নাহৰকটীয়া, টিংখাং, খোৱাং, মাহমৰা আৰু দুলীয়াজান বিধানসভা সমষ্টিৰ সৰ্বস্তৰৰ জনতাই আদৰিলে মুখ্যমন্ত্ৰীক , বিগত ৫ বছৰৰ তুলনাত চাৰিগুণ বেছি উন্নয়ন অনাগত ৫ বছৰত কৰা হ’ব : মুখ্যমন্ত্রী , ৰাইজে আমাক দিয়া আশীৰ্বাদৰ বাবেই অসমত আকৌ এবাৰ বিজেপি চৰকাৰ হ’বঃ ড° শৰ্মা
দুলিয়াজান,পিএন চি, ৬ মার্চ: নাহৰকটীয়া, খোৱাং, মাহমৰা, টিংখাং আৰু দুলীয়াজান বিধানসভা সমষ্টিৰ সৰ্বস্তৰৰ জনতাৰ বিপুল উৎসাহ আৰু সমর্থনৰ মাজত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি পঞ্চম দিনা জন আশীর্বাদ যাত্রাত অংশগ্ৰহণ কৰে। পুৱাৰে পৰা মাজনিশালৈ চলা এই যাত্রাত দল-মত নির্বিশেষে হাজাৰ হাজাৰ পুৰুষ-মহিলা, যুৱক-যুৱতী ৰাজপথলৈ উলাই আহি অসমৰ উন্নয়নৰ অনিৰুদ্ধ গতি অব্যাহত ৰখাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মা আৰু ভাৰতীয় জনতা পার্টিক শুভাশীষ প্রদান কৰে। নাহৰকটীয়াত আৰম্ভহোৱা আজিৰ জন আশীৰ্বাদ যাত্ৰা পাৰ হৈ যোৱা সমষ্টিকেইটাৰ প্ৰতিটো অঞ্চলতে ৰাইজৰ পাৰভঙা উৎসাহ পৰিলক্ষিত হয়। আশীর্বাদ যাত্রাত অংশগ্ৰহণ কৰা ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাইজৰ মৰমত তেওঁ অভিভূত হৈ পৰিছে। তেওঁ কয়- ‘যোৱা ৫ টা দিনৰ যাত্ৰাত ৰাইজৰ মাজত থাকি অনুভৱ কৰিছোঁ যে ৰাইজে আমাক হিয়া উজাৰি আশীৰ্বাদ দিছে। ৰাইজৰ এই আশীৰ্বাদৰ বাবেই অসমত আকৌ এবাৰ বিজেপি চৰকাৰ হ’ব বুলি আমি নিশ্চিত হৈছোঁ।’ তেওঁ কয় যে এনেদৰে ৰাইজৰ আশীৰ্বাদ পাই থাকিলে ভাগৰ অনুভৱ নহয়, অসমৰ বিকাশৰ বাবে কাম কৰি থাকিব পাৰি। এটা সপোন পূৰণ হ’লে ১০ টা নতুন সপোনৰ জন্ম হয় বুলি মন্তব্য কৰি ড° শৰ্মাই কয় যে বিকশিত অসমৰ বাবে দেখা সকলো সপোন অনাগত সময়ত পূৰণ কৰা হ’ব। বিগত ৫ বছৰত ৰাজ্যখনৰ যিমান উন্নয়ন হ’ল তাতকৈ চাৰিগুণ বেছি উন্নয়ন অনাগত ৫ বছৰত কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত সময়ত অসমত ঔদ্যোগিকৰণৰ এটা পৰিৱেশ নিৰ্মাণ হ’ল। দেশৰ ঔদ্যোগিক মানচিত্রত অসমে প্রতিষ্ঠা লাভ কৰিলে। অসমত ৩ লাখ কোটি টকাৰ বিনিয়োগৰ পথ মুকলি হ’ল। মুখ্যমন্ত্রীয়ে কয় যে অসমত উদ্যোগ স্থাপন হোৱাৰ ফলত অসমৰ যুৱক-যুৱতী কম দৰমহাৰ চাকৰি কৰিবলৈ বাহিৰলৈ যাবলগীয়া নহ’ব। অনাগত ৫ টা বছৰত বাহিৰত কম দৰমহাত কাম কৰি থকা অসমৰ যুৱক-যুৱতীসকল অসমলৈ উভটি আহিব। তেওঁ কয় যে , বিজেপি চৰকাৰে পৰৱৰ্তী ৫ টা বছৰত ৰাজ্যৰ আই-মাতৃসকলক উদ্যমিতা আঁচনিৰ জৰিয়তে ২৫ হাজাৰ টকাকৈ দিব, ১০ লাখ লোকলৈ ব্যৱসায়-বাণিজ্য আৰু উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে ২ লাখ টকাকৈ আগবঢ়োৱা হ’ব। বিগত বিধানসভা নির্বাচনত ১ লাখ চৰকাৰী চাকৰি দিয়াৰ প্রতিশ্রুতি দি ১ লাখ ৬০ হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়া হ’ল বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী ৫ বছৰত ২ লাখ যুৱক-যুৱতীক স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব। কেৱল শিক্ষক পদতে ৭০ হাজাৰক নিযুক্তি দিয়া হ’ব। উল্লেখযোগ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রী ড° শৰ্মাই বৰছলা, ঢেকীয়াজুলি, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰা বিধানসভা সমষ্টিক সামৰি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ পিছত যোৱা ১ মাৰ্চত জাগীৰোড, মৰিগাঁও, ৰহা, নগাঁও, বঢ়মপুৰ বিধানসভা সমষ্টি, ২ মাৰ্চত গহপুৰ, বিহপুৰীয়া, ৰঙানদী, নাওবৈচা সমষ্টি, ৫ মাৰ্চত ধেমাজি, চিচিবৰগাঁও, জোনাই সমষ্টিক সামৰি মুখ্যমন্ত্ৰীয়ে জন আশীর্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছিল। কাইলৈ তেওঁ সৰুপথাৰ, গোলাঘাট, খুমটাই আৰু দেৰগাঁও সমষ্টিত ৰাইজৰ আশীর্বাদ কামনাৰে এই যাত্ৰাত অংশগ্ৰহণ কৰিব। আজি পঞ্চম দিনৰ জন আশীর্বাদ যাত্রাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল, ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াকে ধৰি দলৰ কেইবাগৰাকীও শীর্ষ পৰ্যায়ৰ কাৰ্যকৰ্তাই অংশগ্রহণ কৰে।

