পশ্চিম বৰাগাঁৱত কঠিন আৱৰ্জনা পেলাই মাটি দখল কৰাৰ অভিযোগে তীব্ৰ প্ৰতিক্ৰিয়া — ক্ষতিপূৰণ নোপোৱাত ভুক্তভোগীসকলৰ সংবাদ মেল
গুৱাহাটী, ১০, মাৰ্চঃ গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁও বেলৰতল অঞ্চলত MUNICIPAL SOLID WASTE PROCESSING PLANT (ডাম্পিং গ্ৰাউণ্ড)ৰ কঠিন আৱৰ্জনা পেলোৱাৰ নামত স্থানীয় লোকৰ কৃষি মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বাসিন্দাসকলে। অভিযোগ অনুসাৰে, গুৱাহাটী পৌৰ নিগম (GMC)-এ ২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা অঞ্চলটোত বাস কৰা সাধাৰণ লোকৰ ম্যাদি মাটিত বলপূৰ্বক কঠিন আৱৰ্জনা পেলাই আহিছে, যাৰ ফলত বহু পৰিয়ালে আজি পর্যন্ত ন্যায় লাভ কৰা নাই। ভুক্তভোগীসকলে জনোৱা মতে, উক্ত মাটিত পূৰ্বৰে পৰা খেতি-বাতি আৰু গৰু পালন কৰি জীৱিকা নির্বাহ কৰি আহিছিল। কিন্তু দীৰ্ঘদিন ধৰি আৱৰ্জনা পেলোৱাৰ ফলত মাটিসমূহ সম্পূৰ্ণ ৰূপে নষ্ট হৈ পৰিছে আৰু বহু গৰু অসুস্থ হৈ মৃত্যুমুখত পৰিছে। তদুপৰি, আৱৰ্জনা ঠেলি আনি গোহালিঘৰসমূহৰ কাষলৈকে পেলোৱা হৈছে বুলি অভিযোগ কৰি তেওঁলোকে কয় যে ইয়াৰ সৈতে গো-সন্মানৰ বিষয়ো জড়িত হৈ আছে। ভুক্তভোগীসকলৰ মতে, ২০২৩ চনৰ মাৰ্চ মাহত প্ৰথম অৱস্থাত মাটি অধিগ্ৰহণৰ জাননীৰ জৰিয়তে ক্ষতিগ্ৰস্ত লোকসকলক মাটিৰ মূল্য প্ৰদান কৰাৰ আশ্বাস দিয়া হৈছিল। পিছত ২০২৫ চনৰ আগষ্ট মাহত এই সন্দৰ্ভত প্ৰশাসনিক অনুমোদন (Administrative Approval) দিয়া হয়। কিন্তু অভিযোগ অনুসাৰে, গৃহ নিৰ্মাণ আৰু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উক্ত ক্ষতিপূৰণৰ ফাইলটো বন্ধ কৰি দিয়ে আৰু অনুমোদিত ধন অন্য শিতানত ব্যয় কৰা হয়। এই ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰি ভুক্তভোগীসকলে কয় যে চৰকাৰৰ পক্ষৰ পৰা তেওঁলোকক মাটিৰ মূল্য প্ৰদান কৰাৰ পৰিবৰ্তে TDR (Transferable Development Rights) ব্যৱস্থাৰ জৰিয়তে বিল্ডিং ঘৰৰ ওপৰত চাত নিৰ্মাণ কৰাৰ অধিকাৰ দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। কিন্তু কৃষিভিত্তিক জীৱিকা নিৰ্ভৰ লোকসকলৰ বাবে এই ব্যৱস্থা কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি তেওঁলোকে স্পষ্ট কৰি দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বিজ্ঞান পথ তিনিআলি শিৱ মন্দিৰ প্ৰাঙ্গণত ভুক্তভোগীসকলৰ এখন সভা অনুষ্ঠিত হয়। সভাত উপস্থিত লোকসকলে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰি বিষয়টোত তাৎক্ষণিক তদন্ত আৰু উপযুক্ত ক্ষতিপূৰণ দাবী কৰে। লগতে অচিৰেই স্থান পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ উপস্থিতিত এখন সংবাদ মেল আয়োজন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভুক্তভোগীসকলে কয় যে, যদি শীঘ্ৰে তেওঁলোকৰ ন্যায্য দাবী পূৰণ কৰা নহয়, তেন্তে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন তীব্ৰতৰ কৰাৰ বাবে বাধ্য হ’ব।

