29.1 C
New Delhi
Friday, April 17, 2026
spot_img
Homeসম্পাদকীয়সুস্থ সমাজ গঠনত নাৰীৰ ভূমিকা , সুস্থ সমাজ গঢ়িবলৈ সুস্থ মানসিকতাৰ প্ৰয়োজন

সুস্থ সমাজ গঠনত নাৰীৰ ভূমিকা , সুস্থ সমাজ গঢ়িবলৈ সুস্থ মানসিকতাৰ প্ৰয়োজন

সুস্থ সমাজ গঠনত নাৰীৰ ভূমিকা , সুস্থ সমাজ গঢ়িবলৈ সুস্থ মানসিকতাৰ প্ৰয়োজন

✍️ আয়শা ছিদ্দিকা (আছৰি) বাংলিপাৰা, বৰপেটা
কোনো সমাজ সুস্থ-সবল হৈ উঠিবনে নাই, সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে তাত বাস কৰা নাৰীসকলৰ স্থিতি, মৰ্যদা আৰু সামাজিক কাম-কাজত অংশগ্ৰহণৰ ওপৰত। কাৰণ নাৰীয়ে পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰৰ গঢ় দিয়া মূল হিচাপে কাম কৰে। সমাজ মানুহৰ এক বৃহৎ পৰিসৰ, যাৰ গঠন আৰু বিকাশত পুৰুষ আৰু নাৰী উভয়ৰে অৱদান সমানভাৱে গুৰুত্বপূৰ্ণ। এটা সুস্থ সমাজ নৈতিকতা, সামাজিক ন্যায়, আৰু মানসিক শান্তিৰে পৰিপূৰ্ণ হয়। তেনে এক সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা অপৰিসীম। পৰিয়ালৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নাৰীৰ চিন্তা-চেতনা, কাৰ্য-দক্ষতা আৰু সহানুভূতিশীল দৃষ্টিভংগীয়ে সমাজক আগুৱাই নিবলৈ ইন্ধন যোগায়। পৰিয়ালেই হৈছে সমাজৰ প্ৰাথমিক শিক্ষাৰ মূল কেন্দ্ৰ। আৰু এই শিক্ষাৰ মূল কেন্দ্ৰবিন্দু হৈছে নাৰী। সন্তানে নৈতিক শিক্ষা মাতৃৰ পৰা লাভ কৰে। ধৈৰ্য, সহিষ্ণুতা, সত্যবাদীতা, পৰোপকাৰিতাৰ দৰে গুণসমূহ মাতৃয়ে নিজৰ আচৰণৰ মাজেৰে সন্তানক শিকায়। এগৰাকী শিক্ষিতা আৰু সচেতন মাতৃয়ে সন্তানক জীৱনটোক কেনেকৈ সৎ, সুস্থ আৰু সুন্দৰভাৱে পৰিচালনা কৰিব লাগে তাৰ জ্ঞান দিয়ে। সেয়ে পৰিয়ালত নাৰীৰ ভূমিকা এগৰাকী ঘৰুৱা কৰ্মীৰ সীমা অতিক্ৰমি সমাজ গঠনকাৰী শক্তি হিচাপে পৰিগণিত হয়। আধুনিক যুগত নাৰীৰ ভূমিকা পৰিয়ালৰ আবদ্ধ সীমাৰ পৰা বাহিৰ হৈ ৰাজহুৱা ক্ষেত্ৰতো সমানে প্ৰতিষ্ঠিত হৈছে। শিক্ষা, চিকিৎসা, আইন, প্ৰশাসন, বিজ্ঞান, তথ্য-প্ৰযুক্তিকে ধৰি জ্ঞান-বিজ্ঞানৰ সকলো শাখাতে নাৰীয়ে নিজৰ মেধা আৰু প্ৰতিভাৰে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এনেদৰে সমাজ জীৱনত অৰিহণা যোগাই নাৰীয়ে সামাজিক কামত নিয়োজিত হোৱাও পৰিলক্ষিত হয়। অৰ্থনৈতিক ক্ষেত্ৰতো নাৰীৰ অংশগ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ। আজিৰ তাৰিখে গৃহিণী হৈ থকা নাৰীয়ে ঘৰৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ উপৰিও বহু নাৰী ক্ষুদ্ৰ উদ্যোগ, কৃষি, হস্তশিল্প, আৰু ব্যৱসায়-বাণিজ্যৰ লগত জড়িত হৈ পৰিয়ালক অৰ্থনৈতিক দিশত সহায় কৰে। এই আৰ্থিক