জনীয়া সাপ্তাহিক বজাৰত এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী, দোকানীসকলৰ মাজত হাহাকাৰ, কানসাৰ নাই জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ
দুৰ্নীতিৰ দৰ্পণ, জনীয়া, ১৪ মাৰ্চ: বৰপেটা জিলাৰ মন্দিয়া আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত জনীয়া সাপ্তাহিক বজাৰখন এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী জমা ঘটনা আজি আৰু নতুন হৈ থকা নাই৷ উক্ত সাপ্তাহিক বজাৰৰ পৰা মন্দিয়া আঞ্চলিক পঞ্চায়তে প্ৰতি বছৰেই ৰাজহ সংগ্ৰহ কৰি আহিছে অথচ বজাৰখনৰ কদয্যৰ্ময় অৱস্থাৰ ওপৰত কোনো কাৰ্যত ব্যৱস্থা লোৱা দেখা নাই৷ মন্দিয়া আঞ্চলিক পঞ্চায়তৰ সোপাঢিলা আৰু অজ্ঞতাৰ বাবে জনীয়া সাপ্তাহিক বজাৰখনো সংকুচিত হৈ পৰিছে৷ যিখন বজাৰৰ পৰা আঞ্চলিক পঞ্চায়ত তথা মন্দিয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ তৰফৰ পৰা ৰাজহ সংগ্ৰহ কৰিব জানে তেনেস্থলত বজাৰখনৰ উন্নয়নৰ কথা নভবাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে সচেতন মহলে৷ এনেদৰে মাহৰ পিছত মাহ যদি বজাৰখন পানীত ডুব গৈ থাকে তেন্তে খাজনা আদায় দিবলৈ অনিচ্ছুক হ’ব বুলিও হুংকাৰ দিছে একাংশ দোকানী-ব্যৱসায়ীয়ে৷ সেইয়ে শীঘ্ৰে জনীয়া সাপ্তাহিক বজাৰখনৰ সমস্যা দূৰ কৰি বজাৰ দোকানী, ক্ৰেতা-বিক্ৰেতাৰ সুবিধা সুচল কৰি দিবলৈ দাবী জনাইছে জনীয়াৰ দোকানী-অন্যান্য ব্যৱসায়ী আৰু সৰ্বসাধাৰণ ৰাইজে৷

