তিনিচুকীয়া নিৰ্বাচনী জিলাত নিৰ্বাচনী প্ৰচাৰ সামগ্ৰীৰ মুদ্ৰণ আৰু প্ৰকাশৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১৯ মাৰ্চঃ সমাগত বিধানসভা নিৰ্বাচন-২০২৬ৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলা নিৰ্বাচনী বিষয়াই নিৰ্বাচনী সামগ্ৰীৰ মুদ্ৰণ আৰু প্ৰকাশ নিয়ন্ত্ৰণৰ বাবে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৭এ অনুসৰি এক নিৰ্দেশনা জাৰি কৰিছে। উক্ত নিৰ্দেশনা অনুসৰি কোনো প্ৰিণ্টিং প্ৰেছে প্ৰকাশকৰ পৰা নিৰ্ধাৰিত প্ৰ-পত্ৰত এক ঘোষণা-পত্ৰ লাভ কৰাৰ পিছতহে নিৰ্বাচনী প্ৰচাৰ পত্ৰিকা, পোষ্টাৰ বা অনুৰূপ সামগ্ৰী মুদ্ৰণ কৰিব পাৰিব। ঘোষণা-পত্ৰখন প্ৰকাশকে স্বাক্ষৰ কৰা হ’ব লাগিব আৰু দুজন সাক্ষীৰ দ্বাৰা প্ৰত্যায়িত হ’ব লাগিব। প্ৰতিটো মুদ্ৰিত নিৰ্বাচনী সামগ্ৰীত মুদ্ৰক আৰু প্ৰকাশকৰ নাম আৰু সম্পূৰ্ণ ঠিকনা স্পষ্টকৈ উল্লেখ থাকিব লাগিব। লগতে, প্ৰতিটো মুদ্ৰিত নিৰ্বাচনী সামগ্ৰীৰ একোখনকৈ প্ৰতিলিপি ঘোষণা-পত্ৰসহ মুদ্ৰণৰ পিছত নিৰ্দিষ্ট সময়ৰ ভিতৰত জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব লাগিব। এই নিৰ্দেশ উলংঘা কৰিলে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৭এ অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱা হৈছে। এই নিৰ্দেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে।

