39.1 C
New Delhi
Saturday, April 18, 2026
spot_img
Homeসম্পাদকীয়ফখৰুদ্দিন আলী আহমেদ আৰু তেওঁৰ অসম প্ৰেম

ফখৰুদ্দিন আলী আহমেদ আৰু তেওঁৰ অসম প্ৰেম

ফখৰুদ্দিন আলী আহমেদ আৰু তেওঁৰ অসম প্ৰেম
ৰেজাউল কৰিম
ফখৰুদ্দিন আলী আহমেদৰ বিষয়ে লিখিবলৈ ভালেমান বছৰ আগতে মই অসমৰ কেইজনমান বিশিষ্ট লোকৰ সৈতে যোগাযোগ কৰিছিলো৷ তেওঁলোকে মুখেৰে কোৱা আৰু লিখিত ভাৱে দিয়া তথ্যৰ ভিত্তিত কিছু কথা উল্লেখ কৰিলোঁ৷ ফখৰুদ্দিন আলী আহমেদৰ উপৰি পুৰুষক পাৰ্চী পঢ়ীয়া বুলি জনা যায়৷ আহোম ৰজাই অসমলৈ মাতি অনা কেইবাটাও মুছলমান পৰিয়ালৰ ভিতৰত পাৰ্চী পঢ়ীয়া সকল অন্যতম৷ তেওঁলোকৰ ঘৰ গোলাঘাটৰ কছাৰিহাটত আছিল৷ ফখৰুদ্দিন আলী আহমেদৰ ককাক ইছলাম ধৰ্মৰ লগতে হিন্দু ধৰ্মৰ আধ্যাত্মিক দৰ্শনৰ এজন পণ্ডিত ব্যক্তি আছিল বুলি জনাজাত৷ ফখৰুদ্দিন আলী আহমেদৰ অত্যন্ত ঘনিষ্ঠ আৰু অসমৰ এগৰাকী বিখ্যাত সাংবাদিক প্ৰয়াত নৰেশ ৰাজখোৱা ডাঙৰীয়াই লিখিছে যে হিন্দু মানুহৰ মাজত কেতিয়াবা কোনো ধৰ্মীয় বিষয়ত মতভেদ হ’লে তেখেতে ঘোঁৰাৰে যোৰহাটলৈ আহি সংস্কৃত পণ্ডিত সকলৰ সৈতে বিষয়টো আলোচনা কৰি এটা সমিধান লৈ গৈ তেওঁৰ বন্ধুসকলক জনাইছিল আৰু হিন্দু সমাজে সেই কথা মানি লৈছিল৷ এই উদাৰমনা ব্যক্তি জনে তেওঁৰ সন্তান জালনুৰ আলীক মেডিকেল পঢ়ুৱাইছিল৷ ইংৰাজৰ দিনত ডাক্তৰ জালনুৰ আলী জিলা মেডিকেল অফিচাৰ আছিল আৰু তেখেতক কৰ্ণেল ৰেঙ্ক দিয়া হৈছিল৷ কৰ্ণেল জালনুৰ আলী আৰু আনন্দৰাম বৰুৱা ভাল বন্ধু আছিল৷ দুয়ো শিৱসাগৰত চাকৰি কৰি থকা সময়ত চৰকাৰী কামত অহা ইংৰাজ গৱৰ্ণৰৰ সন্মানাৰ্থে এক ভোজমেলত দুয়োকো প্ৰথম আসনৰ সলনি দ্বিতীয় আসনত খাবলৈ দিয়াত দুয়ো আপত্তি কৰিছিল৷ ইংৰাজ চৰকাৰে ভাৰতীয় বিষয়া সকলক একে পদমৰ্যাদা সত্ত্বেও সম মৰ্যাদা নিদিছিল৷ ইয়াৰে প্ৰতিবাদ কৰি দুয়ো ভোজমেলৰ পৰা উঠি গুছি আহিছিল৷ এয়া আছিল তেওঁলোকৰ স্বাভিমান৷ কিন্তু ইংৰাজ চৰকাৰে ইয়াৰ শাস্তি হিচাপে দুয়োকো বদলি কৰিছিল৷ কৰ্ণেল জালনুৰ আলীক উত্তৰ পশ্চিম সীমান্ত প্ৰদেশলৈ বদলি কৰিছিল৷ পৰৱৰ্তী সময়ত কৰ্ণেল জালনুৰ আলী দিল্লীত স্থায়ীভাৱে থাকে৷ ১৯০৫ চনৰ ১৩ মে তাৰিখে ফখৰুদ্দিন আলী আহমেদৰ দিল্লীত জন্ম হয়৷ তেখেতে কেমব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু বেৰিষ্টাৰ উপাধি লাভ কৰিছিল৷ দেউতাক কৰ্ণেল জালনুৰ আলীয়ে তেওঁক ১৯২৮ চনত অসমলৈ লৈ আহে আৰু অসমকে তেওঁ ভৱিষ্যতৰ কৰ্মথলী হিচাপে