স্বাৱলম্বিতাই নাৰীক সবল কৰাৰ লগতে সমাজৰ দাৰিদ্ৰ্য দূৰীকৰণ আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাত সহায় কৰে। এগৰাকী অৰ্থনৈতিকভাৱে সক্ষম নাৰীয়ে নিজৰ সন্তানৰ শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত বিনিয়োগ কৰি সমাজৰ ভৱিষ্যত প্ৰজন্মটো সুস্থ আৰু শিক্ষিত হৈ গঢ়ি উঠাত প্ৰত্যক্ষভাৱে অৰিহণা যোগায়। ভোটদানৰ অধিকাৰৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক দল, স্থানীয় স্বায়ত্তশাসিত সংস্থা, আৰু বিধান সভালৈকে নাৰীসকল আগবাঢ়ি আহিছে। তেওঁলোকে সমাজত হৈ থকা অন্যায়, অত্যাচাৰ, আৰু বৈষম্যৰ বিৰুদ্ধে মাত মাতি সমাজখনক অধিক ন্যায়সংগত আৰু মানৱীয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নাৰীৰ এই ৰাজনৈতিক সচেতনতাই এক সুষম আৰু অংশগ্ৰহণমূলক সমাজ গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰে।সেইকাৰণে কোৱা হয় বৰ্তমান সময়ত ৰাজনৈতিক সজাগতা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰখনতো নাৰীৰ অংশগ্ৰহণ অনস্বীকাৰ্য। ইয়াৰোপৰিও নাৰী এগৰাকী সমাজকৰ্মী হিচাপেও সমাজত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। বহু নাৰীয়ে নিজৰ জীৱন সমাজসেৱাত উছৰ্গা কৰি অশিক্ষা দূৰীকৰণ, নিচামুক্তি, পৰিৱেশ গঢ়া , আৰু মহিলা সবলীকৰণৰ কাম কৰি আছে। তেওঁলোকৰ কৰ্মৰ মাজেৰে সমাজৰ উপেক্ষিত, বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ মানুহে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ’ব নালাগে যাৰ ফলত এক সুস্থ আৰু সামাজিক ন্যায়ভিত্তিক সমাজ গঢ়ি উঠিব পাৰে। এটা সুস্থ সমাজ গঢ়ি তুলিবলৈ নাৰীৰ ভূমিকাক কোনেও অস্বীকাৰ কৰিব নোৱাৰিব । নাৰী শিক্ষিত হোৱা, সমাজত পৰিলক্ষিত হোৱা বৈষম্য দূৰ কৰা, নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলা, আৰু সকলো ক্ষেত্ৰতে নাৰীৰ অংশগ্ৰহণ নিশ্চিত কৰাটো সমাজৰ উন্নয়নৰ মূল চাবিকাঠিস্বৰূপ। কাৰণ নাৰী যেতিয়া আগবাঢ়ে, সমাজখনক লৈ আগবাঢ়ে। নাৰী যেতিয়া সৱল হয়, সমাজখনো হয় সৱল। সেয়েহে, এগৰাকী মাতৃ, ভগ্নী, সহধৰ্মিনী, জীয়ৰী আৰু নাগৰিক হিচাপে নাৰীৰ জ্ঞান, ধৈৰ্য, কৰ্ম আৰু সহানুভূতিয়ে সমাজখনক এক সুস্থ, সুন্দৰ, আৰু শক্তিশালী ৰূপ প্ৰদান কৰিবলৈ সক্ষম হয়।যাৰ বাবেই কোৱা হয় সুস্থ সমাজ গঠন কৰিবলৈ নাৰীৰ ভূমিকা অপৰিসীম। নাৰী বুলি দুৰ্বল চিত্তৰ জ্ঞান নকৰি আগবাঢ়ি যাবলৈ উৎসাহিত কৰা উচিত।

RELATED ARTICLES
Lucknow
haze
26 ° C
26 °
26 °
44 %
1kmh
20 %
Thu
30 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular