39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeখেলআছাম বিশ্ববিদ্যালয়ত সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় ছেপক টাক্ৰাউ চেম্পিয়নশ্বিপৰ সামৰণি

আছাম বিশ্ববিদ্যালয়ত সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় ছেপক টাক্ৰাউ চেম্পিয়নশ্বিপৰ সামৰণি

আছাম বিশ্ববিদ্যালয়ত সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় ছেপক টাক্ৰাউ চেম্পিয়নশ্বিপৰ সামৰণি
শিলচৰ, পিএন চি, ১৫ মাৰ্চঃ ক্ৰীড়াৰ ক্ষেত্ৰত সম্ভাৱনাৰ নতুন দিগন্ত মুকলি কৰি শনিবাৰে সমাপ্ত হয় সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় ছেপক টাক্ৰাউ চেম্পিয়নশ্বিপ। এইবাৰ ভাৰতীয় বিশ্ববিদ্যালয় সন্থাৰ তত্বাৱধানত অনুষ্ঠিত পুৰুষ-মহিলা উভয়ৰে বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপৰ আয়োজন কৰিছে আছাম বিশ্ববিদ্যালয়ে। শনিবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ জৰিয়তে ৮ দিনীয়া ক্ৰীড়া অনুষ্ঠানৰ সামৰণি পৰে। বিশ্ববিদ্যালয়খনৰ ইনড’ৰ ষ্টেডিয়ামত বিজয়ী দলসমূহক পুৰস্কাৰ বিতৰণ কৰে উপাচাৰ্য ৰাজীৱ মোহন পন্তই। এই উপলক্ষে উপস্থিত থকাসকলৰ ভিতৰত এ আই ইউৰ পৰ্যবেক্ষক এল দিবামণি সিং, আয়োজক সমিতিৰ অধ্যক্ষ চিৰৰঞ্জন ভট্টাচাৰ্য্য ভাৰপ্ৰাপ্ত পঞ্জীয়ক অংশুমান সেন, মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক জয়ন্ত ভট্টাচাৰ্য, বিত্ত বিষয়া শুভদীপ ধৰ, আৰু ক্ৰীড়া ব’ৰ্ডৰ সঞ্চালকৰ লগতে আয়োজক সমিতিৰ সম্পাদক এম.তিলেশ্বৰী দেৱী। এই উপলক্ষে ভাষণ দি উপাচাৰ্য অধ্যাপক পন্তে কয় যে এনে এক সন্মানীয় সৰ্বভাৰতীয় চেম্পিয়নশ্বিপ আয়োজন কৰাটো সঁচাকৈয়ে এক সপোন বাস্তৱায়িত হৈছিল। তেওঁ এই বৃহৎ পৰিসৰৰ অনুষ্ঠানটো সফলতাৰে আয়োজন কৰাৰ লগত জড়িত সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বিজয়ী দলসমূহক অভিনন্দন জনায়। পৰ্যবেক্ষক ড° এল দিবামণি সিঙেও চমু ভাষণ প্ৰদান কৰে। ধন্যবাদ জ্ঞাপনৰ প্ৰস্তাৱ আগবঢ়ায় উপ-সঞ্চালক তপোধীৰ আচাৰ্য্য। দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপত প্ৰায় ৭০০ খেলুৱৈৰ লগতে ৫০ জনতকৈ অধিক বিষয়াই অংশগ্ৰহণ কৰে। ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হোৱা মহিলাৰ প্ৰতিযোগিতাখনত বিভিন্ন বিশ্ববিদ্যালয়ৰ ১৯টা দলে অংশগ্ৰহণ কৰে। ১১ মাৰ্চৰ পৰা আৰম্ভ হোৱা পুৰুষৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ বিশ্ববিদ্যালয়সমূহক প্ৰতিনিধিত্ব কৰা মুঠ ২৮টা দলে অংশগ্ৰহণ কৰে।

RELATED ARTICLES
Lucknow
haze
38 ° C
38 °
38 °
37 %
3.1kmh
5 %
Thu
37 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular