31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমবিশ্বনাথত নিৰ্বাচনী পৰ্যবেক্ষক অমিত সিং বাঞ্চালৰ নিৰ্বাচনী কোষৰ ভাৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ লগত...

বিশ্বনাথত নিৰ্বাচনী পৰ্যবেক্ষক অমিত সিং বাঞ্চালৰ নিৰ্বাচনী কোষৰ ভাৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ লগত পৰ্যালোচনা বৈঠক

বিশ্বনাথত নিৰ্বাচনী পৰ্যবেক্ষক অমিত সিং বাঞ্চালৰ নিৰ্বাচনী কোষৰ ভাৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ লগত পৰ্যালোচনা বৈঠক

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ১৯ মাৰ্চঃ সমাগত বিধানসভা নিৰ্বাচন ২০২৬ৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল’বলৈ আজি নিৰ্বাচনী পৰ্যবেক্ষক, নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক আৰু নিৰ্বাচনী আৰক্ষী পৰ্যবেক্ষক তিনিও গৰাকী বিশ্বনাথত এক বিশেষ পৰ্যালোচনা সভাত মিলিত হয়৷ বিয়লি ৪ বজাত জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা সভাত উপস্থিত থাকি বিশ্বনাথ নিৰ্বাচনী জিলাৰ তিনিওটা বিধানসভা সমষ্টি ক্ৰমে ৭০ নং বিশ্বনাথ, ৭১ নং বিহালী (অনুসূচীত জাতি) আৰু ৭২ নং গহপুৰ বিধানসভা সমষ্টিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়ুক্তই নিৰ্বাচনী পৰ্যবেক্ষক হিচাবে নিয়োগ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া অমিত সিং বাঞ্চালে বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত, বিশ্বনাথ নিৰ্বাচন জিলাৰ গুৰুত্বপূৰ্ণ কোষসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ৰাজনৈতিক দল সমূহৰ প্ৰতিনিধি সকলৰ সৈতেও বৈঠকত মিলিত হয়৷ উল্লেখ্য যে সমাগত ৯ এপ্ৰিল, ২০২৬ তাৰিখে অসমৰ অন্যান্য বিধানসভা সমষ্টিৰ লগতে বিশ্বনাথ নিৰ্বাচনী জিলাৰ তিনিওটা বিধানসভা সমষ্টিতো ভোটগ্ৰহণ সম্পন্ন হ’ব৷ সেই উদ্দেশ্যে নিৰ্বাচনী পৰ্যবেক্ষক গৰাকীয়ে আজি নিৰ্বাচনী জিলাখনৰ আদৰ্শ আচৰণ বিধি(এমচিচি), পাৰ্ছনেল আৰু প্ৰশিক্ষণ কোষ, সংবাদ মাধ্যম প্ৰমাণীকৰণ আৰু নিৰীক্ষণ সমিতি(এমচিএমচি), নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণ কোষ, পৰিবহণ কোষ, সংবাদ মাধ্যম আৰু প্ৰচাৰ, পোষ্টেল বেলট আদি গুৰুত্বপূৰ্ণ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীসকলৰ লগত মিলিত হৈ কোষ সমূহৰ প্ৰস্তুতি আৰু অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে বুজ লয়৷ নিৰ্বাচনী পৰ্যবেক্ষক গৰাকীয়ে নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলক কঢ়িয়াই নিব লগা বাহন সমূহৰ তথ্য, ভোট কেন্দ্ৰ সমূহৰ অৱস্থান আৰু সুৰক্ষা আঁচনি, ভোট গ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী সকলৰ যাৱতীয় প্ৰশিক্ষণ তথা নিৰ্বাচন জিলাখনত আচৰণ বিধি বলবৎ সম্পৰ্কেও পৰ্যালোচনা কৰে৷ আজিৰ এই বিশেষ পৰ্যালোচনা বৈঠকত নিৰ্বাচনী পৰ্যবেক্ষক গৰাকীৰ লগত উপস্থিত থাকে নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক তথা ভাৰতীয় ডাক আৰু দুৰসংযোগ গণনা আৰু বিত্ত সেৱাৰ জ্যেষ্ঠ বিষয়া প্ৰদীপ কুমাৰ শুক্লা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা আৰক্ষী পৰ্যবেক্ষক হিমাংশু শংকৰ ত্ৰিবেদী৷ নিৰ্বাচনী পৰ্যবেক্ষক অমিত কুমাৰ বাঞ্চালে পৰ্যালোচনাৰ অন্তত বিশ্বনাথ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৭০ নং বিশ্বনাথ, ৭১ নং বিহালী (অনুসূচীত জাতি) আৰু ৭২ নং গহপুৰ বিধানসভা সমষ্টিৰ বাবে প্ৰস্তুত কৰি তোলা তিনিওটা ষ্ট্ৰংৰুম পৰিদৰ্শন কৰে৷ আজিৰ এই বিশেষ পৰ্যালোচনা বৈঠকত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াৰ উপৰিও, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কোঁৱৰ, বিশ্বনাথৰ আৰক্ষী অধীক্ষক অজাগৌৰাণ বসুমতাৰী, আইটিবি(ডিএফচি)ৰ কমাণ্ডেণ্ট পংকজ কুমাৰ বাৰ্মা, বিহালী সম-জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰ, অতিৰিক্ত জিলা আয়ুক্ত সকল ক্ৰমে অমৃত প্ৰভা দাস, অসীম বৰগোহাঁই, চম্পক ডেকা, গহপুৰ সম-জিলা আয়ুক্ত আদিত্য প্ৰতাপ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক দেবৰ্ষি চৌধুৰী, বিহালী সম-জিলা আৰক্ষী অধীক্ষক গৌৰৱ ভট্টাচাৰ্য, গহপুৰ সম-জিলা আৰক্ষী অধীক্ষক দন্দিৰাম বৰা, নিৰ্বাচনী বিষয়া ধীমান হাজৰিকা, চক্ৰ বিষয়াসকল ক্ৰমে জাহ্নৱী সোণোৱাল, সুনাম দাস, সহকাৰী আয়ুক্ত সকল প্ৰমুখ্যে বিষয়া আৰু নিৰ্বাচনী কোষৰ ভাৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল৷

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular