40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমনিৰন্তৰ কাৰ্যসূচীৰ তেইশ সংখ্যক অনুষ্ঠান

নিৰন্তৰ কাৰ্যসূচীৰ তেইশ সংখ্যক অনুষ্ঠান

নিৰন্তৰ কাৰ্যসূচীৰ তেইশ সংখ্যক অনুষ্ঠান

দুৰ্নীতিৰ দৰ্পণ, মৰিগাঁও ২ মাৰ্চ: মৰিগাঁও জিলাৰ সাঁচিপাত পুথিভঁৰাল ঐতিহ্য ভৱন মৰিগাঁও
শিক্ষা বিভাগে নিৰন্তৰ কাৰ্যসূচীৰ অধীনত অৱসৰৰ লগে লগে শিক্ষক -কৰ্মচাৰী সকলক আগবঢ়াই অহা অৱসৰকালীন সা-সুবিধা যেনে জমা-ছুটী বেতন, বীমা ধনৰ মঞ্জুৰী পত্ৰ আদি আজি তেইশ গৰাকী শিক্ষক-কৰ্মচাৰীক জিলাৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনু্ঠানত প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে শিক্ষাবিদ ড° ফণীভূষণ নাথ উপস্থিত থাকে। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত অসম উন্নতি সভাৰ সম্পাদক অতনু কুমাৰ শৰ্মাই অৱসৰী শিক্ষক -কৰ্মচাৰী সকলক উৎসাহিত কৰি বক্তব্য প্ৰদান কৰে। তেওঁ অৱসৰী শিক্ষক সকল অভিজ্ঞতাৰ আকৰ বুলি অভিহিত কৰি সেই অভিজ্ঞতাক সমাজৰ কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে জিলাখনত যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা প্ৰতিমাহে আয়োজন কৰি অহা এই নিৰন্তৰ কাৰ্যসূচীয়ে শৈক্ষিক তথা বৌদ্ধিক সমাজৰ বিশেষ সমাদৰ বুটলিবলৈ সক্ষম হৈছে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular