37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমআদ‍্যশ্ৰাদ্ধত প্ৰতিষ্ঠাকালৰ অধ‍্যাপক ৰুদ্ৰকান্ত ঝালৈ শ্ৰদ্ধাঞ্জলি

আদ‍্যশ্ৰাদ্ধত প্ৰতিষ্ঠাকালৰ অধ‍্যাপক ৰুদ্ৰকান্ত ঝালৈ শ্ৰদ্ধাঞ্জলি

আদ‍্যশ্ৰাদ্ধত প্ৰতিষ্ঠাকালৰ অধ‍্যাপক ৰুদ্ৰকান্ত ঝালৈ শ্ৰদ্ধাঞ্জলি
বিকাশ শইকীয়া, মাজুলী : ১২ মাৰ্চঃ মাজুলী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰতিষ্ঠাকালৰ অধ্যাপক, সুদূৰ বিহাৰৰ পৰা ১৯৬৬ চনতে আহি মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে ২০০২ চনৰ ৩১ আগষ্টলৈকে সেৱা আগবঢ়াই আওহতীয়া নদীদ্বীপ মাজুলীত উচ্চ শিক্ষাৰ বাটকটীয়াৰ ভূমিকাত অৱতীৰ্ণ হোৱা ৰুদ্ৰকান্ত ঝাৰ আজি আদ‍্যশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি মহাবিদ‍্যালয়ৰ ইংৰাজী বিভাগৰ উদ‍্যোগত ‘ৰৌদ্ৰোজ্জ্বল ৰুদ্ৰকান্ত’ শীৰ্ষক এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিয়লি ১ বজাৰ পৰা আয়োজিত এই অনুষ্ঠানত প্ৰথমতে ৰুদ্ৰকান্ত ঝাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন আৰু পুষ্পাৰ্ঘ‍্য তৰ্পণ কৰে মহাবিদ‍্যালয়ৰ প্ৰাক্তন অধ‍্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়াই। ঝাৰ প্ৰাক্তন ছাত্ৰী তথা অৱসৰী শিক্ষয়িত্ৰী ডলী বৰুৱাই মংগলাচৰণ পৰিৱেশন কৰে। ইংৰাজী বিভাগৰ মুৰব্বী অধ‍্যাপক অপূৰ্বজ‍্যোতি হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বিভাগীয় শিক্ষক নৱজিৎ চেলেং, প্ৰজ্ঞা পাৰমিতা কৌশিক, মিলন পেগু আৰু প্ৰবীন কুমাৰ শইকীয়াই বিশিষ্ট অতিথিসকলক অংগবস্ত্ৰৰে আদৰণি জনায়। মহাবিদ‍্যালয়ৰ ‘সত্ৰাধিকাৰ পদ্মকান্তদেৱ গোস্বামী সভাকক্ষ’ত আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানটি উদ্বোধন কৰি মহাবিদ‍্যালয়ৰ প্ৰাক্তন অধ‍্যক্ষ সৰ্বেশ্বৰ হাজৰিকাই ৰুদ্ৰকান্ত ঝাৰ পাণ্ডিত‍্য আৰু কৰ্তব‍্যনিষ্ঠাৰ বিষয়ে বক্তব্য দাঙি ধৰে। মহাবিদ‍্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই সভাপতিত্ব কৰা অনুষ্ঠানটোত মূল বক্তা হিচাপে উপস্থিত থাকি মহাবিদ‍্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা পীতাম্বৰদেৱ গোস্বামী কনিষ্ঠ মহাবিদ‍্যালয়ৰ প্ৰতিষ্ঠাপক অধ‍্যক্ষ ঘনকান্ত নাথে জীৱনটো অধ‍্যয়ন-অধ‍্যাপনাতে অতিবাহিত কৰা ৰুদ্ৰকান্ত ঝা উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ বুলি অভিহিত কৰে। সভাপতিৰ ভাষণত অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “শিক্ষাগুৰু হিচাপে ৰুদ্ৰকান্ত ঝা আছিল প্ৰজ্ঞা আৰু সাধনাৰ প্ৰতিমূৰ্তি। অপাৰ্থকত মাজুলীবাসীক তৰোৱাৰ গুণত তেওঁক মাজুলী মহাবিদ্যালয়ে সদায় স্মৰণ কৰি থাকিব বুলি মন্তব‍্য প্ৰকাশ কৰি কয় অধ‍্যক্ষ ডঃ শইকীয়াই কয় যে প্ৰায় চাৰিটা দশক কাল মহাবিদ‍্যালয়লৈ অকুণ্ঠ সেৱা আগবঢ়োৱাৰ ঝাই বিহাৰৰ পৰা আহি মাজুলীত কৰা সেৱা সঁচাই অতুলনীয়। আয়োজক সমিতিৰ হৈ বক্তৃতা প্ৰদান কৰি বিভাগীয় মুৰব্বী অপূৰ্বজ‍্যোতি হাজৰিকাই কয় যে ৰুদ্ৰকান্ত ঝাই নিজা কৌশলেৰে মেধানিৰ্বিশেষে ভিন ভিন শিক্ষাৰ্থীক উচিতভাৱে শিক্ষাদান কৰি এগৰাকী প্ৰকৃত গুণী শিক্ষকৰ পৰিচয় জ্ঞাপন কৰিছিল। তেওঁৰ ওচৰত ইংৰাজীৰ পাঠ গ্ৰহণ কৰা সকলোৱে ভাষাটোক শুদ্ধকৈ ক’বলৈ বা লিখিবলৈ নিজৰ ভিতৰৰ পৰাই এক প্ৰৱল প্ৰেৰণা অনুভৱ কৰিছিল বুলিও হাজৰিকাই বক্তব‍্য কৰে। সমজুৱাৰ একাষাৰত শিক্ষাবিদগৰাকীৰ প্ৰাক্তন ছাত্ৰ তথা পীতাম্বৰদেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ‍্যক্ষ অজিত সভাপণ্ডিত, অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ গুণমণি নাথ, নামনি মাজুলী কনিষ্ঠ মহাবিদ‍্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ কুশল হাজৰিকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলোৰাম কলিতা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক ডিম্বেশ্বৰ শইকীয়াই ৰুদ্ৰকান্ত ঝাৰ বিশাল ব‍্যক্তিত্ব আৰু শিক্ষাৰ্থীপ্ৰেম সম্পৰ্কত বক্তব‍্য প্ৰদান কৰে। আজিৰ অনুষ্ঠানত মহাবিদ‍্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অভ‍্যন্তৰীণ মান নিশ্চিকৰণ কোষৰ সমন্বয়ক বসন্ত বৰা, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, সম্পাদক ডঃ অনুপ কুমাৰ দলে, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মহাবিদ‍্যালয়ৰ নডেল বিষয়া দেৱজ‍্যোতি খাটনিয়াৰ, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক তুলসী ৰাজখোৱা, জ‍্যেষ্ঠ অধ‍্যাপক ডঃ ৰাজেন চন্দ্ৰ বৰা, গীতাৰাণী গোস্বামী, বিপুল ৰাজখোৱা, ইন্দিৰা বড়া, ডঃ ৰূপজ্যোতি বৰা, প্ৰণীতা ৰাজখোৱা প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰীসকল, শিক্ষাবিদ আৰতি বৰা, ডঃ আনন্দ হাজৰিকা, অমৃতেশ্বৰ চুতীয়া, কৰুণা বৰা, ৰঞ্জিৎ কুমাৰ ভূঞা, পৰেশ দোলাকাষৰীয়া, লোহিত বৰা, অতুল হাজৰিকা, ডিম্বেশ্বৰ ভূঞা, শিল্পী যোগেন দত্ত বায়ন, উপেন শইকীয়া, দ্বীজেন দত্ত, যুগল হাজৰিকা, সাংবাদিক জীৱন বৰুৱাৰ উপৰি দুই শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular