দুদুকলোনীত আৰক্ষীৰ অভিযানত হেৰইন উদ্ধাৰ, এজন আটক
দুৰ্নীতিৰ দৰ্পণ মইনুল হুছেইন ওঝা প্ৰতিবেদন খটখটী ১৭ মাৰ্চ :- খটখটী থানা এলেকাৰ অন্তৰ্গত দুদুকলোনীৰ উচ্ছেদস্থলীৰ এটা জপুৰি ঘৰত সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত খটখটী আৰক্ষীয়ে জাহাংগীৰ আলীৰ বাসগৃহত তালাচী চলাই ঘৰৰ ভিতৰত থকা এটা চাবুনৰ বাকচৰ পৰা প্ৰায় ১০.৫৬ গ্ৰাম হেৰইন উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা ড্ৰাগছখিনি বোকাজান মহকুমা আৰক্ষীৰ বিষয়া ৰুস্তম ৰাজ ব্ৰক্ষ্ম আৰু উপস্থিত সাক্ষীসকলৰ সন্মুখত জব্দ কৰা হয়। এই ঘটনাৰ সৈতে জড়িত অভিযোগত আৰক্ষীয়ে ইতিমধ্যে জাহাংগীৰ আলীক আটক কৰি অধিক তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, এই অভিযানটো খটখটী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত উপ-পৰিদৰ্শক অমৰ জ্যোতি গগৈ, জীৱন শইকীয়া আৰু আৰক্ষী দলৰ আন সদস্যসকলৰ সহযোগত সম্পন্ন কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোত অবৈধ ড্ৰাগছ বিৰোধী অভিযান আগন্তুক দিনতো অব্যাহত থাকিব।
দুদুকলোনীত আৰক্ষীৰ অভিযানত হেৰইন উদ্ধাৰ, এজন আটক
Lucknow
overcast clouds
43.2
°
C
43.2
°
43.2
°
19 %
5.8kmh
88 %
Sun
43
°
Mon
45
°
Tue
45
°
Wed
46
°
Thu
47
°