বাছনি কৰে৷ তেতিয়ালৈ তেওঁ পঞ্জাৱৰ হাইকোৰ্টত ওকালতি কৰি আছিল৷ ওকালতি এৰি অসমলৈ আহি ভাৰতৰ স্বাধীনতা সংগ্ৰামত মনোনিৱেশ কৰে৷ ককাকৰ ধৰ্মীয় উদাৰতা, দেউতাকৰ স্বদেশপ্ৰেম তেওঁৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত হৈ আছিল৷ জৱাহৰলাল নেহৰুৰ বিশ্বাসী হোৱা সূত্ৰে তেওঁ অসমৰ ৰাজনীতিৰ যোগসূত্ৰ হিচাপে কাম কৰিছিল৷ স্বাধীনতা আন্দোলনৰ সৈতে জড়িত হৈ ফখৰুদ্দিন আলী আহমেদে তিনি বছৰৰ অধিক কাল কাৰাবাস খাটিব লগা হৈছিল৷ ১৯৩৯ – ৪০ চনত এবাৰ আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি দুবছৰ কাৰাবাস খাটে৷ যোৰহাট জেলত থাকোঁতে তেওঁৰ সহকাৰাবন্দী সকল আছিল গোপীনাথ বৰদলৈ, দেৱেশ্বৰ শৰ্মা, গড়মূৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ লগতে নগাঁও শিঙীয়া পোটনী মৌজাৰ বিহৰী গাঁৱৰ শিশুৰাম বৰুৱা৷ অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত দেবেন্দ্ৰনাথ বৰা ডাঙৰীয়াই লিখিছে যে অসমলৈ আহিলে ফখৰুদ্দিন আলী আহমেদে শিশুৰাম বৰুৱাৰ খা খবৰ লোৱাই নহয় তেওঁক মতাই নি কংগ্ৰেছৰ কথা, ৰাইজৰ কথাৰ সম্ভেদ লৈছিল৷ ভাৰতবৰ্ষৰ যি কেইজন মুছলিম নেতাই মুছলিম লীগ আৰু মুছলিম লীগৰ দ্বিজাতি তত্ত্বক আজীৱন কঠোৰ ভাৱে বিৰোধ কৰিছিল তাৰ ভিতৰত ফখৰুদ্দিন আলী আহমেদ আছিল অন্যতম৷ সেই কাৰণে মুছলিম লীগৰ সমৰ্থক সকলে তেওঁক বেয়া পাইছিল৷ ১৯৪৬ চনত ফখৰুদ্দিন আলী আহমেদে উত্তৰ কামৰূপ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰি মুছলিম লীগ দলৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰিছিল৷ আনকি তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰঙীয়া আৰু অভয়াপুৰীৰ ওচৰত মুছলিম লীগৰ সমৰ্থক মুছলমান লোকৰ হাততেই নিৰ্যাতিত হৈছিল৷ উল্লেখযোগ্য যে, ছাৰ চৈয়দ ছাদুল্লা আৰু ফখৰুদ্দিন আলী আহমেদৰ উপৰি পুৰুষৰ ঘৰ একেই কছাৰীহাটত আছিল৷ ‌ দুয়ো সমসাময়িক ৰাজনীতিৰ লগত জড়িত আছিল৷ কিন্তু আদৰ্শগতভাৱে দুয়ো বিপৰিত মেৰুত অৱস্থান কৰিছিল৷ ছাদুল্লাই ফখৰুদ্দিন আলী আহমেদক তেওঁৰ মুছলিম লীগৰ মন্ত্ৰীসভাত স্থান দিবলৈ প্ৰলোভন দিছিল৷ ফখৰুদ্দিন আলি আহমেদে কেতিয়াও ক্ষমতাৰ বাবে তেওঁৰ আদৰ্শক বিসৰ্জন দিয়া নাছিল৷ স্বাধীনতাৰ আগত ১৯৩৮ চনৰ প্ৰথম গোপীনাথ বৰদলৈৰ যৌথ মন্ত্ৰী সভাত তেওঁ আছিল‌ অসমৰ ৰাজহ মন্ত্ৰী৷ তেৱেঁই বোধহয় সেইখন মন্ত্ৰীসভাৰ কনিষ্ঠ অথচ শক্তিশালী দপ্তৰৰ মন্ত্ৰী আছিল৷ গোপীনাথ বৰদলৈয়ে তেওঁৰ দক্ষতা আৰু নিৰপেক্ষতাৰ বাবেই ইমান গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰিছিল৷ ৰাজহ মন্ত্ৰী হিচাপে তেওঁৰ সফলতা আছিল কৃষকৰ খাজনা প্ৰতিটকাত পঞ্চাচ পইছা ৰেহাই দিয়া আৰু চাহ বাগিচাৰ ওপৰত কৰ আৰোপ কৰা৷ ইংৰাজ মালিকানাধীন বাগিচা সমূহে দীৰ্ঘদিনৰ পৰা কৰ ৰেহাই পোৱা নিয়মৰ স‌ংশোধন ঘটাই ৰাজহ বৃদ্ধি কৰাটো শক্তিশালী সিদ্ধান্ত আছিল৷ ইংৰাজ সকলে এই নীতিৰ বিৰোধিতা কৰিছিল যদিও ফখৰুদ্দিন আলী আহমেদ আৰু গোপীনাথ বৰদলৈৰ সবল স্থিতিত তেওঁলোক বিফল হৈছিল৷ সেইসময়ত ডিগবৈ শোধনাগাৰত বিৰাট ধৰ্মঘট হৈছিল৷ গোপীনাথ বৰদলৈয়ে ধৰ্মঘটৰ আশু সমাধান কৰিবলৈ ফখৰুদ্দিন আলী আহমেদক ডিগবৈলৈ পঠিয়াইছিল৷ ফখৰুদ্দিন আলি আহমেদে সেই ধৰ্মঘটৰ আশু সমাধান কৰিবলৈ সক্ষম হৈছিল৷ ফখৰুদ্দিন আলী আহমেদে স্বাধীনতাৰ পিছত জনীয়া বিধানসভা আৰু বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়ক আৰু সাংসদ হৈছিল৷ বিমলা প্ৰসাদ চলিহা মন্ত্ৰীসভাত তেওঁ অসমৰ বিত্তমন্ত্ৰী আছিল৷ ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত বিমলা প্ৰসাদ চলিহা শাৰীৰিকভাৱে কিছু অসুস্থ আছিল৷ দেবেন্দ্ৰনাথ বৰাই লিখিছে যে ভাষা আন্দোলনৰ সময়ত নগাঁৱত বেছি ক্ষতি হৈছিল৷ ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ ক্ষতি হৈছিল৷ তেওঁ তৎকালীনভাৱে নগাঁও লৈ আহি অতি কঠোৰহাতেৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি সকলোকে সকাহ দিছিল৷ ভাষা আন্দোলনৰ বিষয়ে নৰেশ ৰাজখোৱাৰ সৈতে হোৱা কথা বতৰাৰ সময়ত তেখেতে কৈছিল যে সেই সময়ত বঙ্গৰ সংবাদ মাধ্যমে অসমৰ ভাষা আন্দোলনটোক বঙালী খেদা আন্দোলন বুলি কৈছিল৷ আনকি বঙ্গৰ মুখ্যমন্ত্ৰী বিধান চন্দ্ৰ ৰয়ে কামৰূপৰ উপায়ুক্তক পোনপটীয়াকৈ ফোন কৰি অসমত হোৱা গণ্ডগোলৰ বাবে কৈফিয়ৎ তলব কৰিছিল৷ বিষয়টো ফখৰুদ্দিন আলী আহমেদে গম পাই কলিকতাত বঙ্গৰ সংবাদক কৈছিল যে বিধান ৰয় অসমৰ মুখ্যমন্ত্ৰী নহয়৷ অসমৰ উপায়ুক্তক তেওঁ টেলিফোন কৰি আদেশ দিয়াৰ অধিকাৰ নাই৷ বঙালী লোকে অসমীয়া ভাষাক অপমান কৰিলে অসমীয়া লোকে সহ্য নকৰে৷ কলিকতাত বঙ্গৰ সংবাদ মাধ্যমক এনেদৰে ককৰ্থনা কৰিলেও অসমত সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰতিৰোধ কৰিবলৈ তেওঁ কঠোৰ ব্যৱস্থা লৈছিল৷ তথাপি বঙ্গৰ সংবাদ মাধ্যমে তেওঁক সাম্প্ৰদায়িক বুলি অপবাদ দিছিল৷ এই মন্তব্যৰ বিপক্ষে অতুল্য ঘোষৰ মন্তব্য আছিল উল্লেখনীয়৷ তেওঁ Sunday আলোচনীৰ এটা সাক্ষাৎকাৰত কৈছিল যে, Many people tried often to call Fakhruddin a communal person. How can I agree with them when I remember my visit to Assam during the language riot in 1960? I stayed there for two months and had enough oportunity to find out the real Fakharuddin. মাধ্যম আন্দোলনৰ সময়ত ফখৰুদ্দিন আলী আহমেদ কেন্দ্ৰৰ পৰা অসমলৈ আহি পৰিস্থিতি চম্ভালি লৈছিল৷ তেওঁ দিল্লীৰ পৰা গুৱাহাটীলৈ আহোঁতে অসমৰ মন্ৰী ইদ্ৰিছ আলীয়ে তেখেতক আদৰিবলৈ বিমান বন্দৰলৈ গৈছিল৷ তাকে দেখি ফখৰুদ্দিনে খঙেৰে সুধিছিল নিজৰ জিলাখনত গণ্ডগোল হৈ থকা সময়ত তাত নাথাকি তেওঁ কিয় বিমান বন্দৰলৈ আহিছে? নৰেশ ৰাজখুৱাই কৈছিল যে ভাষা আন্দোলনৰ সময়ত ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু হৈছিল৷ ফখৰুদ্দিন আলী আহমেদেই কটন মহাবিদ্যালয়ৰ ছাত্ৰাবাসলৈ গৈ বিক্ষুব্ধ ছাত্ৰ সকলৰ ক্ষোভ নিবাৰণ কৰিবলৈ সক্ষম হৈছিল৷ বিমলা প্ৰসাদ চলিহাৰ দিনত অসমত পাকিস্তানী লোকৰ বিতাড়ন কৰিবলৈ PIP Scheme প্ৰৱৰ্তন কৰা হৈছিল৷ তেতিয়া পাকিস্তানী বিতাৰণ কৰিবলৈ পুলিচক অসীম ক্ষমতা দিয়া হৈছিল৷ দেবেন্দ্ৰনাথ বৰাই লিখিছে যে, পাকিস্তানী অনুপ্ৰৱেশৰ নামত সেই সময়ত পুলিছে ঠায়ে ঠায়ে ভাৰতীয় নাগৰিককো অত্যাচাৰ আৰম্ভ কৰিছিল৷ এই বিষয়টো সন্দৰ্ভত চলিহাকে প্ৰমুখ্য কৰি তেওঁৰ সহকৰ্মী সকলৰ মাজত কিছু মতবিৰোধ ঘটিবলৈ ধৰে৷ কংগ্ৰেছৰ আন এক শক্তিশালী লবীয়ে ফখৰুদ্দিন আহমেদক সমালোচনা কৰিছিল, ’ ফখৰুদ্দিন হৈছে গভীৰ পানীৰ মাছ ’ বুলি৷ এই কথাৰ পৰিপ্ৰেক্ষিতত দেবেন্দ্ৰনাথ বৰাই লিখিছে যে, যিজন মানুহে পাকিস্তানৰ বিৰোধিতা কৰি, মুছলিম লীগৰ মানুহৰ পৰা নানান নিৰ্যাতন আৰু সমালোচনা সহিছিল, যিজন মানুহে অসীম ত্যাগ আৰু কষ্টৰ মাজেৰে দেশক স্বাধীন কৰাৰ সংকল্প গ্ৰহণ কৰিছিল, যি জনে দেশৰ সেই ঐতিহ্য পৰম্পৰা ৰক্ষাৰ কাৰণে ধৰ্মনিৰপেক্ষ নীতিত অবিচল আছিল তেনে এজন লোকক এনেভাৱে সন্দেহ কৰি সমালোচনা কৰাত ফখৰুদ্দিন আলী আহমেদে মনত প্ৰকৃততে কষ্ট পাইছিল৷ উল্লেখযোগ্য যে পাকিস্তানী নামত ভাৰতীয় মুছলমানক হাৰাশাস্তি কৰা বিষয়টো বিষ্ণু ৰাভাইয়ো বিধানসভাত উত্থাপন কৰিছিল৷ ১৯৭৪ চনৰ ২৯ আগষ্ট তাৰিখে ফখৰুদ্দিন আলী আহমেদ চাহাবে ভাৰতৰ পঞ্চম গৰাকী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে৷ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত তেওঁ প্ৰথমবাৰৰ বাবে মাজুলীৰ কমলাবাৰী সত্ৰৰ পৰা এটি সত্ৰীয়া নৃত্যৰ দল ইন্দোনেছিয়ালৈ লৈ গৈ অসমৰ সত্ৰীয়া সংস্কৃতিৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক বিদেশত পৰিচয় কৰাই দিছিল৷ অসমৰ প্ৰতি থকা তেওঁৰ অকৃত্ৰিম প্ৰেম আৰু স্বাধীনতা আন্দোলনৰ সময়ত সত্ৰাধিকাৰ সকলৰ প্ৰশংসনীয় ভূমিকাৰ ই আছিল উৎকৃষ্ট প্ৰতিদান৷ এয়ে নহয় মাঘৰ বিহুৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি ভৱনত ভোগালী বিহু উদযাপন কৰি বাহিৰৰ অতিথি সকলোক অসমীয়া সংস্কৃতিৰ আভাস দিছিল৷ এইবোৰ আছিল তেওঁৰ নিৰ্ভেজাল অসম প্ৰেমৰ চানেকি৷ ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি পদ শুৱনি কৰা একমাত্ৰ অসমীয়া মানুহ৷ এজন সৎ আৰু দক্ষ ৰাজনীতিবিদ, আপোচবিহীন সংগ্ৰামী নেতা, অসম প্ৰেমী ফখৰুদ্দিন আলী আহমেদে ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ অনুমোদন জনোৱা কথাটো অনেকে আজিও সহজভাৱে গ্ৰহণ কৰিব নুখোজে৷ ৰাজনীতিত অনেক উত্থান পতন থাকে৷ তেখেতৰো আছিল৷ কিন্তু ফখৰুদ্দিন আলী আহমেদৰ অসম প্ৰেম আছিল সকলো সন্দেহৰ উৰ্দ্ধত৷ ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰী দিনা তেখেত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়৷ তেখেতৰ মৃত্যুৰ আগৰ বছৰটোত অৰ্থাৎ ১৯৭৬ চনৰ ১৩ মে’ৰ তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় ঐক্য দিৱস হিচাপে পালন কৰা হৈছিল৷ এই গৰাকী মহান অসমীয়াৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবলৈ গুৱাহাটী মেডিকেল কলেজখন তেওঁৰ নামেৰে নামকৰণ কৰিব খোজাত গোটেই অসমত সাংঘাতিক প্ৰতিবাদ কৰা হৈছিল৷ সেই প্ৰতিবাদৰ আগত সেও মানি চৰকাৰে সিদ্ধান্ত পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল৷ পৰৱৰ্তী সময়ত বৰপেটা মেডিকেল কলেজখন তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল৷ অৱশেষত তেওঁৰ মৃত্যুৰ ৪৯ বছৰ পিছত তেখেতৰ নামটো বৰপেটা মেডিকেল কলেজৰ পৰা চৰকাৰীভাৱে আঁতৰাই দিয়া হ’ল৷ কাৰ্যত ফখৰুদ্দিন আলী আহমেদৰ আকৌ এবাৰ মৃত্যু হ’ল৷ ইয়াকেই কয় সময়ৰ ওভোতনি যাত্ৰা৷ ইয়াৰ পিছত আহি আছে চৈয়দ আব্দুল মালিকৰ পাল৷ উলঙ্গ দেশত কাম কি ধোবাৰ? সঠিক অৰ্থ বুজিবলৈ সহজ হ’ল৷

RELATED ARTICLES
Lucknow
haze
40 ° C
40 °
40 °
16 %
5.1kmh
22 %
Sat
42 °
Sun
45 °
Mon
42 °
Tue
43 °
Wed
44 °

Most Popular