40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমঘটনাস্থলী পৰিদৰ্শন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰ্মিত সিঙে

ঘটনাস্থলী পৰিদৰ্শন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰ্মিত সিঙে

ঘটনাস্থলী পৰিদৰ্শন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰ্মিত সিঙে

মাৰ্ঘেৰিটা, ২৩ মাৰ্চ: ২২ মাৰ্চ দেওবাৰৰ পুৱতি নিশা সংযুক্ত মুক্তি বাহিনী অসম, থোৰতে আলফা (স্বাধীন)ৰ এটা গোটৰ দ্বাৰা ১০ মাইলস্থিত অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ শিবিৰত অতৰ্কিতে হোৱা আক্ৰমণৰ পিছত সোমবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰ্মিত সিঙে৷ ঘটনাস্থলীত উপস্থিত হৈ সঞ্চালক প্ৰধান গৰাকীয়ে কামাণ্ডো শিবিৰ পৰিদৰ্শন কৰি ঘটনাৰ বুজ লয়৷ ঘটনাটোত গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত চাৰিজন কামাণ্ডো জোৱানৰ ভিতৰৰ তিনিজন জোৱানৰ অতি শীঘ্ৰে অস্তুপ্ৰসাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰু অন্য এগৰাকী জোৱানক সংকটজনক অৱস্থাত উচ্চ চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে৷ উল্লেখযোগ্য যে আলফা (স্বাধীন)ৰ গোটে কৰা এই আকস্মিক আক্ৰমণত কামাণ্ডো জোৱানৰ শিবিৰত নিক্ষেপ কৰা হয় আৰ, পি, জি, নামৰ শক্তিশালী বোমা আৰু ধাৰাসাৰ গুলীবৰ্ষণ ৷ প্ৰত্যুত্তৰত কমাণ্ডােৰ জোৱান সকলেও আলফা (স্বাধীন)ৰ গোটলৈ লক্ষ্য কৰি গুলী চালনা কৰে৷ দেওবাৰৰ পুৱতি নিশা প্ৰায় ২মান বজাত সংঘটিত হোৱা এই সংঘৰ্ষ প্ৰায় ত্ৰিশ মিনিটৰলৈকে চলিছিল বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে৷ এই সমগ্ৰ ঘটনাৰ পাছত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদ মাধ্যমত কোনো সংগঠনৰ নাম নোলোৱাকৈ এনে ঘটনা কেতিয়াও কাম্য নহয় আৰু ইয়াৰ দ্বাৰা অসম তথা অসমীয়াৰ কোনো লাভ নহয় বুলি মন্তব্য প্ৰদান কৰে আৰু ঘটনা সন্দৰ্ভত আবশ্যকীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷ আটাইতকৈ উল্লেখনীয় দিশটো হল যে, যদিওবা আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে এই আক্ৰমণৰ ঘটনাত কোনো সংগঠনৰ নাম নিজৰ মন্তব্যত উল্লেখ কৰা নাই, ইয়াৰ বিপৰীতে কিন্তু এই আক্ৰমণৰ ঘটনা সংঘঠিত কৰা বুলি সম্পূৰ্ণ দায়িত্ব বহন কৰি সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ সম্পাদক মেজৰ নিৰ্ণয় অসমৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিজ্ঞপ্তি প্ৰচাৰৰ বাবে সংবাদ মাধ্যম সমূহলৈ প্ৰেৰণ কৰে৷

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular