40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমউত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা সপ্তাহজুৰি চলোৱা অভিযানত অপৰাধীক কৰায়ত্ত...

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা সপ্তাহজুৰি চলোৱা অভিযানত অপৰাধীক কৰায়ত্ত কৰাৰ লগতে নিষিদ্ধ সামগ্ৰী উদ্ধাৰ

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা সপ্তাহজুৰি চলোৱা অভিযানত অপৰাধীক কৰায়ত্ত কৰাৰ লগতে নিষিদ্ধ সামগ্ৰী উদ্ধাৰ
মালিগাঁও, পিএন চি, ৮ মাৰ্চ:উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চ লৈকে একাধিক সফল অভিযান চলাই যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ৰেলৱে সম্পত্তিৰ সুৰক্ষাৰ দিশত ইয়াৰ দৃঢ় প্ৰতিশ্ৰুতিকেই প্ৰদৰ্শন কৰে। সমন্বিত সতৰ্কতা আৰু সক্ৰিয় পদক্ষেপ গ্ৰহণৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বিভিন্ন ষ্টেচন আৰু ৰেলত নিয়োজিত হৈ থকা ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে অপৰাধীসকলক কৰায়ত্ত কৰি নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে বিপদাপন্ন যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সময়ছোৱাত ৰেলৱে সুৰক্ষা বাহিনীৰ টীমসমূহে ৰেলৱেৰ সুৰক্ষাক প্ৰভাৱিত কৰা অবৈধ কামকাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ২ মাৰ্চ, ২০২৬ তাৰিখে হোজাই ষ্টেচনত ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানে ধলপুখুৰী আৰু লঙ্কাৰ মাজৰ অংশত ৰেল নং ১৩১৭৬ ডাউন ৰেলখনত শিল নিক্ষেপত জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে, এই ঘটনাটোত ৰেলখনৰ এখন খিৰিকীৰ গ্ৰাছ ভাঙি যায় যদিও কোনো যাত্ৰী আঘাতপ্ৰাপ্ত হোৱা নাই। একেদৰে ৪ মাৰ্চ, ২০২৬ তাৰিখে কামাখ্যাত ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে শৰাইঘাট সেতু পাৰ হোৱাৰ পিছত ৰেল নং ১৫৯৪৬ ডাউনত শিল নিক্ষেপ কৰি এজন যাত্ৰীক আঘাত প্ৰাপ্ত কৰা আন এজন ব্যক্তিক কৰায়ত্ত কৰে। উভয় ঘটনাৰ ক্ষেত্ৰত ৰেলৱে আইনৰ সংশ্লিষ্ট ধাৰাসমূহৰ অধীনত যথোপযুক্ত গোচৰ পঞ্জীয়ন কৰা হয়। ৰেলৱে সুৰক্ষা বাহিনীৰ টীমসমূহে নিষিদ্ধ সামগ্ৰীৰ অবৈধ পৰিবহণ ৰোধ কৰাতো বৃহৎ সফলতা অৰ্জন কৰিছে। ২ মাৰ্চ, ২০২৬ তাৰিখে নিউ আলিপুৰদুৱাৰত ৰেলৱে সুৰক্ষা বাহিনী আৰু জিআৰপিৰ জোৱানসকলে ৰেল নং ০১৬৬৬ ডাউনৰ পৰা প্ৰায় ২৫.৪৫ লাখ টকা মূল্যৰ ৫০.৯০০ কিলোগ্ৰাম গৰাকীবিহীন গাঁজা উদ্ধাৰ কৰে। ইয়াৰ উপৰিও ১ মাৰ্চ পৰা ৪ মাৰ্চ, ২০২৬ ৰ ভিতৰত গুৱাহাটী, ৰঙিয়া, কাটিহাৰ, কিশনগঞ্জ আৰু বাৰছোই ষ্টেচনসমূহত অভিযান চলাই কিছুসংখ্যক গৰাকীবিহীন সুৰা উদ্ধাৰ কৰে আৰু জব্দ কৰা এই সামগ্ৰীসমূহ পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে সংশ্লিষ্ট আবকাৰী কৰ্তৃপক্ষৰ হাতত অৰ্পন কৰা হয়। আইন বলবৎ কৰা অভিযানসমূহৰ উপৰিও ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে মানৱ সেৱাৰ পদক্ষেপো গ্ৰহণ কৰি আহিছে। ২ মাৰ্চ, ২০২৬ ৰ পৰা ৪ মাৰ্চ, ২০২৬ ৰ ভিতৰত গুৱাহাটী, বদৰপুৰ, লামডিং আৰু কামাখ্যাৰ দৰে ষ্টেচনসমূহত ঘৰৰপৰা পলাই অহা কেইবাজনো নাবালক আৰু বিপদাপন্ন যাত্ৰীক উদ্ধাৰ কৰি যথাযথ আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰি চাইল্ডলাইন কৰ্তৃপক্ষ বা তেওঁলোকৰ অভিভাৱকৰ হাতত সুৰক্ষিতভাৱে অৰ্পন কৰা হয়। এই অভিযানসমূহে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধিক্ষেত্ৰৰ অধীনত এখন সুৰক্ষিত, নিৰাপদ আৰু যাত্ৰী-হিতৈষী ৰেলৱে পৰিৱেশ বজাই ৰখাৰ দিশত ৰেলৱে সুৰক্ষা বাহিনীৰ অবিৰত প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular