35.1 C
New Delhi
Saturday, April 18, 2026
spot_img
Homeঅসমকামৰূপ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠক

কামৰূপ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠক

কামৰূপ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠক
ষ্টাফ ৰিপৰ্টাৰ, কামৰূপ ,দুৰ্নীতিৰ দৰ্পণ, ৭ মাৰ্চ:* কামৰূপ জিলাৰ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ সভাখন যোৱা ৬ মাৰ্চত কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিৰ অধ‍্যক্ষতাত অনুষ্ঠিত হয়। সভাত ১১ টা বিভাগ ক্ৰমে কামৰূপ জিলা পৰিষদ, জনস্বাস্থ্য কাৰিকৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, লোক নিৰ্মাণ (গৃহ), শিক্ষা, সমাজ কল্যাণ, মীন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আৰু দক্ষতা উন্নয়নৰ অধীনত কামৰূপ জিলাত ৰূপায়িত বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ অগ্ৰগতিৰ পুংখানুপুংখ পৰ্যালোচনা কৰা হয়। কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ আদৰণী ভাষণৰে আৰম্ভ হোৱা সভাত প্ৰথমেই কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামীয়ে জিলাখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি, অমৃত সৰোবৰ আঁচনিৰ অধীনত উন্নয়ন খণ্ডসমূহত চলি থকা কামৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। সভাত লগতে ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত চলি থকা কামৰো পৰ্যালোচনা কৰা হয়। একেদৰে সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়িত জলজীৱন মিছন, কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত পি এম কিষাণ, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা, ধান আৰু সৰিয়হ ক্ৰয়, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, লোক নিৰ্মাণ (গৃহ), শিক্ষা, সমাজ কল্যাণ, মীন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, দক্ষতা উন্নয়ন আদি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি আৰু প্ৰকল্পৰ কামসমূহ পৰ্যালোচনা কৰা হয়। সাংসদ বিজুলী কলিতা মেধিয়ে জিলাখনত এই বিভাগকেইটাৰ দ্বাৰা ৰূপায়িত আঁচনিৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰে জিলাখনক বিকাশৰ দিশত আগুৱাই নিব লাগিব বুলি উল্লেখ কৰে। সাংসদগৰাকীয়ে লগতে জিলাখনৰ উন্নয়নমূলক কাম-কাজ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলো চৰকাৰী বিভাগে দায়িত্বসহকাৰে কাম কৰিব লাগিব বুলি কৰে। তেওঁ পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে বিষয়া সকলক নিজ নিজ এলেকাত বিভিন্ন চৰকাৰী বিভাগৰ অধীনত ৰূপায়িত হৈ থকা আঁচনি আৰু প্ৰকল্পৰ কামসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ লগতে এনে কামত কোনো আসোঁৱাহ থাকিলে জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ পৰৱৰ্তী বৈঠকত উত্থাপন কৰিবলৈ আহ্বান জনায়। সভাত কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞা, কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, ৰঙিয়াৰ সম-জিলা আয়ুক্ত দেৱাশীষ গোস্বামী, বিশিষ্ট সমাজকৰ্মী অঞ্জন গোস্বামী আৰু বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগতে আন আন বিধান সভা সমষ্টিৰ বিধায়কসকলৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
haze
39 ° C
39 °
39 °
19 %
5.7kmh
3 %
Sat
44 °
Sun
45 °
Mon
42 °
Tue
43 °
Wed
44 °

Most Popular