39.1 C
New Delhi
Wednesday, April 22, 2026
spot_img
Homeৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয় সংকটৰ সময়ত প্ৰস্তুতিপৰ্বৰ বাবে ভাৰতীয় সেনা আৰু ৰেলৱেৰ মাজত গুৱাহাটীত গুৰুত্বপূৰ্ণ...

ৰাষ্ট্ৰীয় সংকটৰ সময়ত প্ৰস্তুতিপৰ্বৰ বাবে ভাৰতীয় সেনা আৰু ৰেলৱেৰ মাজত গুৱাহাটীত গুৰুত্বপূৰ্ণ মত বিনিময় বৈঠকৰ আয়োজন

ৰাষ্ট্ৰীয় সংকটৰ সময়ত প্ৰস্তুতিপৰ্বৰ বাবে ভাৰতীয় সেনা আৰু ৰেলৱেৰ মাজত গুৱাহাটীত গুৰুত্বপূৰ্ণ মত বিনিময় বৈঠকৰ আয়োজন
মালিগাঁও,পিএন চি, ১৯ মাৰ্চ: উত্তৰ-পূর্ব্বাঞ্চলক সম্পূৰ্ণৰূপে সামৰি লোৱা ভাৰতীয় সেনাৰ সৰ্ববৃহৎ কমাণ্ড ইষ্টার্ণ কমাণ্ডৰ ১০১ এৰিয়া আৰু ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ অধীনত ১৮ মাৰ্চ, ২০২৬ তাৰিখে গুৱাহাটীত এক উচ্চ পৰ্যায়ৰ পৰিস্থিতি পৰিকল্পনা অনুশীলনৰ এক মত বিনিময় বৈঠক সফলতাৰে সম্পন্ন হয়। এই বৈঠকত ভাৰতীয় সেনা আৰু উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ উচ্চ পদস্থ বিষয়াবৰ্গই অংশগ্ৰহণ কৰি জৰুৰীকালীন ৰাষ্ট্ৰীয় পৰিস্থিতিৰ সময়ত সমন্বয় আৰু প্ৰস্তুতিপৰ্বক শক্তিশালী কৰাৰ বাবে মত বিনিময় কৰে। এই বৈঠকত উভয় সংস্থাৰ পাৰস্পৰিক শক্তিৰ মূল্যায়ন আৰু উপলব্ধ সম্পদৰ সৰ্বোত্তম ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকখনৰ মূল উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় সংকটৰ সময়ত, বিশেষকৈ কৌশলগতভাৱে সংবেদনশীল ইষ্টাৰ্ণ চেক্টৰত দ্ৰুত আৰু সমন্বিত সঁহাৰি নিশ্চিত কৰাৰ বাবে পৰিচালন পদ্ধতিসমূহক সুসংগত কৰা। উক্ত বৈঠকত অংশগ্ৰহণকাৰীসকলে বিভিন্ন সম্ভাৱ্য পৰিচালনগত পদ্ধতিসমূহ শক্তিশালী কৰাৰ ওপৰত বিস্তৃত আলোচনা কৰে। বিশেষভাৱে দ্বৈত-ব্যৱহাৰযোগ্য আন্তঃগাঁথনি বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি লজিষ্টিক ক্ষমতা বৃদ্ধি কৰাৰ লগতে সম্পদৰ যৌথ অংশীদাৰীত্বৰে চৰকাৰী ব্যয় যাতে উল্লেখযোগ্য ৰাহি কৰিব পৰা যায় তাৰ ওপৰত মত বিনিময় কৰে। উত্তৰ-পূৱ সীমান্ত ৰেলৱে, ইষ্টাৰ্ণ কমাণ্ড আৰু সেনা মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গই এই বৈঠকত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অন্তৰ্দৃষ্টি আৰু সৰ্বোত্তম অনূশীলনসমূহৰ ওপৰত মত বিনিময় কৰে যাতে উভয় সংস্থাৰ মাজত সমন্বয় উন্নত হয়। এই অনুশীলনে সমগ্ৰ অংশগ্ৰহণকাৰী সকলোৰ মাজত সহযোগিতাৰ মূল ক্ষেত্ৰসমূহ চিনাক্ত কৰাত সহায় কৰাৰ লগতে সঁহাৰিজনক কৌশলসমূহক সু সংগঠিত কৰি তুলিছে। এই যুটীয়া পদক্ষেপে সকলো অংশগ্ৰহণকাৰী সংস্থাৰ মাজত আত্মবিশ্বাস সুদৃঢ় কৰাৰ লগতে ভাৰতীয় সেনা আৰু ভাৰতীয় ৰেলৱেৰ মাজত অবিৰত সমন্বয়ৰ বাবে এক শক্তিশালী পদ্ধতিকেই প্ৰতিষ্ঠা কৰিছে। এনে সমন্বিত প্ৰচেষ্টাই ৰাষ্ট্ৰীয় গুৰুত্বৰ সময়ত আৰু জৰুৰীকালীন পৰিস্থিতিত দক্ষ আৰু একত্ৰিত সঁহাৰি নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

RELATED ARTICLES
Lucknow
dust
41 ° C
41 °
41 °
11 %
7.7kmh
2 %
Wed
43 °
Thu
44 °
Fri
45 °
Sat
45 °
Sun
45 °

Most Popular