40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমচৰাইদেউ মহালক্ষীপ্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক উপৰ্যুপৰি বেত্ৰাঘাত , আঘাটপ্ৰাপ্ত ছাত্ৰী গৰাকীৰ...

চৰাইদেউ মহালক্ষীপ্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক উপৰ্যুপৰি বেত্ৰাঘাত , আঘাটপ্ৰাপ্ত ছাত্ৰী গৰাকীৰ পৰিয়ালক ১৫০০০ টকা দি মুখ বন্ধ কৰাৰ চেষ্টা প্ৰধান শিক্ষকৰ , জিলা শিশু সহায়কাৰী গোটৰ হস্তক্ষেপ

চৰাইদেউ মহালক্ষীপ্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক উপৰ্যুপৰি বেত্ৰাঘাত , আঘাটপ্ৰাপ্ত ছাত্ৰী গৰাকীৰ পৰিয়ালক ১৫০০০ টকা দি মুখ বন্ধ কৰাৰ চেষ্টা প্ৰধান শিক্ষকৰ , জিলা শিশু সহায়কাৰী গোটৰ হস্তক্ষেপ

দুৰ্নীতিৰ দৰ্পণ, চৰাইদেউ , ১৩ মাৰ্চ শুকুৰবাৰ ২০২৬ : ৰাজ্যত পুনৰ মানৱ সম্পদ সৃষ্টি কৰ্মত নিয়োজিত বেতনভোগী শিক্ষকৰ দ্বাৰা দ্বিতীয় শ্ৰেণীৰ অধ্যয়নৰত এগৰাকী ছাত্ৰীক উপৰ্যুপৰি বেত্ৰাঘাত কৰা ঘটনা পোহৰলৈ আহিছে । ঘটনাৰ বিৱৰণী মতে চৰাইদেউ জিলাৰ সাপেখাটী শিক্ষা খণ্ডৰ অধীনৰ বৰুৱাছালি মৌজাৰ অন্তৰ্গত বৰহাট আৰক্ষী থানাৰ এলেকাধীন মহালক্ষী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তিলক চন্দ্ৰ কৰ্মকাৰে যোৱা ইংৰাজী ৯ মাৰ্চৰ দিনা বিদ্যালয় খনৰ ছয় সাত গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাঠদান দিব নোৱাৰৰ বাবে বাহঁৰ এচাৰি আৰু মধ্যাহ্ন ভোজন ৰন্ধন কাৰ্যত ব্যৱহৃত ফলা খৰিয়ে মাৰকিল কৰে । প্ৰধান শিক্ষকৰ এনে অমানৱীয় আৰু দানৱীয় কায্যত দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় । ইয়াৰ পৰিপ্ৰেক্ষিতত ছাত্ৰী গৰাকীৰ ককাক গনেশ বৰগোঁহাইয়ে উক্ত দিনা খনেই ঘটনাৰ সন্দৰ্ভত স্হানীয় বৰহাট আৰক্ষী থানাত নাতিনী গৰাকীক পিঠিত , দুই ভৰিত , বাওঁ হাতত মাৰি বেয়াকৈ জখম কৰে বুলি উল্লেখ কৰি প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ এজাহাৰ দাখিল কৰে । উল্লেখ কৰা প্ৰয়োজন ১০ মাৰ্চৰ দিনা প্ৰধান শিক্ষক জন বিদ্যালয়লৈ নগৈ বৰহাট আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। ১০ মাৰ্চ তাৰিখে মহালক্ষী প্ৰাথমিক বিদ্যালয়ত অভিভাৱক অভিভাৱিকা , স্হানীয় ৰাইজ , গাঁও প্ৰধান , বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্য সদস্যাৰ উপস্হিতত প্ৰধান শিক্ষক জনৰ দানৱীয় কায্যৰ বিৰুদ্ধে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । উক্ত সভা খনত উপস্থিত থকা ৰাইজৰ একাংশই বিদ্যালয় খনৰ প্ৰধান শিক্ষক জনে উচিত শাস্তি পোৱাৰ দাবী কৰা বিপৰীতে নিদিষ্ট কেইজন মান লোকে প্ৰধান শিক্ষক জনৰ পক্ষত অৱস্থান কৰে। তাৰোপৰি প্ৰধান শিক্ষকৰ পক্ষ লোৱা কেইজনৰ দুই এজনৰ চৰকাৰী দায়িত্বও