বৰাক উপত্যকাত মিনি সচিবালয় ভৱনৰ উদ্বোধন
শিলচৰ পিএনচি ১৪ মাৰ্চ :: মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ নিলগৰ শ্ৰীকোনাত ১৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা মিনি সচিবালয় ভৱনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বৰাক উপত্যকাৰ কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ সচিবালয় পৰ্য্যায়ৰ কাম কাজ চোৱা চিতা কৰাৰ বাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ২০১৯ চনত এই মিনি সচিবালয় ভৱনৰ নিৰ্মাণ কাম আৰম্ভ কৰা হৈছিল। আজিৰ এই অনুষ্ঠানত বৰাক উপত্যকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰাই আৰু কৃষ্ণেন্দু পাল কে ধৰি ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা উপস্থিত আছিল।

