39.4 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমঅসম সত্ৰ মহাসভাৰ অষ্টবিংশতম্ অধিৱেশনৰ সামৰণি , স্মৃতিগ্ৰন্থ 'অধ্যাত্মজ্যোতি' উন্মোচন

অসম সত্ৰ মহাসভাৰ অষ্টবিংশতম্ অধিৱেশনৰ সামৰণি , স্মৃতিগ্ৰন্থ ‘অধ্যাত্মজ্যোতি’ উন্মোচন

অসম সত্ৰ মহাসভাৰ অষ্টবিংশতম্ অধিৱেশনৰ সামৰণি , স্মৃতিগ্ৰন্থ ‘অধ্যাত্মজ্যোতি’ উন্মোচন

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ১৫ মাৰ্চ :- অসম সত্ৰ মহাসভাৰ অন্তৰ্গত মৰিগাঁও জিলা সত্ৰ মহাসভাৰ অষ্টবিংশতম্ মধ্যকালীন বাৰ্ষিক অধিৱেশনখনি কালি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। আমকটা কুমৈৰ পাহাৰত অৱস্থিত শ্ৰীশ্ৰী জগন্নাথ ধাম প্ৰাঙ্গণত অনুষ্ঠিত অনুষ্ঠানৰ মূলদ্বাৰ উন্মোচণ কৰে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মিহিৰাম বৰদলৈয়ে। মূল পতাকাৰ লগতে ২৮ খন পতাকা উত্তোলন কৰে মৰিগাঁও জিলা সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক নিত্যানন্দ দেৱ গোস্বামী আৰু আঠাইশগৰাকী আমন্ত্ৰিত বৰেণ্য ব্যক্তিয়ে। ধৰ্মধ্বজা উত্তোলন কৰে বুধেন কোঁৱৰে আৰু বন্তি প্ৰজ্বলন কৰে মৰিগাঁও গীতা সত্ৰৰ সত্ৰাধিকাৰ হৰেশ্বৰ বৰদলৈয়ে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাপন কৰে মৰিগাঁও সতী ৰাধিকা মহিলা তীৰ্থৰ সভানেত্ৰী পোণা মহন্ত আৰু সমন্বিত যুৱ তীৰ্থ মৰিগাঁও জিলা সমিতিৰ সভাপতি পিংকু মহন্তই। আনহাতে বিয়লি মৰিগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি নিত্যানন্দ দেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা। সভাত নিদিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰি ভাষণ ৰাখে অসম সত্ৰ মহাসভাৰ সভাপতি কুসুম মহন্তই। ভাষণ প্ৰসংগত মহন্তই কয় যে অসমৰ সমূহ জাতি জনগোষ্ঠীক একতাৰ বান্ধোনেৰে বান্ধি মহাপুৰুষ দুজনাই সংস্কৃতিৰ আধাৰ স্বৰূপ সত্ৰসমূহ স্থাপন কৰি থৈ গৈছে। সত্ৰ সমূহে অসমীয়া সমাজ, সংস্কৃতি তথা আধ্যত্মিক দিশৰ লগতে অসমীয়া জাতীয় জীৱনক প্ৰকৃত পথৰ সন্ধান দি যোৱা বুলি উল্লেখ কৰি লগতে কয় যে সম্প্ৰতি আমাৰ সমাজখনত দেখা দিয়া নানান অপসংস্কৃতিয়ে জাতিটোক ক্ষতি কৰিব বুলি আশংকা প্ৰকাশ কৰে । সেয়ে অনাগত সময়ত সত্ৰসমূহে সমন্বিত প্ৰচেষ্টাৰে গুৰু দুজনাৰ নীতি আদৰ্শক শিৰত লৈ সমাজখন উত্তৰণৰ দিশে আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ভাৰত চন্দ্ৰ নাথৰ সম্পাদনাত প্ৰকাশিত তথা বহুকেইগৰাকী নমস্য ব্যক্তিৰ লিখনি সমৃদ্ধ ‘অধ্যাত্মজ্যোতি’ শীৰ্ষ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত মধ্য অসমৰ সম্পাদক ভদ্ৰেশ্বৰ ডেকা, আদৰণি সমিতিৰ সাধাৰণ সম্পাদক মণি কোঁৱৰ, কাৰ্যকৰী সভাপতি মদন চন্দ্ৰ বৰদলৈ, স্মৃতিগ্ৰন্থৰ সভাপতি খগেন মহন্ত, সমন্বিত যুৱ তীৰ্থ অসমৰ সভাপতি জানমণি মহন্ত, আদৰণি সমিতিৰ সভাপতি বিপুল মেধি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ইপিনে উক্ত কাৰ্যসূচীৰ পূৰ্বে অনুষ্ঠিত সত্ৰ মহাসভাৰ প্ৰতিনিধি সভাত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহিত কৰা বুলি উদ্যক্তাসকলে জানিবলৈ দিয়ে। উল্লেখ্য যে প্ৰতিকুল বতৰৰ স্বত্তেও অনুষ্ঠানটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক ভকত বৈষ্ণৱ , আইমাতৃ আৰু স্থানীয় লোক উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
clear sky
39.7 ° C
39.7 °
39.7 °
19 %
4.2kmh
0 %
Mon
41 °
Tue
42 °
Wed
43 °
Thu
45 °
Fri
45 °

Most Popular