পালন কৰি আছে বুলি জানিব পৰা গৈছে । শিক্ষকৰ বেত্ৰাঘাতত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱা কণমানি ছাত্ৰী গৰাকীৰ দেউতাকে জীৱন জীৱিকাৰ তাড়নাত নাগালেণ্ডৰ মন জিলাত থকা কাঠ মিলত দীৰ্ঘ দিনৰ পৰা শ্ৰমিক হিচাপে কৰ্মৰত । ছাত্ৰী গৰাকীৰ মাক নাই সেই কাৰণে তাই চাৰি বছৰীয়া ভায়েকৰ সৈতে আইতাক আৰু ককাকৰ লগত থাকে। তাইতাক আৰু ককাকে তাইৰ লগতে ভাইয়েকক চোৱা চিতা কৰে । প্ৰধান শিক্ষক জনৰ পক্ষত অৱস্থান গ্ৰহণ কৰা পক্ষটোৱে ছাত্ৰী গৰাকীৰ ককাক গনেশ বৰগোঁহাইক শিক্ষক জনৰ বিৰুদ্ধে দিয়া এজাহাৰ উঠাই লবলৈ বিভিন্ন প্ৰকাৰে হেঁচা প্ৰয়োগ কৰে বুলি জানিব পৰা গৈছে । ফলত ১০ মাৰ্চৰ দিনা সন্ধিয়া বৰহাট আৰক্ষী থানাত দুয়ো পক্ষৰ মাজত লিখিত বুজাবুজি হয়। প্ৰধান শিক্ষক তিলক চন্দ্ৰ কৰ্মকাৰে ভৱিষ্যতলৈ এনে ধৰণৰ কাৰ্য পুনৰ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে আৰু ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে নগদ পোন্ধৰ হাজাৰ টকা ছাত্ৰী গৰাকীৰ ককাকৰ হাতত দিয়ে আৰু প্ৰয়োজন আৰু টকা দিয়াৰ আশ্বাস দিয়ে। যোৱা কালি চৰাইদেউ জিলাৰ শিশু সহায়কাৰী গোটৰ প্ৰতিনিধি দল এটা ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰী গৰাকীৰ লগতে ককাক গনেশ বৰগোঁহাইৰ উপৰিও যোৱা ১০ মাৰ্চৰ দিনা বিদ্যালয় অনুষ্ঠিত হোৱা ৰাজহুৱা সভা খনত উপস্থিত থকা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি , গাঁও প্ৰধানৰ লগতে কেইবা গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰে । উল্লেখ কৰা প্ৰয়োজন চৰাইদেউ জিলাৰ শিশু সহায়কাৰী গোটৰ প্ৰতিনিধিৰ আগত সাক্ষ্য প্ৰদান কৰাৰ পাছতে ছাত্ৰী গৰাকীৰ ককাক গনেশ বৰগোঁহাইয়ে পুনৰ প্ৰধান শিক্ষক তিলক চন্দ্ৰ কৰ্মকাৰ বিৰুদ্ধে আন এখন এজাহাৰ যোৱা কালি দাখিল কৰে । উক্ত এজাহাৰত গনেশ বৰগোঁহাইয়ে স্পষ্ট ভাৱে উল্লেখ কৰে যে ৯ মাৰ্চ তাৰিখে মহালক্ষী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তিলক চন্দ্ৰ কৰ্মকাৰৰ বিৰুদ্ধে দিয়া গোচৰ টো কিছু লোকৰ ভয় ভাবুকি আৰু প্ৰৰোচনাত পৰি যোৱা ১০ মাৰ্চ তাৰিখে আপোচ মিমাংসা কৰে যদিও উক্ত সীদ্ধান্তত তেওঁ সন্তোষ্ট নহয় আৰু সেয়েহে নাতিনীয়েকক ন্যায় দিয়াবৰ বাবে পুনৰ এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে লগতে ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে প্ৰধান শিক্ষক জনে দিয়া ১৫০০০ হাজাৰ টকা ঘূৰাই দিব বুলি সাংবাদিকৰ আগত অৱগত কৰিছে । মানৱ সম্পদ সৃষ্টি কৰ্মত নিয়োজিত বেতনভোগী শিক্ষকৰ এনে অমানৱীয় কাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে ।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular