কামৰূপ জিলাত বান প্ৰস্তুতিৰ পৰ্যালোচনা সভা
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৬ মাৰ্চঃ আগন্তুক বাৰিষা কালত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলাৰ বান প্ৰস্তুতিৰ পৰ্যালোচনা সভাখন আজি আমিনগাঁৱস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় ।সভাত আয়ুক্তগৰাকীয়ে কামৰূপ জিলাত সম্ভাব্য বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তথা অন্যান্য বিভাগসমূহ যেনে, সমাজ কল্যাণ, খাদ্য, অসামৰিক যোগান আৰু ৰাজহুৱা বিতৰণ, লোক নিৰ্মাণ (পথ), শিক্ষা, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, এপিডিচিএল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, কৃষি, মীন আদি বিভাগে প্ৰস্তুত কৰা পৰিকল্পনা আৰু এইপৰ্যন্ত পৰিকল্পনা অনুযায়ী হাতত লোৱা ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে। সভাত জিলা আয়ু্ক্তগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, পশুপালন আৰু পশুচিকিৎসা, এ পি ডি চি এল আদি বিভাগে বানপানীৰ সময়ত প্ৰয়োজনসাপেক্ষে বিশুদ্ধ খোৱাপানী যোগান, অস্থায়ী প্ৰসাৱগাৰ-শৌচাগাৰ স্থাপন, ব্লিচিঙ পাউদাৰ যোগান, বিদ্যুৎ যোগান ব্যাহত হ’লে ল’বলগীয়া জৰুৰীকালীন ব্যৱস্থাৱলী আৰু বান পৰিস্থিতিত ট্ৰেন্সফৰমাৰসমূহৰ বাবে যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰু বানত ক্ষতিগ্ৰস্ত হ’ব পৰা মথাউৰিসমূহৰ সবলীকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে। লগতে তেওঁ প্ৰতিজন ৰাজহ চক্ৰ বিষয়াক নিজ নিজ চক্ৰৰ অধীনত থকা নলা, জান-জুৰিকে ধৰি প্ৰাকৃতিক জলভাগৰ ওপৰত হোৱা বেদখলসমূহ চিনাক্ত কৰি তেনে এলেকাসমূহ বেদখল মুক্ত কৰাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ সকলো সংশ্লিষ্ট বিভাগে বান পৰিস্থিতিৰ সময়ত বান প্ৰভাৱিত এলেকাত চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ সৈতে সমন্বয় বজাই ৰাখি কাম কৰিব লাগিব বুলিও উল্লেখ কৰে।সভাত উপস্থিত থাকি কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰাজীৱ দত্ত চৌধুৰীয়ে বান পৰিস্থিতিৰে মোকাবিলাৰ প্ৰস্তুতি হিচাবে জিলাখনত ১১ টা ৰাজহ চক্ৰৰ অধীনত পৰ্যাপ্ত সংখ্যক আশ্ৰয় শিবিৰ চিনাক্ত কৰা হৈছে আৰু সাহাৰ্য তথা উদ্ধাৰ অভিযানৰ বাবে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দল সাজু কৰি ৰখা হৈছে বুলি জনোৱাৰ লগতে অন্যান্য ব্যৱস্থাৱলী সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়।সভাত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামীৰ, অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী, ৰঙিয়াৰ সম-জিলা আয়ুক্ত দেৱাশীষ গোস্বামী, বকো ছয়গাঁও সম জিলা আয়ুক্ত প্ৰিয়াংশু ভাৰদ্বাজ, ৰাজহ চক্ৰ বিষয়াসকলকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

