37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমধিঙৰ মাগুৰমাৰিত প্ৰচণ্ড মাৰপিঠ, আহত এক

ধিঙৰ মাগুৰমাৰিত প্ৰচণ্ড মাৰপিঠ, আহত এক

ধিঙৰ মাগুৰমাৰিত প্ৰচণ্ড মাৰপিঠ, আহত এক
দুৰ্নীতিৰ দৰ্পণ সেৱা,ধিং, ১৪ মাৰ্চ : নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত মাগুৰমাৰিত যোৱা ১২ মার্চত এক প্ৰচণ্ড মাৰপিটৰ ফলত এজন লোক গুৰুতৰ বাবে আহত হয়। জানিব পৰা মতে,১নং কান্ধুলীমাৰি নিবাসী কদ্দুছ আলিৰ পুত্ৰ মহিবুৰ ৰহমান ঘৰৰ পৰা ধিং বজাৰলৈ যাওঁতে ইদ্দিছ আলিৰ বাস গৃহৰ সন্মুখত ইদ্দিছ আলি,মন্নাচ আলী,আজাহাৰুল ইছলাম আৰু হামেদ আলিয়ে হাতে হাতে দা কোঠাৰ আদি লৈ বাট আগুচি ধৰি বিনা কাৰণত তৰ্ক-বিতৰ্ক কৰি থকা অৱস্থাত ইদ্দিছ আলিয়ে কোঠাৰেৰে মহিবুৰ ৰহমানৰ মূৰত আঘাত কৰে।লগে লগে ৰহমানক ধিং এফ আৰ ইউত নিয়া হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাওঁ চহৰলৈ প্ৰেৰণ কৰে। ৰহমানৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে। ইয়াৰ উপৰিও দুষ্কৃকাৰীয়ে ৰহমানৰ পকেটত থকা ৫০হেজাৰ টকাও কাঢ়ি লৈ যায়।ইপিনে মহিবুৰ ৰহমানৰ ভাতৃ নুৰ মহম্মদে মাগুৰমাৰি গাঁৱৰ ইদ্দিছ আলি,মন্নাচ আলী, আজাহাৰুল ইছলাম আৰু হামেদ আলিৰ বিৰুদ্ধে ধিং থানাত এজাহাৰ দাখিল কৰে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular