তিনিটা বছৰে নিৰ্মান নহ’ল দলং। বিপদ সংকুল ভগ্ন বাহৰ দলঙেই এতিয়া ৰাইজৰ যাতায়তৰ একমাত্ৰ ভৰষা
দুৰ্নীতিৰ দৰ্পণ, ১৭ মাৰ্চ, চিৰাজুলী : বিকাশৰ শ্লোগানৰ ধাকধোল আমি যিমানেই নৱজাও কিয় ছবিয়ে সদায় সত্য কথাকেই প্ৰতীয়মান কৰে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাজুলীৰ নিকটৱৰ্তী নাহৰবাৰী গাওঁ আৰু আমতল ভেৰগাঁওৰ সংযোগী পথৰ দুৰৱস্থাৰ কথা শুনিলে হয়তো আপোনাৰ ও চকু কপালত উঠিব।দুয়োখন গাৱৰ ৰাইজৰ আহ-যাহৰ লগতে আনকি স্কুলীয়া ছাত্ৰ-ছাত্ৰীও এই ভগ্ন বাহৰ দলঙৰ ওপৰেদি নিতৌ অহা-যোৱা কৰে। উল্লেখযোগ্য যে যোৱা প্ৰায় ৩ বছৰমান আগতে বাৰিষাৰ কোবাল বাঢ়নী পানীয়ে তাত থকা পকী পুলটো উটোৱাই নিয়াত গাৱৰ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয়। আনকি বাঢ়নী পানীয়ে তাত থকা পকী পুলটো উটোৱাই নি দ পুখুৰী সদৃশ গাতৰ সৃষ্টি কৰে। বিগত বছৰত উৰ্দ্ধতন কতৃপক্ষ এই বিষয়ে জনোৱা হয় যদিও কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত নহ’ল।ফলত জীয়াতু ভুগিব লগাত পৰিছে গাঁও বাসীৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকল।যোৱা তিনিটা বছৰত এই পয়ালগা ভগ্ন বাহৰ দলঙৰ বিষয়ে বাতৰিৰ ওপৰত বাতৰি প্ৰচাৰ কৰা হ’ল। কিন্তু কোনো ধৰণৰ গা নলৰিল বিভাগীয় কতৃপক্ষৰ ।ফলত যমৰ -যন্ত্ৰনা ভুগিব লগাত পৰিছে ইয়াৰ বাসিন্দাসকলে। কোন মুহূৰ্তত কাৰ জীৱনলৈ কাল অমানিশা নামি আহে সেয়া সময়ে। ৰাইজৰ দাবী অতি শীঘ্ৰে ইয়াৰ এটা সু-ব্যৱস্থা কৰি দিয়ে।

