38.1 C
New Delhi
Saturday, April 18, 2026
spot_img
Homeঅসমজাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিহুনাচ আৰু বিহুবাদ্যৰ কৰ্মশালা

জাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিহুনাচ আৰু বিহুবাদ্যৰ কৰ্মশালা

জাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিহুনাচ আৰু বিহুবাদ্যৰ কৰ্মশালা

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২৩ মাৰ্চ:- বিহু আমাৰ সংস্কৃতি। উঠি অহা প্ৰজন্মক শুদ্ধ ৰূপত বিহুৰ চৰ্চা কৰাব লাগিব। সেইবাবে বিহু কৰ্মশালাৰ প্ৰয়োজন।”– জাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাই বিষ্ণুৰাভা বিহুতলীত আজিৰেপৰা অনুষ্ঠিত কৰা বিহুনাচ আৰু বিহুবাদ্যৰ কৰ্মশালা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এনেদৰে মন্তব্য কৰে জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ উপ-সভাপতি তথা জাগী ভকগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি সুমিত্ৰা ডেকাই। অনুষ্ঠানৰ আৰম্ভণিতে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শিৱ দাসে একবিংশ শতিকাৰ ক্ষণজন্মা শিল্পী তথা হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে। অনুষ্ঠানত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হীৰক জ্যোতি নাথ, জাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ হাজৰিকা প্ৰমুখ্যে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে। আনহাতে কৰ্মশালাত প্ৰশিক্ষক ৰূপে লতাশিল বিহু ২০২৪ ৰ বিহু সম্ৰাজ্ঞী শিৰোশ্ৰী শইকীয়া, বিহুৱতী প্ৰশিক্ষক জয়াৰাণী ডেকা, বিহুৱা বিশ্বজ্যোতি চেতীয়া, সঞ্জয় বৰা, দীপমণি শইকীয়া, মনোজ ডেকা আৰু মুকুন্দ দাসে অংশগ্ৰহণ কৰে। পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাৰ প্ৰথম দিনা অৰ্থাৎ আজি অঞ্চলৰ ডেৰশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

RELATED ARTICLES
Lucknow
haze
36 ° C
36 °
36 °
23 %
4.1kmh
72 %
Sat
36 °
Sun
45 °
Mon
41 °
Tue
43 °
Wed
44 °

Most Popular