শুৱালকুছিত মহিলা ক্ৰীড়াবিদ বিষয়ক মুকলি ক্ৰীড়া কুইজ সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ শুৱালকুছি, ১২ মাৰ্চঃ কামৰূপ জিলাৰ অন্তৰ্গত ক্ৰীড়াৰ অগ্ৰণী অনুষ্ঠান স্পোৰ্টছ একাডেমী অফ শুৱালকুছিৰ উদ্যোগত বিশিষ্ট সমাজসেৱক ৰামচৰণ বৈশ্যৰ সোঁৱৰণত প্ৰত্যেক বছৰৰ দৰে এইবেলি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আয়োজন কৰা তৃতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত মুকলি ক্ৰীড়া কুইজ প্ৰতিযোগিতাখনি ৰবিবাৰে শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত সফলভাৱে অনুষ্ঠিত হয়। এইবাৰৰ কুইজ প্ৰতিযোগিতাৰ মূল বিষয় আছিল “মহিলা ক্ৰীড়াবিদ”। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী তথা কুইজপ্ৰেমীসকলৰ অংশগ্ৰহণে অনুষ্ঠানখনি সাফল্যমণ্ডিত কৰি তোলে। কুইজ প্ৰতিযোগিতাখনৰ আৰম্ভণিতে পুৱা শুৱালকুছি ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই বন্তি প্ৰজ্বলন কৰা পিছতেই বিশিষ্ট সমাজসেৱক ৰামচৰণ বৈশ্যৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে কামৰূপ জিলাৰ মহকুমা ক্ৰীড়া বিষয়া পংকজ ভৰালীয়ে প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। জনপ্ৰিয় কুইজ পৰিচালক দীপাংকৰ কৌশিকে পৰিচালনা কৰা প্ৰতিযোগিতাখনত গুৱাহাটীৰ মৃদুল ৰাম কলিতা আৰু দীপাঞ্জন দেৱে প্ৰথম স্থান,
বকোৰ মানস প্ৰতীম দাস আৰু প্ৰতিৰূপ বায়নে দ্বিতীয় স্থান, নলবাৰীৰ ৰুবুল কলিতা আৰু ভূপাল শৰ্মাই তৃতীয় স্থান, গুৱাহাটীৰ গৌৰৱ হালৈ আৰু মহিক্ষীত গোস্বামীয়ে চতুৰ্থ স্থান, গুৱাহাটীৰ মানস জ্যোতি বৈশ্য আৰু ৰেৱতী মোহন ফুকনে পঞ্চম স্থান আৰু গুৱাহাটীৰ কমল মেধি আৰু বিশ্বজিৎ শৰ্মাই ষষ্ঠ স্থান অৰ্জন কৰে। প্ৰতিযোগিতাৰ পিছতে অংশুমান শৰ্মাই আঁত ধৰা পুৰস্কাৰ বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথিসকলে বিজয়ীসকলক নগদ ধন, প্ৰমাণপত্ৰ আৰু ট্ৰফী প্ৰদান কৰে। পুৰস্কাৰ বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড• নিহাৰঞ্জন কলিতা,বিশিষ্ট শিক্ষাবিদ বিকাশ কলিতা, ক্ৰীড়া সাংবাদিক ৰাজদ্বীপ দাস,বিশিষ্ট সাংবাদিক দীপাংকৰ দাস আৰু শুৱালকুছি টিকছ কম্পিউটাৰ প্ৰতিষ্ঠানৰ সঞ্চালক সঞ্জয় নাথ উপস্থিত থাকে আৰু তেওঁলোকে ক্ৰীড়াক্ষেত্ৰত মহিলা ক্ৰীড়াবিদসকলৰ অৱদানৰ ওপৰত বক্তব্য প্ৰদান কৰে। আয়োজকসকলে কয় যে এনে অনুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত ক্ৰীড়া আৰু কুইজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। অনুষ্ঠানটোত অঞ্চলটোৰ বহু ক্ৰীড়াপ্ৰেমী আৰু শিক্ষাৰ্থী উপস্থিত থাকে আৰু অনুষ্ঠানটো সফলভাৱে সম্পন্ন কৰাত সহায় সহযোগিতা আগবঢ়োৱা সকলোকে আয়োজকসকলে ধন্যবাদ জ্ঞাপন কৰে।

