40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমউত্তৰ গুৱাহাটীত নিস্বাৰ্থ মঞ্চ অসমৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

উত্তৰ গুৱাহাটীত নিস্বাৰ্থ মঞ্চ অসমৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

উত্তৰ গুৱাহাটীত নিস্বাৰ্থ মঞ্চ অসমৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ৯ মাৰ্চ: উত্তৰ গুৱাহাটীস্থিত ৰজাদুৱাৰ ক্লাব আৰু লাইব্ৰেৰী প্ৰাঙ্গনত নিস্বাৰ্থ মঞ্চ অসমৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়৷ অনুষ্ঠানটোত সমাজৰ বিভিন্ন স্তৰৰ মহিলাসকলৰ উপস্থিতিত নাৰী অধিকাৰ, সমতা আৰু সুৰক্ষাৰ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়৷ সভাখন সঞ্চালনা কৰে সমাজসেৱিকা ৰেণু দাসে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নিস্বাৰ্থ মঞ্চ অসমৰ সম্পাদিকা প্ৰণতি বৰুৱাই৷ তেওঁ নিজৰ বক্তব্যত কয় যে নাৰী অধিকাৰ আন্দোলন, সমতা আৰু মুক্তিৰ বাবে চলা ঐতিহাসিক সংগ্ৰামৰ স্মৃতিতেই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়৷ এই দিৱসত লিংগ সমতা, নাৰী ক্ষমতায়ন, প্ৰজনন অধিকাৰ আৰু নাৰী ওপৰত সংঘটিত হোৱা হিংসা-নিৰ্যাতনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷ নিস্বাৰ্থ মঞ্চ অসমৰ সভানেত্ৰী উষা দেৱীয়ে নিজৰ বক্তব্যত পক্ষপাতহীন সমাজ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহিলাসকলক ৰাজনীতি, সমাজ আৰু বিভিন্ন প্ৰতিষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত কবি, সাহিত্যিক আৰু লেখিকা অৰুন্ধুতী শৰ্মাই বক্তব্য দাঙি ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত মহিলাসকলৰ অৱদানৰ বিষয়ে আলোকপাত কৰে৷ আন বক্তাসকলৰ ভিতৰত ললিতা বৰুৱা, ননী নাথ, মুনু বৰকাকতি, মাকনি বৰকাকতি, থুলী নেৱাৰ, কনকলতা বৰুৱা, গংগা ভৰালী বৰ্মন, বিচিত্ৰা ভৰালী আৰু হিমা হাজৰিকা আদিয়ে বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত উদ্যোগী মহিলা আল্পনা বেজবৰুৱা, পিংকী মহন্ত, স্বপ্না ভৰালী আৰু প্ৰতিভা বৰাৰ লগতে ৮০ বছৰ ঊৰ্ধ্বৰ কেইবাজনো মহিলাক সম্বৰ্ধনা জনোৱা হয়৷ সাংস্কৃতিক অনুষ্ঠানৰ অংশ হিচাপে সুৰমা নাথ, পাৰ্ণিকা দাস, ইজুমণি বৰুৱা আৰু প্ৰণিতা তালুকদাৰে গীত পৰিবেশন কৰে৷ সভানেত্ৰীৰ ভাষণত নাৰীসকলক একত্ৰিত হৈ সমাজত সংঘটিত অন্যায়ৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় দিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰ গঠনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়৷ শতাধিক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত শেষত শলাগৰ শৰাই আগবঢ়ায় নিস্বাৰ্থ মঞ্চ অসমৰ সম্পাদিকা প্ৰণতি বৰুৱাই৷ সভানেত্ৰীৰ ভাষণৰ পিছতে সভা ভংগ ঘোষণা কৰা হয়৷

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular