ধিং সমষ্টিক কেন্দ্ৰ কৰি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা ভংগ
দুৰ্নীতিৰ দৰ্পণ সেৱা, ৯ মাৰ্চ, ধিং – ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে আজি ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া । মেহবুব মুক্তাৰে কয় যে কংগ্ৰেছ দলৰ আকোৰগোঁজ আৰু স্পষ্ট সিদ্ধান্তৰ অভাৱৰ বাবেই মিত্ৰতা এক প্ৰকাৰ সম্ভৱ হৈ নুঠিল। নেতা জনৰ মতে, ধিং সমষ্টিত কংগ্ৰেছ যদি সঁচাকৈয়ে শক্তিশালী দল হ’লহেঁতেন, তেন্তে বিগত ২০ বছৰত কিয় এই সমষ্টি জিকিব নোৱাৰিলে। এয়া এক লাখটকীয়া প্ৰশ্ন । লগতে তেওঁ কয় যে ২০২১ চনৰ নিৰ্বাচনত কংগ্ৰেছে ধিং সমষ্টি AIUDF’ক কিয় এৰি দিছিল সেয়াও ৰাইজে ভালদৰে জানে।মেহবুব মুক্তাৰে লগতে উল্লেখ কৰে যে ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ এতিয়ালৈকে মিত্ৰতা নোহোৱাৰ মূল কাৰণ হৈছে ধিং সমষ্টি। এই সমষ্টিক কেন্দ্ৰ কৰি দুয়োটা দলৰ মাজত মতবিৰোধ চলি আছে। তেওঁৰ মতে, ধিং সমষ্টিত মিত্ৰজোটৰ প্ৰাৰ্থী হিচাপে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মেহবুব মুক্তাৰকেই আগবঢ়াইছিল। কিন্তু কংগ্ৰেছৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট সঁহাৰি পোৱা নাই।এই পৰিস্থিতিত মেহবুব মুক্তাৰে কয় যে মিত্ৰতা প্ৰায় ভংগৰ দিশে আগবাঢ়িছে বুলি ধাৰণা কৰা হৈছে। ধিং সমষ্টিক কেন্দ্ৰ কৰি চলি থকা এই ৰাজনৈতিক টনা আঁজোৰাই আগন্তুক নিৰ্বাচনত কেনে প্ৰভাৱ পেলায় সেয়া এতিয়া ভোটাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব।
ধিং সমষ্টিক কেন্দ্ৰ কৰি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা ভংগ
Lucknow
overcast clouds
43.2
°
C
43.2
°
43.2
°
19 %
5.8kmh
88 %
Sun
43
°
Mon
45
°
Tue
45
°
Wed
46
°
Thu
47
°

