতে এক বিকশিত অঞ্চললৈ ৰূপান্তৰিত হ’ব আৰু গহপুৰে অভূতপূর্ব উন্নয়নৰ মুখ দেখিব। ব্ৰহ্মপুত্ৰৰ তলৰ সুৰংগ পথে গহপুৰক গোলাঘাটৰ সৈতে ৰে’লপথেৰেও সংযোগ কৰিব আৰু গহপুৰ উত্তৰ অসম আৰু উজনি অসমৰ সংযোগস্থলত পৰিণত হ’ব। সেইদৰে কনকলতা বিশ্ববিদ্যালয় হৈ যোৱাৰ লগে লগে গহপুৰ শিক্ষাৰ এক অন্যতম কেন্দ্রস্থল হৈ পৰিব। মুখ্যমন্ত্রীয়ে কয় যে যোৱা পাঁচ বছৰত চৰকাৰে ৰাজ্যখনৰ বাবে যিমান কাম কৰিলে, অহা পাঁচ বছৰত তাৰ চাৰিগুণ কাম কৰিব। জন আশীর্বাদ যাত্রালৈ সমষ্টিকেইটাৰ সকলো শ্ৰেণীৰ জনতাই আগবঢ়োৱা অভূতপূর্ব সঁহাৰিত অভিভূত হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাইজৰ এই অফুৰন্ত আশীর্বাদে আগন্তুক পাঁচ বছৰত ৰাজ্যৰ দ্রুত বিকাশৰ দিশত অধিক উদ্যম আৰু উৎসর্গিতভাবে কাম কৰি যোৱাৰ বাবে সংকল্পবদ্ধ হ’বলৈ উৎসাহ তথা প্ৰেৰণা প্ৰদান কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনৰ জৰিয়তে অসমৰ জনসাধাৰণে ভাৰতীয় জনতা পার্টি মিত্ৰজোঁটক পুনৰ এবাৰ ৰাজ্যবাসীক সেৱা কৰাৰ সুযোগ প্রদান কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। স্মর্তব্য যে , আজি এই জন আশীর্বাদ যাত্ৰাৰ মাজতে মুখ্যমন্ত্রী ড° শৰ্মাই নাৰায়ণপুৰত প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ এটা প্রতিমূর্তি উন্মোচন কৰে। উল্লেখযোগ্য যে , যোৱা ২৮ ফেব্ৰুৱাৰীত ঢেকিয়াজুলি সমষ্টিৰ পৰা আৰম্ভ হোৱা জন আশীর্বাদ যাত্রাই ইতিমধ্যে বৰছলা, তেজপুৰ, নদুৱাৰ, ৰঙাপাৰা, জাগীৰোড, মৰিগাঁও, বহা, নগাঁও আৰু বঢ়মপুৰ সমষ্টি সামৰি লৈছে। আজি তৃতীয়টো দিনত এই যাত্রা গহপুৰৰ পৰা আৰম্ভ হৈ বিহপুৰীয়া, ৰঙানদী হৈ নাওবৈচা সমষ্টিত অন্ত পৰাৰ পাছত অহা ৫ মার্চত চতুর্থটো দিনত ধেমাজি, চিচিবৰগাঁও আৰু জোনাই সমষ্টিক সামৰি ল’ব। প্রথম পর্যায়ৰ এই যাত্ৰাৰ অহা ৯ মাৰ্চত সামৰণি পৰিব। আজিৰ এই তৃতীয় দিনৰ কাৰ্যসূচীত ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়া, মন্ত্রী অশোক সিংহল, বিধায়ক উৎপল ৰাকে ধৰি কেইবাগৰাকীও দলীয় শীর্ষ কার্যকর্তাই অংশগ্রহণ কৰে।

