39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeখেলখে’ল ইণ্ডিয়া অস্মিতা সাঁতোৰ লীগ: প্ৰথম দিনা ২০০ মহিলা সাঁতোৰবিদৰ অংশগ্ৰহণ, ২০টা...

খে’ল ইণ্ডিয়া অস্মিতা সাঁতোৰ লীগ: প্ৰথম দিনা ২০০ মহিলা সাঁতোৰবিদৰ অংশগ্ৰহণ, ২০টা ইভেণ্ট সফলভাৱে সম্পন্ন

খে’ল ইণ্ডিয়া অস্মিতা সাঁতোৰ লীগ: প্ৰথম দিনা ২০০ মহিলা সাঁতোৰবিদৰ অংশগ্ৰহণ, ২০টা ইভেণ্ট সফলভাৱে সম্পন্ন

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ২১ মাৰ্চ: খে’ল ইণ্ডিয়াৰ অধীনত অনুষ্ঠিত অস্মিতা সাঁতোৰ লীগ (পূৰ্বোত্তৰ ক্ষেত্ৰ)ৰ প্ৰথম দিনটোত প্ৰায় ২০০ গৰাকী মহিলা সাঁতোৰবিদে অংশগ্ৰহণ কৰি সৰুসজাইস্থিত ড০ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত প্ৰতিযোগিতামূলক পৰিৱেশ অনুষ্ঠিত হয়৷ মুঠ ৪০টা ইভেণ্টৰ ভিতৰত প্ৰথম দিনা ২০টা ইভেণ্ট সফলভাৱে সম্পন্ন কৰা হয়৷ অসম সাঁতোৰ সংস্থাৰ প্ৰচাৰ সচিব মুকুটেশ্বৰ গোস্বামীয়ে জনোৱা মতে, পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ উপৰিও বিহাৰ, ওডিশা, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ দলসমূহেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উচ্চ মানৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়৷ প্ৰতিটো ইভেণ্টৰ পৰা শীৰ্ষ ৪গৰাকী সাঁতোৰবিদক আগন্তুক আহমেদাবাদত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় স্তৰৰ অস্মিতা সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰা হ’ব৷ ইয়াৰ পূৰ্বে, প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চুইমিং ফেডাৰেচন অফ ইণ্ডিয়াৰ উপসভাপতি তথা অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে৷ বক্তব্য ৰাখি ৰঞ্জন দাসে মহিলা খেলুৱৈসকলক উৎসাহিত কৰি ক্ৰীড়াত তেওঁলোকৰ অংশগ্ৰহণ বঢ়োৱাৰ ক্ষেত্ৰত অস্মিতা লীগে বিশেষ উদ্যোগ আৰু গুৰুত্ব আৰোপ কৰা হৈছে৷ প্ৰথম দিনৰ প্ৰতিযোগিতাসমূহ টুৰ্নামেণ্ট ডিৰেক্টৰ চন্দন জ্যোতি ফুকনৰ তত্ত্বাৱধানত সুচাৰুৰূপে পৰিচালনা কৰা হয়৷ বিজয়ী খেলুৱৈসকলক মানপত্ৰ বিতৰণ কৰে অসম সাঁতোৰ সংস্থাৰ জেষ্ঠ কৰ্মকৰ্তা প্ৰনৱ বৰঠাকুৰ, কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক নৱজ্যোতি গগৈ প্ৰমুখ্যে উপস্থিত বিশিষ্ট অতিথিসকলে৷ এই লীগখন পূৰ্বোত্তৰৰ বিভিন্ন অঞ্চলৰ মহিলা সাঁতোৰবিদসকলৰ বাবে এক শক্তিশালী মঞ্চ হিচাপে পৰিগণিত হৈছে৷

RELATED ARTICLES
Lucknow
haze
38 ° C
38 °
38 °
37 %
3.1kmh
5 %
Thu
37 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular