40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমডিগবৈ সমষ্টিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত সহস্ৰাধিকৰ অংশগ্ৰহণ

ডিগবৈ সমষ্টিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত সহস্ৰাধিকৰ অংশগ্ৰহণ

ডিগবৈ সমষ্টিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত সহস্ৰাধিকৰ অংশগ্ৰহণ

দুৰ্নীতিৰ দৰ্পন,ডিগবৈ,৮ মাৰ্চ: ভাৰতীয় জনতা পাৰ্টীৰ জন আশীৰ্বাদ যাত্ৰাৰ অভূতপূর্ব সহাৰিয়ে বৃদ্ধি কৰিছে বিজেপিৰ মনোবল,এই বিশাল যাত্রাত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হল মাৰ্ঘেৰিটা,ডিগবৈ আৰু মাকুম সমষ্টিত।জ্যেষ্ঠ-বৃদ্ধ,যুৱক- যুৱতী,সৰ্বস্তৰৰ ৰাইজৰ ব্যাপক উৎসাহ আৰু সমর্থন অভূতপূর্ব আৰু ৰাজনৈতিক জীৱনৰ অকল্পনীয় ঘটনা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। আজি মাৰ্ঘেৰিটা সমষ্টিৰ লিডুৰ পৰা পৰা বিজেপিৰ জন আশীর্বাদ যাত্রা আৰম্ভ হৈ ডিগবৈ সমষ্টিৰ ৩৮ নং ঘাইপথৰ পাৱৈ পৰা ডিগবৈ চহৰ হৈ টিংৰাই,পাটকাই ৰিজোৰ্ট আদি অঞ্চলক স্পর্শ কৰি মাকুম সমষ্টিত এই যাত্ৰাৰ সামৰণি পৰে। আজি এই জন আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ লোকে সমবেত হৈ মুখ্যমন্ত্রীক আশীৰ্বাদ আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে এই যাত্ৰাত অংশগ্ৰহণ কৰে। কেইবা যুৱকে মটৰ চাইকেল ৰেলী কৰি আগুৱাই লৈ যায় মুখ্যমন্ত্ৰীৰ সৈতে অহা বিজেপিৰ মন্ত্ৰী বিধায়ক আৰু নেতা কৰ্মীক। মহিলাসকলে হাতে হাতে লৈ থকা বিজেপিৰ পতাকা জোঁকাৰি মুখ্যমন্ত্ৰী শুভেচ্ছা জনাই।এই আশীৰ্বাদ যাত্ৰাৰ সময়ছোৱাত অসম বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া,কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালা,অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোৱঁ‌ৰ, ডিগবৈ বিধায়ক সুৰেণ ফুকন, অৰুণজ্যোতি মৰাণ, মুলেন্দ্ৰ মৰাণ আদিৰ অংশ গ্রহণে তৃণমূল কর্মীসকলক অধিক উৎসাহিত কৰিছে। ডিগবৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পঞ্জাৱ নেচনেল বেংকৰ নিচেই কাষত চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী মহীয়সী ৰাণী তথা এছিয়া মহাদেশৰ প্ৰথম গৰাকী যুদ্ধা নাৰী,সামৰিক বাহিনী সংগঠক “বীৰাঙ্গণা সতী সাধনী”ৰ এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ দ্বাৰা উন্মোচন কৰা হয় । ডিব্ৰুগড়ৰ ভাস্কৰ্য শিল্পী পোনাকন গগৈয়ে সাজি উলিওৱা প্ৰতিমূৰ্ত্তি উন্মোচনী সভাৰ আঁতধৰে চুতীয়া জাতি উন্নয়ন সমিতিৰ উপাধ্যক্ষ জ্যোতি প্ৰসাদ চুতীয়াই।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular