37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeসম্পাদকীয়অসম বিধানসভাৰ নিৰ্বাচন আৰু মানকাচৰ সমষ্টিৰ এক বাস্তৱ বিশ্লেষণ

অসম বিধানসভাৰ নিৰ্বাচন আৰু মানকাচৰ সমষ্টিৰ এক বাস্তৱ বিশ্লেষণ

অসম বিধানসভাৰ নিৰ্বাচন আৰু মানকাচৰ সমষ্টিৰ এক বাস্তৱ বিশ্লেষণ
চানবৰ আলী, মানকাচৰ
যিকোনো মূহুৰ্তত ঘোষণা হ’ব অসম বিধানসভাৰ নিৰ্বাচনৰ দিন। প্ৰতিটো ৰাজনৈতিক দলে হাতত লৈছে ন ন ৰণকৌশল। পিছে সঘনাই চৰ্চাত মানকাচৰ বিধানসভা সমষ্টি । নতুনকৈ সমষ্টি পুনঃ গঠন হোৱাৰ পিছত পুৰণি দক্ষিণ শালমাৰা সমষ্টিৰ পৰা এটা জিলা পৰিষদ মানকাচৰ সমষ্টিত সংযোগ হৈছে। এতিয়া মানকাচৰ সমষ্টিৰ মুঠ ভোটাৰ ৩ লাখতকৈ অধিক। ২০২১ চনত কংগ্ৰেছৰ লগত মিত্ৰতা হোৱাৰ পিছত কংগ্ৰেছে মানকাচৰ সমষ্টিখন এৰি দিছিল এআইইউডিএফক । এআইইউডিএফে প্ৰাৰ্থী দিছিল দলটোৰ সাধাৰণ সম্পাদক ( সাংগঠনিক) অধিবক্তা আমিনুল ইছলামক। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল প্ৰাক্তন বিধায়ক জাবেদ ইছলাম। যিহেতু মানকাচৰ সমষ্টিখন সংখ্যালঘু ভোটাৰৰ আধিপত্য থকা এখন সমষ্টি , ইয়াত কংগ্ৰেছ আৰু এআইইউডিএফৰ ভোটাৰে অনা- আয়াসে জিকাই দিছিল অধিবক্তা আমিনুল ইছলামক, নিৰ্বাচনত হৈছিল মানকাচৰ সমষ্টিৰ বিধায়ক হিচাপে। সময় সদায় পৰিৱৰ্তনশীল। সময় যোৱাৰ লগে লগেই কংগ্ৰেছৰ কৰ্মীৰ লগত দুৰত্ব বাঢ়িল এআইইউডিএফৰ। ৰাজ্যিক পৰ্যায়ত ভংগ হ’ল কংগ্ৰেছ – এআইইউডিএফৰ মিত্ৰতা। এইবেলি মানকাচৰ সমষ্টিত চলিছে এখন আকৰ্ষণীয় নিৰ্বাচনী যুঁজ। কিয়নো খোদ কংগ্ৰেছ দলৰ পৰাই মানকাচৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে ৮ গৰাকী কৈ প্ৰাৰ্থীয়ে। এতিয়া মানকাচৰ সমষ্টিত এনেকুৱা এক প্ৰতিদ্বন্দ্বিতা চলিছে যে যিয়েই কংগ্ৰেছৰ টিকট লাভ কৰিব তেওঁ যেন সোণৰ হৰিণ লাভ কৰিব। কংগ্ৰেছৰ ৮ গৰাকী কৈ প্ৰাৰ্থীয়ে টিকটৰ দৌৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত আজি আবেলিৰ পৰা আকস্মিকভাৱে মানকাচৰত তোলপাৰ লগাইছে এখন ফটো কাৰ্ড এ। মানকাচৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা বৰ্তমানৰ বিধায়ক আমিনুল ইছলামৰ! সমষ্টিখনত কংগ্ৰেছৰ মাজত লাগি গ’ল এক হুলস্থুলীয়া পৰিৱেশ ! এতিয়া প্ৰশ্ন হ’ল সচাকৈয়ে বৰ্তমানৰ বিধায়ক আমিনুল ইছলামে মানকাচৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট লাভ কৰিব নে? নে ৰাজনৈতিক ভাৱে কংগ্ৰেছ কৰ্মী সকলৰ মাজত মিছা বাতৰি বিয়পি দি কোনোবাই ৰাজনৈতিক মুনাফা ল’ব বিচাৰিছে ! এতিয়া আহোঁ মূল কথালৈ, ইতিমধ্যে কংগ্ৰেছ দলে সকলোকে আচৰিত কৰি অসমত বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ আগতেই চমক দি ৪২ জনীয়া এখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। পৰিতাপৰ বিষয় এই যে এই ৪২ জনীয়া তালিকাত নাম নাই মানকাচৰ সমষ্টিৰ এয়া আচৰিত হোৱাৰ বিষয়েই নহয় এয়া মানকাচৰ সমষ্টিৰ কংগ্ৰেছৰ ভাবে এক বিচিত্ৰৰ বিষয় হৈ পৰিছে। যিহেতু মানকাচৰ সমষ্টিত কংগ্ৰেছৰ কোনো বিধায়ক নাই আৰু কংগ্ৰেছৰ প্ৰথম খন তালিকাত মানকাচৰ সমষ্টি সন্নিৱিষ্ট হোৱা এক সাধাৰণ কথা আছিল যদিও এই সাধাৰণ কথা এতিয়া অসাধাৰণ হৈ পৰিছে। এতিয়া প্ৰশ্ন হ’ল সচাকৈয়ে যদি মানকাচৰ সমষ্টিৰ পৰা বৰ্তমানৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কংগ্ৰেছৰ টিকট লাভ কৰে এয়া আচৰিত হোৱাৰ একো নাথাকিব। কিয়নো বিধায়ক আমিনুল ইছলামে বিগত কিছুদিন ধৰি এআইইউডিএফৰ কোনো এখন সভাত উপস্থিত থকা নাই, মানকাচৰ সমষ্টিত এআইইউডিএফৰ কোনো প্ৰচাৰ ও চলোৱা নাই। বিধায়ক আমিনুল ইছলামৰ এনে নিৰৱতা এতিয়া মানকাচৰ সমষ্টিত এক ৰহস্যৰ বিষয় হৈ পৰিছে। সচাকৈয়ে বৰ্তমানৰ বিধায়ক আমিনুল ইছলামে এইবেলি বিধানসভাৰ নিৰ্বাচনত মানকাচৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব নে এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে সমষ্টিখনৰ ভোটাৰে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular